Breaking

ভাৰতৰ প্ৰথম স্বদেশীভাৱে বিকশিত পেটেণ্টযুক্ত মহ প্ৰতিৰোধক…

0 23

মহৰ দ্বাৰা সংক্ৰমিত ৰোগৰ বিৰুদ্ধে যুঁজখনত ভাৰতে এক যুগান্তকাৰী বৈজ্ঞানিক মাইলৰ খুঁটি অৰ্জন কৰিছে। গড্ৰেজ কনজিউমাৰ প্ৰডাক্টছ লিমিটেড (জিচিপিএল)ৰ বিজ্ঞানীসকলে নিজৰ অংশীদাৰসকলৰ সহযোগত মুকলি কৰিলে ‘ৰেন’ফ্লুথ্ৰিন’ – ভাৰতৰ প্ৰথমটো থলুৱাভাৱে বিকশিত আৰু পেটেণ্টযুক্ত সামগ্ৰী, যিয়ে মহ নিয়ন্ত্ৰণৰ বাবে আটাইতকৈ ফলপ্ৰসূ লিকুইড ভেপ ৰাইজাৰ প্ৰস্তুত কৰিছে। ভাৰতত বৰ্তমান উপলব্ধ লিকুইড ভেপ’ৰাইজাৰ ফৰ্মেটৰ আন যিকোনো পঞ্জীয়নভুক্ত প্ৰস্তুতিৰ তুলনাত ৰেন’ফ্লুথ্ৰিনৰ দ্বাৰা প্ৰস্তুত কৰা সামগ্ৰী সমূহ মহ প্ৰতিৰোধৰ ক্ষেত্ৰত দুগুণ অধিক ফলপ্ৰসূ। চিআইবি এণ্ড আৰচিৰ কঠোৰ পৰীক্ষণ আৰু অনুমোদনে ইয়াৰ কাৰ্যকাৰিতা আৰু সুৰক্ষাৰ ওপৰত যথেষ্ট গুৰুত্ব আৰোপ কৰিছে। জিচিপিএল আৰু অংশীদাৰসকলে ‘ৰেনোফ্লুথ্ৰিন’ আৰু ইয়াৰ ফৰ্মুলেচনসমূহ বিকশিত কৰিবলৈ ১০ বছৰতকৈও অধিক সময় ধৰি গৱেষণা আৰু উন্নয়নত ব্যাপক বিনিয়োগ কৰিছিল।

ভাৰতত বৰ্তমান উপলব্ধ লিকুইড ভেপ’ৰাইজাৰ ফৰ্মেটৰ আন যিকোনো পঞ্জীয়নভুক্ত ফৰ্মুলেচনসমূহৰ তুলনাত ৰেন’ফ্লুথ্ৰিনৰ দ্বাৰা প্ৰস্তুত কৰা সামগ্ৰীসমূহ মহৰ বিৰুদ্ধে দুগুণ অধিক ফলপ্ৰসূ। চেণ্ট্ৰেল ইনচেক্টিচাইড বৰ্ড এণ্ড ৰেজিষ্ট্ৰেচন কমিটী (চিআইবি এণ্ড আৰচি)ৰ কঠোৰ পৰীক্ষণ আৰু অনুমোদনে ইয়াৰ কাৰ্যকাৰিতা আৰু সুৰক্ষাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে। জিচিপিএলৰ এমডি এণ্ড চিইঅ’ সুধীৰ সীতাপতিয়ে এই বিষয়ে কয় যে, এই উদ্ভাৱনে ভাৰতক আত্মনিৰ্ভৰশীল কৰি তুলিছে কাৰণ এতিয়া আমি আন্তঃৰাষ্ট্ৰীয় বজাৰৰ পৰা সামগ্ৰী আমদানি কৰিব নালাগে। এনোফিলিছ, ইডিছ আৰু কিউলেক্সৰ লগতে অন্যান্য সচৰাচৰ মহৰ প্ৰজাতিৰ বিৰুদ্ধে ফলপ্ৰসূ সোপান হৈছে ৰেন’ফ্লুথ্ৰিন।

Leave A Reply

Your email address will not be published.