ভাৰতীয়সকল এতিয়া ৰে’ল(Indian Railway) ভ্ৰমণৰ ক্ষেত্ৰত আগতকৈ অধিক সুৰক্ষিত হৈ পৰিছে। ইয়াৰ বাবে বিগত দশকৰ সুচিন্তিত পদক্ষেপৰ গুৰুত্বপূ ফলাফলসমূহ আজি অনুধাবন কৰিব পৰা হৈছে।
এয়া বিশেষভাৱে প্ৰশংসনীয় কথা যে ভাৰততকৈ কোনো দেশে ৰে’লৰ জড়িয়তে অধিকলোক কঢ়িয়াই নিব নোৱাৰে। ভাৰতীয় বছৰি ১ লাখ কোটিৰো অধিক যাত্ৰী কিলোমিটাৰ (পিকেএম) আৰু বছৰি প্ৰায় ৬৮৫ কোটি যাত্ৰী কঢ়িয়াই নিয়াৰ অভিলেখ গঢ়িছে।
এই কৃতিত্ব অতুলনীয়, আনকি আমাৰ চুবুৰীয়া চীনেও দেশ খনৰ অধিক বিস্তৃত ৰে’ল নেটৱৰ্ক আৰু তুলনামূলকভাবে বিশাল জনসংখ্যা থকা স্বত্বেও ভাৰতৰ তুলনাত প্ৰায় আধাসংখ্যক যাত্ৰী (বছৰি প্ৰায় ৩০০ কোটি) পৰিবহণ কৰিছে। ভাৰতীয় ৰে’লত সুৰক্ষাৰ লক্ষ্যণীয় উন্নতিৰ প্ৰমাণ হিচাপে কব পাৰি যে দেশত এতিয়া ৰে’ল দুৰ্ঘটনাৰ সংখ্যা যথেষ্ট হ্ৰাস পাইছে।
২০০০-০১ চনত ৪৭৩টা ৰে’ল দুৰ্ঘটনা সংঘটিত হৈছিল যদিও ২০২৩-২৪ বৰ্ষত এনে দুৰ্ঘটনাৰ সংখ্যা ৪০ টালৈ লৈ হ্ৰাস পাইছে। এই প্ৰগতি হৈছে ট্ৰেক উন্নত কৰা, মানৱবিহীন লেভেল ক্ৰছিং আঁতৰ কৰা, নিয়মীয়াকৈ দলঙৰ অৱস্থা নিৰীক্ষণ কৰা আৰু ষ্টেচনবোৰ ডিজিটালাইজড কৰাৰ বাবে গ্ৰহণ কৰা কেন্দ্ৰীভূত প্ৰচেষ্টাৰ বাবে।
যাত্ৰীৰ সংখ্যা আৰু অন্তৰ্ভুক্ত ট্ৰেকৰ দৈৰ্ঘ্য্য বিবেচনা কৰিলে এনে সাফল্যসমূহ আৰু অধিক আকৰ্ষণীয় ৰূপত ধৰা দিয়ে। দেশত এতিয়া প্ৰতিদিনে গড়ে ২ কোটিৰো অধিক লোকে ৭০,০০০ ৰুটকিলোমিটাৰ (আৰকেএম) দৈৰ্ঘ্য্যৰ ৰে’ল নেটৱৰ্ক অতিক্ৰম কৰি আহিছে। বিশেষ ঋতুত এই সংখ্যা প্ৰতিদিনে ৩ কোটিত উপনীত হয়, যাৰ ফলত আন এক বিশ্ব অভিলেখৰ সৃষ্টি হৈছেþ।
এই কথাৰ কাৰ্যকৰী অৰ্থ হৈছে এয়াই যে ভাৰতে প্ৰতিদিনে দেশ খনৰ জনসংখ্যাৰ প্ৰায় ২ক্ম লোকক ৰে’লেৰে সুৰক্ষিতভাৱে পৰিবহণ কৰি আহিছে, চীনত এই হাৰ মাত্ৰ ০.৫৮ক্ম আৰু আমেৰিকা যুক্তৰাষ্ট্ৰত ০.০৯ক্ম।
