Breaking

দ্য একাডেমীৰ ‘অভিনেতা শাখা’ত নিৰ্বাচিত ভাৰতৰ জুনিয়ৰ এন টি আৰ…

0 91

দ্য একাডেমীৰ ‘অভিনেতা শাখা’ত নিৰ্বাচিত ভাৰতৰ জুনিয়ৰ এন টি আৰ। একাডেমীয়ে নিজৰ ছ’চিয়েল মিডিয়া একাউণ্টৰ জৰিয়তে এই কথা ঘোষণা কৰিছে। অস্কাৰৰ অফিচিয়েল পেজত প্ৰকাশ পোৱা তথ্য অনুসৰি ‘অভিনেতা শাখা’ৰ সদস্যসকলক ব’ৰ্ড অৱ গভৰ্ণৰৰ আমন্ত্ৰণত বাছনি কৰা হয়। চলচ্চিত্ৰ কলা আৰু বিজ্ঞান একাডেমীয়ে প্ৰকাশ কৰিছে ‘অভিনেতা শাখা’ৰ নতুন তালিকা য’ত ভাৰতৰ তেলেগু অভিনেতা জুনিয়ৰ এন টি আৰৰ নাম অন্তৰ্ভুক্ত কৰা হৈছে। আৰ আৰ আৰ ছবিৰ অস্কাৰ সফলতাৰ পিছত আন্তঃৰাষ্ট্ৰীয় মঞ্চত জুনিয়ৰ এন টি আৰৰ দ্বিতীয় বৃহৎ সফলতা।একাডেমীয়ে নিজৰ ছ’চিয়েল মিডিয়া একাউণ্টৰ জৰিয়তে এই ঘোষণা কৰিছে। অস্কাৰৰ অফিচিয়েল পেজত প্ৰকাশ পোৱা তথ্য অনুসৰি ‘অভিনেতা শাখা’ৰ সদস্যসকলক ব’ৰ্ড অৱ গভৰ্ণৰৰ আমন্ত্ৰণত বাছনি কৰা হয়।


জুনিয়ৰ এনটিআৰৰ লগতে এই তালিকাত আছে অস্কাৰ বিজয়ী কে হুই কোৱান, মাৰ্ছা ষ্টেফানী ব্লেক, কেৰী কণ্ডন আৰু ৰোজা চালাজাৰ। ‘অভিনেতাৰ শাখা’ৰ সদস্য হোৱাৰ আটাইতকৈ গুৰুত্বপূৰ্ণ অৰ্হতাৰ কথা ক’বলৈ গ’লে ইয়াৰ সদস্যসকলে চলচ্চিত্ৰৰ কলা আৰু বিজ্ঞানত বিশেষ অৱদান আগবঢ়োৱা বা ইয়াত বিশেষ বিশেষজ্ঞতা থকাটো প্ৰয়োজনীয়।

একে সময়তে জুনিয়ৰ এন টি আৰৰ অনুৰাগীসকলকো এই কৃতিত্বত অতি সুখী যেন দেখা গৈছিল। ৯৫ সংখ্যক অস্কাৰ অনুষ্ঠানত প্ৰথমবাৰৰ বাবে ভাৰতে দুটা বঁটা লাভ কৰিছিল। প্ৰথম বঁটা লাভ কৰিছিল RRR ছবিৰ ‘নাতু-নাতু’ গীতটোক শ্ৰেষ্ঠ মৌলিক গীতৰ বাবে। আনহাতে, শ্ৰেষ্ঠ তথ্যচিত্ৰ চুটি ছবিৰ দ্বিতীয় বঁটা প্ৰদান কৰা হয় দ্য ‘এলিফেণ্ট হুইছপাৰছ’ক।

Leave A Reply

Your email address will not be published.