ইন্দিৰা গান্ধী বিদ্যালয়ত প্ৰয়াত প্ৰধান শিক্ষক তৰুণ ৰাজখোৱাৰ স্মৃতিচাৰণ

সদ্য প্ৰয়াত তিনিচুকীয়াৰ বৃহত্তৰ লাইপুলি অঞ্চলৰ ডিমৰুগুৰি গাঁৱৰ কৃতী প্ৰধান শিক্ষক, সাহিত্যিক ,কবি , সমাজকৰ্মী,ধৰ্মপ্ৰান ব্যক্তি তৰুণ ৰাজখোৱাৰৰ এআন স্মৃতিচাৰণ সভা তেখেতৰ কৰ্মস্থলী শিক্ষানুষ্ঠান ইন্দিৰা গান্ধী উচ্চ মাধ্যমিক বিদ্যালয়ত ৯ ফেব্ৰুৱাৰীত সম্পন্ন হৈ যায়। বিদ্যালয়ৰ প্ৰধান শিক্ষক মুকুন্দ মহন্তই আঁতধৰা আৰু উদ্দেশ্য ব্যাখ্যা কৰা উক্ত স্মৃতিচাৰণ সভাখনিত সভাপতিত্ব কৰে শিক্ষক দুৰ্গা নাথ উজিৰে। স্মৃতিচাৰণ সভাত প্ৰয়াত কৃতী প্ৰধান শিক্ষক গৰাকীৰ প্ৰতিচ্ছবিত এগছি বন্তি প্ৰজ্বলন কৰে দেবেন্দ্ৰ সিঙে আৰু মাল্যাৰ্পন কৰে প্ৰয়াত তৰণ ৰাজখোৱাৰ বৰপুত্ৰ সীমান্ত ৰাজখোৱাই।

সভাত বক্তব্য আগবঢ়োৱা প্ৰতিগৰাকী বক্তাই ৰাজখোৱাদেৱৰ কৰ্মজীৱনৰ ওপৰত বিস্তৃত আলোকপাত কৰে। স্মৃতিচাৰণ সভাত শিক্ষক বুলেশ্বৰ চেতিয়া, বৰগুৰি উচ্চ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক অমৃত ৰাজখোৱা, মুলেন চেতিয়া, যাদৱ ৰাজখোৱা,মিলন গোহাঁই , সমাজকৰ্মী প্ৰাঞ্জল নেওগ, কৃষ্ণমণি গগৈ , শিক্ষক সামন্ত্য বৰা , হৰিশ দাস , শিক্ষয়িত্ৰী ক্ৰমে মনোৰমা গোহাঁই, ফৰিদা বেগম, মানসী বৰুৱা আৰু ববিতা ৰাজখোৱাই।গতিকে সদাশয় ব্যক্তি ,লেখক, অনুষ্ঠান -প্ৰতিষ্ঠানৰ  তৰফৰ পৰা লেখনিসমূহ ১০ ফেব্ৰুৱাৰীৰ ভিতৰত পোৱাকৈ কামিনী কুমাৰ গোঁহাই ,স্মৃতিগ্ৰন্থ সম্পাদক  বা ৯৯৫৪৪১৮৪৩৯ ফোন নম্বৰৰ ওৱাটচ এপ যোগেদি  প্ৰেৰণ কৰিবলৈ পৰিয়ালবৰ্গৰ হৈ প্ৰয়াতৰ ভাতৃ অমৃত ৰাজখোৱাই আহ্বান জনাইছে । 

Related Articles