Breaking

ইন্দিৰা গান্ধী ৰাষ্ট্ৰীয় মুক্ত বিশ্ববিদ্যালয়ত নতুনকৈ এমএ শিক্ষা বৰ্ষত “ভাগৱদ গীতা” পাঠ্যক্ৰম অন্তৰ্ভুক্ত…

0 26

ইন্দিৰা গান্ধী ৰাষ্ট্ৰীয় মুক্ত বিশ্ববিদ্যালয়ে ২০২৪-২০২৫ শিক্ষাবৰ্ষৰ বাবে ভাগৱদ গীতা অধ্যয়নত এক নতুন এমএ কাৰ্যসূচীৰ এক চৰকাৰী জাননী অনুসৰি জুলাইৰ পৰা আৰম্ভ হোৱা মুকলি আৰু দূৰত্ব শিক্ষণৰ জৰিয়তে এই পাঠ্যক্ৰম আগবঢ়োৱাৰ কথা ঘোষণা কৰে । পাঠ্যক্ৰমৰ সময় দুইৰ পৰা চাৰি বছৰৰ ভিতৰত, মুঠ ৫০০ খন আসন উপলব্ধ। ইয়াক ৮০ টা ক্ৰেডিটৰ লগতে ইংৰাজীক নিৰ্দেশনাৰ মাধ্যম হিচাপে গ্ৰহণ কৰা হয়। “সক্ষম কৰ্তৃপক্ষৰ অনুমোদনৰ সৈতে, এম.এ. ভগৱদ্গীতা অধ্যয়ন পাঠ্যক্ৰম অ’ডিএল মোডৰ জৰিয়তে আগবঢ়োৱা হ’ব,”।

উক্ত চৰকাৰী জাননীখন অনুসৰি মুক্ত দূৰত্ব শিক্ষাৰ জৰিয়তে মানৱবিজ্ঞানবিদ্যালয়ৰ সহযোগত বিশ্ববিদ্যালয়খনে অন্তৰ্ভুক্ত কৰা ২ বছৰীয়াহিন্দী মাধ্যমৰ পাঠ্যক্ৰমৰে আৰম্ভ হবলগীয়া নতুন পাঠ্যক্ৰমৰ বিশেষত্ব হৈছে ভগৱদ্গীতা অধ্যয়ন তথা বিৱৰণ এম.এ. ভাগৱদ্গীতা অধ্যয়ন (এম.এ.বি.জি.এছ.) পাঠ্যক্ৰমৰ সুবিধা লাভ কৰিবলৈ স্বীকৃতিপ্ৰাপ্ত বিশ্ববিদ্যালয়ৰ পৰা যিকোনো শাখাত স্নাতক ডিগ্ৰী বা উচ্চতৰ ডিগ্ৰীধাৰী হব লাগিব।মাচুল গাঁথনি অনুসৰি প্ৰতি বছৰে ৬৩০০ টকাকৈ আৰু প্ৰযোজ্য অনুসৰি পঞ্জীয়ন/উন্নয়ন মাচুল ইত্যাদি সবিশেষ জানিবলৈ কাৰ্যসূচী সমন্বয়ক ড০ দেৱেশ কুমাৰ মিশ্ৰৰ ৯৭৭৯৪২-৬৫১৬৭ নম্বৰত অথবা ই-মেইল dkmishra@ignou.ac.in যোগাযোগ কৰিবলৈ পাৰিব ।

উল্লেখ্য যে ২০২৩ চনৰ ১৯ ডিচেম্বৰত বিশ্ববিদ্যালয়ৰ ৮১ তম্ একাডেমিক কাউন্সিলৰ বৈঠকত পাঠ্যক্ৰমটোৱে অনুমোদন লাভ কৰিছিল। ইফালে সম্পূৰ্ণ দুবছৰীয়া পাঠ্যক্ৰমৰ বাবে মাচুল হৈছে ১২,৬০০ টকা অৰ্থাৎ প্ৰতি বছৰে ৬,৩০০ টকাকৈ । ইগনুৱে মঙলবাৰে ইয়াৰ বিদ্যালয়সমূহত ১৩ টা নতুন কাৰ্যসূচী প্ৰৱৰ্তন কৰে, যাৰ ভিতৰত আছে নতুন ক্ষেত্ৰত ৪ টা এমবিএ কাৰ্যসূচী। ইচ্ছুক ছাত্ৰ ছাত্ৰীসকলক নাম ভৰ্তি কৰিবলৈ আগ্ৰহী শিক্ষাৰ্থীসকলে ignouadmission.samarth.edu.in অফিচিয়েল এডমিচন পৰ্টেলৰ জৰিয়তে পঞ্জীয়ন কৰিব পাৰিব বুলি উল্লেখ কৰে।

Leave A Reply

Your email address will not be published.