অসম কৃষি বাণিজ্য আৰু গ্ৰাম্য ৰূপান্তৰকৰণ প্ৰকল্পৰ অধীনত কৃষি বিজ্ঞান কেন্দ্ৰ, বৰপেটাৰ উদ্যোগত বাতিকুৰিহা অঞ্চলত এখন ক্ৰপ কেফেটেৰিয়া বা ধানৰ বিভিন্ন প্ৰজাতিৰ সমাহাৰ কালি জিলা উপায়ুক্ত তেজ প্ৰসাদ ভূষালে আনুষ্ঠানিকভাৱে উদ্বোধন কৰে। উক্ত অনুষ্ঠানত বৰপেটা মহকুমা কৃষি বিষয়া পৰীক্ষিত বায়ন, কৃষি বিজ্ঞান কেন্দ্ৰ, বৰপেটাৰ মূৰব্বী তথা জ্যেষ্ঠ বিজ্ঞানী ড° অৰূপ কুমাৰ ডেকা আৰু এপাৰ্ট প্ৰকল্পৰ অন্যান্য কৰ্মকৰ্তা সকল উপস্থিত থাকে। উদ্ধোধনী ভাষণত জিলা উপায়ুক্ত গৰাকীয়ে দহটা ভিন্ন জাতৰ ধানেৰে সমৃদ্ধ ক্ৰপ কেফেটেৰিয়া খন কৃষক ৰাইজৰ বাবে উৎসৰ্গা কৰে। তেওঁ আধুনিক কৃষি পদ্ধতি তথা উন্নত প্ৰজাতিৰ ধানৰ জাত সমূহৰ প্ৰচাৰ আৰু প্ৰসাৰৰ উদ্দেশ্যে এপাৰ্ট প্ৰকল্পৰ অধীনত কৃষি বিজ্ঞান কেন্দ্ৰই লোৱা এই পদক্ষেপৰ শলাগ লয়। কেফেটেৰিয়া খনত তিনিটা বানপানী সহনশীল ধানৰ জাত ক্ৰমে ৰণজিৎ-চাব ১, স্বৰ্ণ-চাব ১, বাহাদুৰ-চাব ১, দুটা খৰাং সহনশীল তথা জিংক পৰিপুষ্ট জাত চি আৰ ধান-৮০১ আৰু ৮০২ , দুটা সুগন্ধিযুক্ত জাত ক’লা জহা আৰু বকুল জহা, তিনিটা থলুৱা জাত ক্ৰমে বংগবন্ধু, টাঙাগুৰি আৰু হাৱাই ৰোপণ কৰা হয়। জিলা তথ্য আৰু জনসংযোগ বিষয়া বিকাশ শৰ্মাই এই কথা প্ৰকাশ কৰি জনাইছে যে, ইয়াৰ জৰিয়তে পৰৱৰ্তী সময়ত উল্লেখিত জাত সমূহৰ গুণাগুণ, চাপ সহনশীলতা, ৰোগ তথা কীট পতংগৰ আক্ৰমণ প্ৰতিৰোধ ক্ষমতা ইত্যাদি দিশ সমূহৰ অধ্যয়নৰ জৰিয়তে উৎকৃষ্ট জাত সমূহৰ নিৰ্বাচনৰ যোগেদি কৃষক সকলক সজাগ কৰিব পৰা যাব। কৃষি বিজ্ঞান কেন্দ্ৰৰ মূৰব্বী ড° অৰূপ কুমাৰ ডেকাই এপাৰ্ট প্ৰকল্পৰ অধীনত বৰপেটা জিলাত চলি থকা বিভিন্ন ধৰণৰ কাম সমূহৰ ওপৰত আলোকপাত কৰে আৰু কেফেটেৰিয়াত থকা ধানৰ জাত সমূহৰ ইতিবাচক দিশ সমূহ কৃষক সকলক অৱগত কৰি সেই জাত সমূহৰ ব্যৱহাৰৰ বাবে উদ্বুদ্ধ কৰাৰ প্ৰচেষ্টা হাতত লোৱা হ’ব বুলি দোহাৰে।
Breaking
- Book launch of Digdarshan যোৰহাটত দিগদৰ্শন প্ৰকাশনৰ গ্ৰন্থ উন্মোচন
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- Orunodoi 3.0 scheme: ৰাজ্যজুৰি অৰুণোদয় ৩.০ আনুষ্ঠানিকভাৱে শুভাৰম্ভ মুখ্যমন্ত্ৰীৰ
- Sarania-Kachari Tribe in Assam: জনজাতিৰ প্ৰমাণ পত্ৰ এখনৰ বাবেও সংগ্ৰাম কৰিবলগীয়া হৈছে অসমৰ একাংশ আদিপুৰুষে
- Assam Online Trading Scam: প্ৰমাণ হ’ল – চুমি বৰাৰ হাতোৰা প্ৰসাৰিত হৈছিল ন্যায়পালিকাৰ পৰা কাৰ্যপালিকালৈ !
- Tirupati temple: তিৰুপতি মন্দিৰৰ লাডুত গো-মাংসৰ চৰ্বি!
- Delhi Chief Minister : দিল্লীৰ নতুন মুখ্যমন্ত্ৰী কোন হ’ব ?
- Smart Meter:স্মার্ট মিটাৰ এপিডিচিএলক ঘূৰাই দিলে ক্ষোভিত ৰাইজে !
- MISING AUTONOMOUS COUNCIL: মিচিং স্বায়ত্ততশাসিত পৰিষদৰ নতুন পৰিষদীয় সমষ্টি সীমা নির্ধাৰণক লৈ অভিযোগ !
- Cyber Crime: ৯ জন চাইবাৰ অপৰাধীক আটক !
- Arijit Singh: মঞ্চখনেই মোৰ বাবে মন্দিৰঃ অৰিজিত সিং
- Arunodoi 3.0: অৰুণোদয় ৩.০ঃ এক ৰেচন কাৰ্ড-এক অৰুণোদয়