অসম চৰকাৰৰ মথাউৰি সবলীকৰন আঁচনিৰ বাবে গায়ন গাঁও উজনি নামঘৰৰ স্থানান্তৰ হৈছে গাঁও খনৰ মধ্যস্থল গায়ন গাঁও নৱজ্যোতি উচ্চমাধ্যমিক বিদ্যালয়ৰ কাষলৈ। সেই উদ্দেশ্যে বৃহস্পতিবাৰে নামঘৰৰ লাইখুটা স্থাপনৰ শুভ উদ্বোধন কৰাৰ বাবে এক বৰ্ণাঢ্য কাৰ্যসূচী লোৱা হৈছিল। পুৱা ৮ বজাত এক ধৰ্মীয় বিশাল শোভাযাত্ৰাৰে এলেঙি নৰসিংহ সত্ৰৰ ডেকা সত্ৰীয়া নৱজ্যোতি মহন্তক ডবা শংখ, গায়ন বায়নেৰে আদৰি আনে ৰাইজে। ডেকা সত্ৰীয়া গৰাকীয়ে নিজে সিদ্ধ কৰা ভোগ, সোন ৰূপকে ধৰি পঞ্চৰত্ন দি লাইখুটাৰ নিৰ্মাণৰ শুভ উদ্বোধন কৰি ধৰ্মীয় বক্তৃতাৰে সকলোকে মুগ্ধ কৰে। বক্তৃতাত তেখেতে নামঘৰত নামকীৰ্তন , ভাওনা আদিৰ বাদে যাতে কোনেও গ্ৰাম্য আলোচনা নকৰে তাৰ প্ৰতি সকলো উপস্থিত ৰাইজক আহ্বান জনায়। এই অনুষ্ঠানতে মাজুলীৰ বিষ্ণুপুৰৰ বিশিষ্ট ভাস্কৰ্য শিল্পী দেহেশ্বৰ শইকীয়া, মিস্ত্ৰী জীৱন কলিতা, পূৰ্ণকান্ত কলিতা আৰু গহীন বৰাক সম্বৰ্ধনা জনায়। গাঁওবাসীৰ লগতে কাষৰীয়া নিকিনি খোৱা গাঁও , কলনীবাৰী গাঁও, নপমুৱা গাঁও, লাহন গাঁওৰ নিমন্ত্ৰণ অতিথি সকলে খুটাত শিল বালি চিমেন্ট দিয়ে। অনুষ্ঠানত গাঁওৰ সমাজ কৰ্মী আনন্দ শইকীয়াই বক্তব্য আগবঢ়াই। বহুতো লোকে থিতাতে বহু অনুদান আগবঢ়াই এই অনুষ্ঠানতে। ৰাইজে দান অনুদানেৰে এই মহৎ কৰ্ম কৰিবলৈ লৈছে গতিকে ৰাইজে এই অনুষ্ঠানলৈ দান বৰঙণি আগবঢ়াই সোনকালে নামঘৰ ভাগ সম্পূৰ্ণ কৰাত সহযোগিতা কৰাৰ লগতে দিহা পৰামৰ্শ কামনা কৰিছে। উপস্থিত সকলো ৰাইজ আৰু দাতা সকলক , বিশেষকৈ ভূমিদাতা বিমান বৰাৰ পৰিয়ালক শলাগৰ শৰাই আগবঢ়াই সভাপতি দিলীপ বৰা, যুটীয়া সম্পাদক প্ৰশান্ত বৰা আৰু জয়ন্ত মাধৱ কলিতাই। কোনো লোকে যদি নামঘৰৰ বাবে দান আদবঢ়াৱ বিচাৰে ৬০০০৫৯৯৯২৯ ত যোগাযোগ কৰিব পাৰিব বুলি বিষয়ববীয়া সকলে আমাক অৱগত কৰে ।
Breaking
- Book launch of Digdarshan যোৰহাটত দিগদৰ্শন প্ৰকাশনৰ গ্ৰন্থ উন্মোচন
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- Orunodoi 3.0 scheme: ৰাজ্যজুৰি অৰুণোদয় ৩.০ আনুষ্ঠানিকভাৱে শুভাৰম্ভ মুখ্যমন্ত্ৰীৰ
- Sarania-Kachari Tribe in Assam: জনজাতিৰ প্ৰমাণ পত্ৰ এখনৰ বাবেও সংগ্ৰাম কৰিবলগীয়া হৈছে অসমৰ একাংশ আদিপুৰুষে
- Assam Online Trading Scam: প্ৰমাণ হ’ল – চুমি বৰাৰ হাতোৰা প্ৰসাৰিত হৈছিল ন্যায়পালিকাৰ পৰা কাৰ্যপালিকালৈ !
- Tirupati temple: তিৰুপতি মন্দিৰৰ লাডুত গো-মাংসৰ চৰ্বি!
- Delhi Chief Minister : দিল্লীৰ নতুন মুখ্যমন্ত্ৰী কোন হ’ব ?
- Smart Meter:স্মার্ট মিটাৰ এপিডিচিএলক ঘূৰাই দিলে ক্ষোভিত ৰাইজে !
- MISING AUTONOMOUS COUNCIL: মিচিং স্বায়ত্ততশাসিত পৰিষদৰ নতুন পৰিষদীয় সমষ্টি সীমা নির্ধাৰণক লৈ অভিযোগ !
- Cyber Crime: ৯ জন চাইবাৰ অপৰাধীক আটক !
- Arijit Singh: মঞ্চখনেই মোৰ বাবে মন্দিৰঃ অৰিজিত সিং
- Arunodoi 3.0: অৰুণোদয় ৩.০ঃ এক ৰেচন কাৰ্ড-এক অৰুণোদয়