মৈৰাবাৰীত সম্পন্ন সম্প্ৰীতিৰ অভিনৱ কাব্যানুষ্ঠান

কৰ’না বিষয়ক কবিতাৰে জীপাল ‘বাটৰ কবিতা’

মৰিগাঁও জিলাৰ মৈৰাবাৰীৰ ‘খাইৰ প্ৰকাশন’ৰ উদ্যোগত ২০১৫ চনৰ ১০ জানুৱাৰীৰ পৰা প্ৰতি ইংৰাজী মাহৰ ১০ তাৰিখে নিয়মীয়াকৈ অনুষ্ঠিত হৈ অহা সম্প্ৰীতিৰ অভিনৱ কাব্যানুষ্ঠান ‘বাটৰ কবিতা’ আজি সোমবাৰে দুপৰীয়া ১২ বজাত মৈৰাবাৰী কলেজ ৰোডত ‘খাইৰ প্ৰকাশন’ৰ কাৰ্যালয়ৰ সন্মুখত অনুষ্ঠিত হৈ যায়। জ্যেষ্ঠ সাংবাদিক, কবি বদৰুজ জামান আকতাৰৰ সঞ্চালনাত অনুষ্ঠিত ব্যতিক্ৰমী কাব্যানুষ্ঠানটিৰ উদ্দেশ্য ব্যাখ্যা কৰে ‘বাটৰ কবিতা’ৰ যুটীয়া সমন্বয়ক তথা ‘খাইৰ প্ৰকাশন’ৰ স্বত্বাধিকাৰী খাইৰুল ইছলামে। ইয়াৰ পাছতে যোৱা দুবছৰে সমগ্ৰ বিশ্বজুৰি মহামাৰী ৰূপ ধাৰণ কৰা কৰ’না ভাইৰাছৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি ৰাইজৰ মাজত অধিক সজাগতা আৰু সতৰ্কতা গঢ়ি তুলিবলৈ এলানি কৰ’না বিষয়ক কবিতা পাঠ কৰে উপস্থিত কবিসকলে। এই কবিতা পাঠ অনুষ্ঠানত ভাগ লয় ক্ৰমে মুহাম্মাদ আফজাল, খাইৰুল ইছলাম, বদৰুজ জামান আকতাৰ আৰু এম. ওছমান আলী মিঞাই। লক্ষণীয়ভাৱে কৰ’না বিষয়ক কবিতাসমূহে ৰাইজৰ ব্যাপক সমাদৰ লাভ কৰিবলৈ সক্ষম হয়। একেটা অনুষ্ঠানতে মায়িশ্বা নাৱাৰ আহমেদ, মুহাম্মাদ ফাহিম, আৰিফা খানকে আদি কৰি কেইবাগৰাকী স্কুলীয়া ছাত্ৰ-ছাত্ৰীয়ে শুৱলা কণ্ঠেৰে কবিতা আবৃত্তি কৰি সকলোকে আমোদ দিয়ে।
সঞ্চালক বদৰুজ জামান আকতাৰে নিজৰ বক্তব্যত দিনক দিনে বাঢ়ি অহা মহামাৰী কৰ’না ভাইৰাছৰ পৰা হাত সাৰিবলৈ সকলোৱে সজাগ আৰু সতৰ্ক হোৱাৰ লগতে প্ৰশাসনে বান্ধি দিয়া নীতি-নিৰ্দেশনাৱলী মানি চলিবলৈ সকলোকে বিনম্ৰ আহ্বান জনায়।
তৰুণ কবিৰ প্ৰতিভা বিকাশৰ উৎকৃষ্ট ক্ষেত্ৰ এই মাহেকীয়া কাব্যানুষ্ঠানটিত অংশগ্ৰহণ বিচৰা আগ্ৰহী কবিসকলে অনুষ্ঠানটিৰ যুটীয়া সমন্বয়ক ক্ৰমে খাইৰুল ইছলামক ৮৪৮৬২-৮৯৪৫৪ আৰু মুহাম্মাদ আফজালক ৯৫০৮১-৫৩৮০২ ফোন নম্বৰত যোগাযোগ কৰিবলৈ উদ্যোক্তা খাইৰ প্ৰকাশনে আহ্বান জনাইছে।

Related Articles