Breaking

সামাজিক মাধ্যমত অখিল গগৈৰ বিজেপি চৰকাৰৰ প্ৰথম বৰ্ষপূতি উপলক্ষে তথ্যগত নিৰ্মোহ বিশ্লেষণ

0 112

বিজেপি চৰকাৰৰ প্ৰথম বৰ্ষপূৰ্তি:
সামগ্ৰিক হতাশাৰ এটা বছৰ

হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰৰ যোৱা এবছৰ কাৰ্যকালৰ প্ৰধান বৈশিষ্ট্যসমূহঃ

১) অসমখন দুখীয়া কৰি পেলালেঃ
চাৰিওফালে মানুহৰ হাহাকাৰ৷ আৰ্থিক দুৰৱস্থা৷ ৰাইজৰ হাতত ধন নাই৷ মানুহ দেউলীয়া, সাধাৰণ মানুহৰ লাওলোৱা অৱস্থা৷ আৰ্থিক দুৰৱস্থাৰ প্ৰতিফলনসমূহ ব্যাপক প্ৰতিফলিত হৈছে৷
(ক) কোকৰাঝাৰত তিনি সন্তানক বিক্ৰীৰ বাবে মুকলি দৰদাম৷ ৬ মে’, ২০২২ তাৰিখে মাতৃয়ে আনিছিল বজাৰত বিক্ৰী কৰিবলৈ৷
(খ) গুৱাহাটীৰ গণেশগুৰিত অত্যধিক কাম কৰি ছুইগীৰ কৰ্মচাৰী দীপাংকৰ কলিতাৰ কৰ্মৰত অৱস্থাতে মৃত্যু৷
(গ) সাংঘাতিকভাৱে বৃদ্ধি পাইছে আত্মহত্যাৰ ঘটনা৷

২) মূল্যবৃদ্ধিয়ে কোঙা কৰিছে অসমবাসীকঃ
পেট্ৰ’লিয়ামজাত সামগ্ৰী, ৰন্ধন গেছ, চাউল, আটা, মিঠাতেল, নিমখ, ঔষধ, ঘৰ নিৰ্মাণৰ সামগ্ৰীৰ অত্যধিক মূল্যবৃদ্ধিয়ে কোঙা কৰি পেলাইছে অসমৰ জনগণক৷ সবৰ্স্তৰৰ নাগৰিক আজি মূল্যবৃদ্ধিৰ জ্বালাত দহিছে৷
হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ দিনত বৃদ্ধি হোৱা অত্যাৱশ্যকীয় সামগ্ৰীৰ দামঃ

সামগ্ৰী পূৰ্বে বৰ্তমান

১) মিঠাতেল ১৪৮ টকা ২২০ টকা
২) আটা ৩৫ টকা ৪০ টকা
৩) মচুৰ দাইল ৮৪ টকা ১১০ টকা
৪) নিমখ ‌‌ ‌ ১৬ টকা ১৯ টকা

৩) ধাৰত পোত গ’ল অসমঃ
২০২২ চনৰ ৩১ মাৰ্চত অসমৰ মুঠ ধাৰঃ ১,০৮,৩৪৭.২৭ কোটি টকা৷
[উৎসঃ পৃষ্ঠা নং ১২, Summary of the Financial Position, Finance Department]

কংগ্ৰেছৰ শাসনলৈকে অসমৰ সবৰ্মুঠ ধাৰঃ
৩১ মাৰ্চ, ২০১৬ চনঃ ৪১,৯৬৪ কোটি টকা
সৰ্বানন্দ সোণোৱাল চৰকাৰৰ দিনত লোৱা অসমৰ সবৰ্মুঠ ধাৰঃ
৩১ মাৰ্চ, ২০২১ঃ ৫১,১১২ কোটি টকা৷
৩১ মাৰ্চ, ২০২১ চনলৈ অসমৰ মুঠ ঋণ ৯৩,০৭৬ কোটি টকা

হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ দিনলৈকে অসমৰ মুঠ ঋণঃ
৩১ মাৰ্চ, ২০২২ চনলৈ অসমৰ মুঠ ঋণঃ ১,০৮,৩৪৭.২৭ কোটি টকা

হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ দিনত লোৱা মুঠঃ ১৫,২৭১.২৭ কোটি টকা (৩১ মাৰ্চ, ২০২২ লৈ)

সৰ্বানন্দ সোণোৱালৰ দিনত বছৰি গড়ে লোৱা ঋণৰ পৰিমাণঃ ১০,২২২.৪ কোটি টকা
হিমন্ত বিশ্ব শৰ্মা চৰকাৰে এবছৰত লোৱা ঋণৰ পৰিমাণঃ ১৫,২৭১.২৭ কোটি টকা
(৩১ মাৰ্চ, ২০২১ ৰ পৰা ৩১ মাৰ্চ, ২০২২ চন)
বাজেটৰ মতে ২০২২-২৩ বৰ্ষত চৰকাৰে ল’বলগীয়া ঋণৰ পৰিকল্পনাঃ ১৬,৬৩১ কোটি টকা

(৪) হিমন্তময় কৰি পেলালে অসম – স্বৈৰতন্ত্ৰৰ এবছৰঃ
(ক) অসমত এতিয়া এজনেই মন্ত্ৰী, এজনেই বিধায়ক, এজনেই বিচাৰক৷ চৰকাৰ, প্ৰশাসন, দলৰ কোনো অস্তিত্ব নাই৷ আদালতক অস্বীকাৰ কৰি দৈনিক পুলিচৰ জিম্মাত থকা বন্দীক হত্যা৷
(খ) ভুৱা এনকাউণ্টাৰ এতিয়া ঘোষিত প্ৰশাসনিক নীতি৷
(গ) ভুৱা গোচৰ এতিয়া প্ৰতিষ্ঠিত সত্য [প্ৰমাণঃ গুজৰাটৰ বিধায়ক জিগনেশ মেৱানীৰ গোচৰ সন্দৰ্ভত আদালতৰ ৰায়৷]
সংবিধান উলংঘা৷ দেশৰ প্ৰতিষ্ঠিত আইন-কানুনক বৃদ্ধাংগুষ্ঠ প্ৰদৰ্শন৷ বিধানসভা, কাৰ্যপালিকা আৰু ন্যায়পালিকাৰ অস্তিত্বক অস্বীকাৰ৷ এজনৰ কথাই আইন৷ তেওঁ হ’ল স্বৈৰাতান্ত্ৰিক শাসক হিমন্ত বিশ্ব শৰ্মা৷

(৫)সংবাদ মাধ্যমক নিয়ন্ত্ৰণঃ
পূৰ্বে ৰাষ্ট্ৰীয় সংবাদ মাধ্যমক কেন্দ্ৰৰ বিজেপি চৰকাৰে সবৰ্তোপ্ৰকাৰে নিয়ন্ত্ৰণাধীন কৰাৰ পাছত হিমন্ত বিশ্ব শৰ্মাৰ শাসন কালত অসমৰ সংবাদ মাধ্যমসমূহকো চৰকাৰে সম্পূৰ্ণৰূপে নিয়ন্ত্ৰণ কৰি পেলালে৷

(৬) ৰাজনৈতিক মাৰ্কেটিঙত সফলঃ
হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰখন ৰাজনৈতিক মাৰ্কেটিঙত সফল৷ সংবাদ মাধ্যমক চৰকাৰৰ নিয়ন্ত্ৰণাধীন কৰি প্ৰতিটো সঁচা-মিছা কথাকে চৰকাৰৰ বৃহৎ সাফল্য হিচাপে প্ৰচাৰ কৰাত সফল হৈছে চৰকাৰখন৷ ফলত প্ৰকৃত উন্নয়ন শূন্য৷
উন্নয়নহীনতা হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ প্ৰধান বৈশিষ্ট্য৷ অথচ সংবাদ মাধ্যমৰ জৰিয়তে আৰু সামাজিক মাধ্যমক ব্যৱহাৰ কৰি হিমন্ত বিশ্ব শৰ্মাক “উন্নয়ন পুৰুষ” ৰূপে ব্যাপক প্ৰচাৰ কৰা হৈছে৷

