Breaking

ধৰ্মৰ স্বীকৃতি বিচাৰি জামুগুৰিহাটত ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ আদিবাসীৰ

0 1,048

 জামুগুৰিহাট, ৬ ডিচেম্বৰ : ধৰ্মৰ স্বীকৃতি বিচাৰি ৰাজপথলৈ ওলাই আহি আজি জামুগুৰিহাটৰ টুপীয়াত ১৫নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰে আদিবাসী চেংগেল অভিযান শোণিতপুৰ জিলা কমিটিৰ সদস্য সকলে। দিনৰ ১১বজাত আদিবাসী চেংগেল অভিযানৰ শোণিতপুৰ জিলা সমিতিৰ আহ্বানত ওলাই অহা শতাধিক আদিবাসী লোকে টুপিয়াত ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰাৰ লগতে ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত এখন প্ৰতিবাদী সভা অনুষ্ঠিত কৰি আদিবাসী সকলৰ চৰণা ধৰ্মটোক মান্যতা প্ৰদান কৰি ধৰ্মটোক এটা কড দিব লাগে বুলি দাবী উত্থাপন কৰে। আদিবাসী চেংগেল অভিযানৰ শোণিতপুৰ জিলা সমিতি নেতৃবৃন্দয় কয় আদিবাসী সকল কেতিয়াও হিন্দু নহয়। তেওঁলোকৰ নিজস্ব ধৰ্ম আছে। তেওঁলোকে প্ৰকৃতিকহে পূজা কৰে । কিন্তু লোক পিয়লৰ জৰিয়তে কেন্দ্ৰীয় চৰকাৰে  আদিবাসী সকলক হিন্দুত্বকৰণ কৰিবলৈ চেষ্টা চলাই আহিছে। সেয়েহে তেওঁলোক ইয়াৰ বিৰোধীতা কৰিছে আৰু শীঘ্ৰেই আদিবাসী সকলৰ চৰণা ধৰ্মটোক চৰকাৰে মান্যতা প্ৰদান কৰি হিন্দু আৰু মুছলমান ধৰ্মৰ লেখিয়াকৈ চাৰণা ধৰ্মটোক এটা কড দিবলৈ দাবী জনাই। ইয়াৰোপৰি আদিবাসী সকলক চৰকাৰে শীঘ্ৰেই জনজাতি কৰণৰো দাবী জনাই আদিবাসী চেংগেল সমিতিৰ শোণিতপুৰ জিলা  সমিতিৰ সদস্য সকলে নদুৱাৰ ৰাজহ চক্ৰ বিষয়া (সংলগ্ন) মন্টুছ চক্ৰৱৰ্তীৰ হাতত এখন স্মাৰকপত্ৰ প্ৰদান কৰি শোণিতপুৰ জিলা উপাযুক্তৰ জৰিয়তে  এই স্মাৰকপত্ৰ ভাৰতৰ ৰাষ্ট্ৰপতিৰ ওচৰলৈ প্ৰেৰণ কৰে।

Leave A Reply

Your email address will not be published.