ভাৰতীয় ৰে’লৰ বাবে, যাত্ৰীসকলৰ সুৰক্ষা হৈছে প্ৰধান অগ্ৰাধিকাৰৰ বিষয়। ভাৰতীয় ৰে’লে ২০২৩-২৪ বৰ্ষত সুৰক্ষা সম্পৰ্কীয় প্ৰকল্পত ১ লাখ কোটি টকাৰো অধিক ধন বিনিয়োগ কৰিছে। চলিত বিত্তীয় বৰ্ষত আৰু অধিক ব্যয়ৰ পৰিকল্পনা কৰা হৈছে। ইয়াৰ অৰ্থ হৈছে ৰে’লৰ প্ৰয়োজনীয় ৰক্ষণাবেক্ষণ, দলং, ট্ৰেক আৰু চিগনেলিং প্ৰণালীৰ উন্নতি সাধনৰ লগতে ৰে’লপথৰ কাষত থকা পথত আণ্ডাৰ আৰু অভাৰ ব্ৰীজ নিৰ্মাণৰ জৰিয়তে ট্ৰেকৰ ওচৰত পথ সুৰক্ষা উন্নত কৰা হৈছে।
ৰে’ল সুৰক্ষা সম্পৰ্কীয় পদক্ষেপৰ বাবেই দেশত প্ৰতি নিযুত ৰে’ল কিলোমিটাৰ (এপিএমটিকে) ত দুৰ্ঘটনাৰ সংখ্যা ২০০০-০১ চনত ০.৬৫ৰ পৰা ২০২৩-২৪ বৰ্ষত ০.০৩ লৈ হ্ৰাস পাইছে। ইয়াৰ কাৰণ হৈছে অত্যাধুনিক ট্ৰেক ৰক্ষণাবেক্ষণ ব্যৱস্থা তথা নৱীকৃত যন্ত্ৰ আদিৰ ব্যৱহাৰেৰে ট্ৰেকৰ ৰক্ষণাবেক্ষণ, ট্ৰেকৰ ত্ৰুটি নিৰ্ধাৰণৰ উন্নত পদ্ধতি, ৱেল্ডিঙত হোৱা বিসংগতি দূৰ কৰা আদি। ভাৰতীয় ৰে’লৱেই আধুনিক ট্ৰেক ৰক্ষণাবেক্ষণ যন্ত্ৰৰ ব্যৱহাৰ যথেষ্ট বৃদ্ধি কৰিছে।
ভাৰতীয় ৰে’লে ট্ৰেকৰ ৰক্ষণাবেক্ষণ উন্নত কৰাৰ বাবে ২০১৩-১৪ বৰ্ষলৈকে মাত্ৰ ৭০০ ট্ৰেক ৰক্ষণাবেক্ষণ যন্ত্ৰৰ তুলনাত এতিয়া ইয়াৰ সংখ্যা ১,৬৬৭ লৈ বৃদ্ধি কৰিছে। ইয়াৰ উপৰি সম্পদৰ নিৰ্ভৰযোগ্যতা অধিক বৃদ্ধি কৰাৰ অৰ্থে সমগ্ৰ নেটৱৰ্কত ৰে’ল গ্ৰাইণ্ডিং কাৰ্যকৰী কৰা হৈছে।
তদুপৰি, দুৰ্বৃত্তৰ কাৰ্যকলাপ প্ৰতিহত কৰিবলৈ বিশেষকৈ ধ্বংসাত্মক কাৰ্য, ট্ৰেকৰ ক্ষতিগ্ৰস্ত কৰা, আৰু বিপজ্জনক সামগ্ৰী ট্ৰেকত স্থাপন কৰাৰ দৰে বিপদসমূহ সমাধানৰ বাবে নিৰন্তৰ ট্ৰেক পেট্ৰ’লিঙৰ ব্যৱস্থা কৰা হৈছে। ৰে’ল পৰিচালনাৰ ক্ষেত্ৰত সুৰক্ষা প্ৰতি গুৰুতৰ বিপদাশংকা সৃষ্টি কৰা বিষয়সমূহ মোকাবিলা কৰাৰ প্ৰচেষ্টা হাতত লোৱা হৈছে।
এই ফলাফলবোৰ অক্ষুণ্ণ ৰাখিবলৈ আৰু সেইবোৰক অধিক উন্নত কৰিবলৈ প্ৰযুক্তিগত হস্তক্ষেপ আৰু লক্ষ্যযুক্ত প্ৰশিক্ষণৰ এক মিশ্ৰিত ব্যৱস্থা গ্ৰহণ কৰা হৈছে। তেনে পদক্ষেপৰ এটা মূল বিষয় হৈছে কুঁৱলীপ্ৰৱণ এলেকাবোৰ চিনাক্ত কৰাত সহায় কৰিবলৈ লোকো পাইলটসকলৰ বাবে জিপিএছ-আধাৰিত ফগ পাছ সঁজুলিৰ সংখ্যা বৃদ্ধি কৰা; তেনে সঁজুলিৰ সংখ্যা এতিয়া ২১,৭৪২ হৈছে। ২০১৪-১৫ বৰ্ষত তেনে সঁজুলিৰ সংখ্যা মাত্ৰ ৯০টা আছিল।
