Railways ticket booking: ৰে’ল বিভাগে সলনি কৰিলে টিকট বুকিঙৰ নিয়ম; এতিয়াৰ পৰা আপুনি ৪ মাহ আগৰ পৰাই টিকট বুকিঙৰ বাবে কৰিব নালাগে চিন্তা

নতুন দিল্লী, ১৭ অক্টোবৰ: ৰে’লযোগে যাত্ৰা কৰা যাত্ৰীসকলৰ বাবে এটা ভাল খবৰ। ভাৰতীয় ৰে’লৱেই টিকট বুকিং সন্দৰ্ভত কৰিছে এক বৃহৎ পৰিৱৰ্তন । ৰে’ল মন্ত্ৰালয়ে জাৰি কৰা এক অধিসূচনা অনুসৰি, আগতীয়াকৈ আসন সংৰক্ষণৰ সময়সীমা ১২০ দিনৰ পৰা ৬০ দিনলৈ হ্ৰাস কৰা হৈছে (Indian Railways Ticket Booking Rules Change)।

ৰে’লৱেৰ এই নিয়ম চলিত বৰ্ষৰেই ১ নৱেম্বৰৰ পৰা কাৰ্যকৰী কৰা হ’ব। অৱশ্যে বৰ্তমানলৈকে বুকিং কৰা সকলৰ ৰিজাৰ্ভেচন অপৰিৱৰ্তিত থাকিব। বৰ্তমানেও যাত্ৰীসকলে ৩১ অক্টোবৰলৈকে ১২০ দিনৰ ভিতৰত ৰিজাৰ্ভেচন কৰিব পাৰিব(Indian Railways Advance reservation)। ৰে’ল মন্ত্ৰালয়ে জাৰি কৰা জাননীখনত উল্লেখ কৰা হৈছে যে, চাৰি মাহ পূৰ্বৰে পৰা টিকট বুকিং কৰা যাত্ৰীসকলৰ বহুতেই পৰৱৰ্তী সময়ত বৃহৎ সংখ্যক টিকটৰ বুকিং বাতিল কৰে । সেয়েহে এতিয়া যদি ৬০ দিন আগতীয়াকৈ টিকট বুকিং কৰাৰ ব্যৱস্থা কৰা হয়, তেন্তে টিকট বাতিলৰ সংখ্যা কম হ’ব ।

কম দূৰত্বৰ টিকট বুকিঙৰ ক্ষেত্ৰত নহয় কোনো পৰিৱৰ্তন:

ৰে’ল মন্ত্ৰালয়ে জাৰি কৰা জাননীখনত লগতে এই কথাও উল্লেখ কৰা হৈছে যে, যিসমূহ ৰে’লে এদিনতে যাত্ৰা সম্পূৰ্ণ কৰে, সেইসমূহ ৰে’লৰ বাবে ৩০ দিন আগতেই টিকট বুকিং কৰিব পাৰিব । এই ৰে’লসমূহৰ আসন সংৰক্ষণৰ ক্ষেত্ৰত কোনো সালসলনি কৰা হোৱা নাই । তাজ এক্সপ্ৰেছ, গোমটি এক্সপ্ৰেছৰ দৰে ৰেলসমূহে ১ দিনৰ ভিতৰতে গন্তব্যস্থানত উপস্থিত হয়। এনেসমূহ ৰে’লৰ টিকট বুকিঙৰ ক্ষেত্ৰত কোনো পৰিৱৰ্তন কৰা হোৱা নাই। দীৰ্ঘ দূৰত্বৰ যিসমূহ ৰে’ল নিশাও চলে তেনেসমূহ ৰে’লৰ ৰিজাৰ্ভেচনৰ সময় ১২০ দিনৰ পৰা ৬০ দিনলৈ হ্ৰাস কৰা হৈছে (Long-distance train tickets)।

বিদেশী নাগৰিকে এবছৰ পূৰ্বে কৰিব পাৰিব টিকট বুকিং :

ভাৰত ভ্ৰমণলৈ অহা বিদেশী পৰ্যটকসকলে এবছৰ আগতীয়াকৈ ৰে’লত টিকট বুকিং কৰাৰ বাবে সুবিধা পায়(Foreign tourist railway booking)। ৰে’ল মন্ত্ৰালয়ে বিদেশী পৰ্যটকসকলক প্ৰদান কৰা এই সুবিধাৰ কোনো পৰিৱৰ্তন কৰা নাই। সেয়ে বিদেশী পৰ্যটসকলে এবছৰ আগতীয়াকৈয়েই পূৰ্বৰ দৰেই ৰে’লৰ টিকট বুকিং কৰিব লাগিব ।

Related Articles