ভাৰত বিকাশ পৰিষদৰ উদ্যোগত বঙাইগাঁৱত বিনামূলীয়া চিকিৎসা শিবিৰ

ভাৰত বিকাশ পৰিষদৰ বীৰঝৰা শাখাৰ উদ্যোগত তথা  বঙাইগাঁও শোধনাগাৰৰ সহযোগত দেওবাৰে বঙাইগাঁও চহৰৰ বৰপাৰাত এক বিনামূলীয়া চিকিৎসা শিবিৰৰ আয়োজন কৰে ৷

পুৱা অনুষ্ঠিত হোৱা চিকিৎসা শিবিৰত বঙাইগাঁও চহৰৰ কেইবাগৰাকীও বিশিষ্ট চিকিৎসকে চিকিৎসা সেৱা আগবঢ়ায় ৷ চিকিৎসা শিবিৰত প্ৰায় শতাধিক লোকৰ চিকিৎসা পৰামৰ্শ আগবঢ়োৱাৰ লগতে বিনামূলীয়া ঔষধ বিতৰণ কৰে ৷

Related Articles