লোকো পাইলটৰ সতৰ্কতা বৃদ্ধি কৰাৰ বাবে সকলো লোকোমোটিভত ভিজিলেন্স কণ্ট্ৰোল ডিভাইচ (ভিচিডি) স্থাপন কৰা হৈছে, যি ২০১৩-১৪ বৰ্ষত ১০,০০ তকৈ কম আছিল আৰু বৰ্তমান সেই সংখ্যা ১৬,০২১টা লৈ বৃদ্ধি কৰা হৈছে। উন্নত চিগনেলিং চিষ্টেম, যেনে পেনেল ইণ্টাৰলকিং, ৰুট ৰিলে ইণ্টাৰলকিং আৰু ইলেক্ট্ৰনিক ইণ্টাৰলকিং ব্ৰড-গজ পথৰ ৬,৬৩৭টা ষ্টেচনৰ ভিতৰত ৬,৫৭৫ টা ষ্টেচনত প্ৰদান কৰা হৈছে।
ইয়াৰ উপৰি লোকো-পাইলটসকলে এতিয়া ড্ৰাইভিং দক্ষতা বৃদ্ধি কৰিবলৈ চিমুলেটৰ-আধাৰিত প্ৰশিক্ষণ (ক্ষেত্ৰভিত্তিক অভিজ্ঞতাৰ আধাৰত) গ্ৰহণ কৰিছে। আনহাতে ফ্ৰণ্ট লাইনকৰ্মচাৰীসকলে অগ্নি নিৰ্বাপনৰ কৌশল আৰু অগ্নি নিৰ্বাপক যন্ত্ৰৰ ব্যৱহাৰৰ প্ৰশিক্ষণ লাভ কৰিছে। সামগ্ৰিকভাৱে, ২০২৩-২৪ বৰ্ষত ৬ লাখৰো অধিক ৰে’ল কৰ্মচাৰীয়ে বিভিন্ন ধৰণৰ প্ৰশিক্ষণ আদি লাভ কৰিছে।
মানৱ সুৰক্ষাৰ উপৰি ভাৰতীয় ৰে’লৱেই ২০২৪-২৫ বৰ্ষত ট্ৰেকৰ কাষত ৬,৪৩৩ কিলোমিটাৰ বেৰ স্থাপন কৰি বন্যপ্ৰাণী আৰু পশুধন সুৰক্ষাৰ দিশটো টনকিয়াল কৰিছে। ২০২৪ চনৰ আগষ্ট মাহলৈকে এনে বেৰ ১,৩৯৬ কিলোমিটাৰ সম্পূৰ্ণ হোৱাৰ লগতে এই পথবোৰত গৰুৰ সৈতে হোৱা ৰে’লৰ সংঘৰ্ষৰ ঘটনা যথেষ্ট হ্ৰাস পাইছে।
এই পদক্ষেপবোৰৰ পৰিপূৰক হিচাপে দবা বোৰ এলএইচবি দবালৈ পৰিৱৰ্তন কৰা হৈছে, যিবোৰত দুৰ্ঘটনাৰ ক্ষতি হ্ৰাস কৰিব পৰা বৈশিষ্ট্য আছে, যাৰ ফলত এনে দবাবোৰ লাইনচ্যুত হোৱাৰ সম্ভাৱনা হ্ৰাস পাইছে আৰু যাত্ৰীসকল আঘাতপ্ৰাপ্ত হোৱাৰ আশংকাও হ্ৰাস পাইছে।
দুৰ্ঘটনা সংঘটিত হ’লে সংঘৰ্ষত ইটো দবা সিটোৰ ওপৰত উঠি যোৱাৰ ঘটনা হ্ৰাস কৰাৰ বাবে প্ৰস্তুত কৰা এই দবাবোৰ প্ৰতি ঘণ্টাত ১৬০ কিলোমিটাৰ লৈকে গতিবেগেৰে সুৰক্ষিতভাবে চলাচল কৰিব পৰাকৈ নিৰ্মাণ কৰা হৈছে।
এলএইচবি দবাৰ উৎপাদন যথেষ্ট বৃদ্ধি পাইছে। ২০২৩-২৪ বৰ্ষত ৪,৯৭৭টা এলএইচবি দবা নিৰ্মাণ কৰা হৈছে, যি ২০১৩-১৪ বৰ্ষত উৎপাদিত ২,৪৬৭টা এলএইচবি দবাৰ দুগুণতকৈও অধিক। এক কথাত ভাৰতত এতিয়া ৰে’লেৰে কৰা ভ্ৰমণ আগতকৈ অধিক সুৰক্ষিত হৈ পৰিছে।
এ কে খাণ্ডেলৱাল (লেখক অৱসৰপ্ৰাপ্ত সদস্য, ইনফ্ৰা ৰে’লৱে ব’ৰ্ড)