Breaking

চীনৰ ৰঙা চকুক অংগুষ্ঠ প্ৰদৰ্শন কৰি গালৱান নদীত দলং নিৰ্মাণ ভাৰতৰ ।

0 1,014

দৈনন্দিন বাৰ্তা প্ৰতিবেদন:

চীনৰ ৰঙা চকুক অংগুষ্ঠ প্ৰদৰ্শন কৰি লাডাখত বৃহৎ সাফল্য পালে ভাৰতীয় সেনা বাহিনীয়ে৷ গালৱান নদীৰ ওপৰত উচ্চ থিয় পাহাৰত বেইলি ব্ৰীজ বা অস্থায়ী দলং নিৰ্মাণ কৰিলে সেনাৰ অভিযন্তাই৷ উল্লেখ্য যে সমতলত মাটি নাই৷ অতি ঠেক গিৰিপথ৷ প্ৰবল ঠাণ্ডা আৰু চীনা ভাবুকিক অগ্ৰাহ্য কৰি সফলতাৰে ৬০ মিটাৰ দীঘল এই বেইলি ব্ৰীজ নিৰ্মাণ কৰিবলৈ সক্ষম হয় ভাৰতীয় সেনা৷ ফলত প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাৰ অতি ওচৰত ভাৰতীয় সেনাৰ ফৰৱাৰ্ড প’ষ্টবোৰত গধুৰ যুদ্ধাস্ত্র, সামৰিক সৰঞ্জাম, যান-বাহন আদি সকলোবোৰ যাতায়াত কৰিব পাৰিব৷ নদীৰ ওপৰত কেইটামান কংক্ৰিটৰ পিলাৰৰ ওপৰত এই দলংখন নিৰ্মাণ কৰা হয়৷ চাৰি লেনৰ এই দলংখন গালৱান নদী আৰু শায়ক নদীৰ সংযোগস্থলৰ পৰা ৩ কিলোমিটাৰ নিলগৰ ১৪ নং পেট্ৰলিং পইণ্টটোৰ য’ত ১৫ জুনত ৰক্তক্ষয়ী সংঘৰ্ষ হৈছিল তাৰ পৰা মাত্ৰ ২ কিলোমিটাৰ দূৰত এই দলংখন৷ এই দলংখন নিৰ্মাণ বন্ধ কৰিবলৈ বাৰম্বাৰ ভাবুকি দিছিল লালফৌজে৷ কিন্তু ভাৰতে বিন্দুমাত্ৰও গুৰুত্ব নিদিলে৷ 

Leave A Reply

Your email address will not be published.