(৭) কেন্দ্ৰৰ ওচৰত আত্মসমপৰ্নঃ
ৰাজ্য চৰকাৰে কৈছে যে কেন্দ্ৰীয় চৰকাৰে অসমক হুৰাহুৰে ধন দিছে৷ দিল্লীয়ে ধনৰ পাইপ খুলি দিছে৷

(ক) কিন্তু প্ৰকৃততে অসমলৈ ক্ৰমান্বয়ে কেন্দ্ৰীয় কৰৰ অংশ(Share of the Central Taxes) হ্ৰাস পাইছে৷

বৰ্ষ অসমৰ বাবে কেন্দ্ৰীয় কৰ ২০১৮-১৯ বৰ্ষ ২৫,২১৬ কোটি টকা
২০১৯-২০ বৰ্ষ ২১,৭২১ কোটি টকা
২০২০-২১ বৰ্ষ ১৮,৬২৯ কোটি টকা (PA)
(খ) বিশেষ ৰাজ্যৰ মৰ্যাদা কৰ্তন কৰাৰ ফলত ভাৰতৰ বিশেষ ৰাজ্যসমূহে পাই অহা বিশেষ পৰিকল্পনা সাহায্যসমূহ– অৰ্থাৎ, নিয়মীয়া কেন্দ্ৰীয় সাহায্য (NCA), বিশেষ পৰিকল্পনা সাহায্য (SPA) আৰু অনিৰ্দ্ধাৰিত বিশেষ কেন্দ্ৰীয় সাহায্যসমূহ (United SCA)কেন্দ্ৰীয় চৰকাৰে বন্ধ কৰি দিয়ে৷ তাৰোপৰি কেন্দ্ৰীয় পৃষ্ঠপোষক আঁচনিসমূহৰ ক্ষেত্ৰত পুঁজি যোগানৰ ধৰণ সলনি কৰিলে৷ ফলত অসমকে ধৰি বিশেষ ৰাজ্যৰ মৰ্যাদা পাই থকা ৰাজ্য চৰকাৰসমূহ দেউলীয়া হ’ল৷ বিশেষ ৰাজ্যৰ মৰ্যাদা হেৰুৱাই অসমে আনুমানিক বছৰি ৩০-৪০ হাজাৰ কোটি হেৰুৱাইছে৷
(গ) কেন্দ্ৰৰ পৰা পোৱা ধন (Grant from Centre)ও সামান্যহে বৃদ্ধি পাইছে, বিশেষ বৃদ্ধি পোৱা নাই৷ এয়াও মূলতঃ বিত্ত আয়োগৰ গ্ৰাণ্ট৷
ফলত ৰাজ্য চৰকাৰ দেউলীয়া হ’ল৷ কিন্তু এইটো ক’বলৈ সাহস নাই৷ বিপৰীতে ৰাজ্যৰ মুখ্যমন্ত্ৰীজনে দিল্লীৰ ওচৰত আত্মসমপৰ্ন কৰিলে৷ প্ৰতিটো কথাতেই দিল্লীক বিনাদ্বিধাই মানি লোৱা আৰু অসমৰ স্বাৰ্থক বিসৰ্জন দিয়াটো হ’ল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা চৰকাৰখনৰ প্ৰধান চৰিত্ৰ৷ হিমন্ত বিশ্ব শৰ্মা হ’ল অসমৰ ইতিহাসৰ সবাতোকৈ আত্মসমপৰ্নকাৰী মুখ্যমন্ত্ৰী৷ উল্লেখযোগ্য যে তেওঁ অসমবাসীয়ে গঢ়ি তোলা ‘কা’ আন্দোলনৰ সময়ত দিল্লীৰ ওচৰত আত্মসমপৰ্ন কৰি আৰু দিল্লীৰ মতে অসমৰ জনগণৰ বিৰুদ্ধে গৈয়ে মুখ্যমন্ত্ৰীৰ গাদি দখল কৰিলে৷

(অখিল গগৈ)
সভাপতি, ৰাইজৰ দল

Leave A Reply

Your email address will not be published.