Breaking

পাঠশালাত ATM চোৰক কেন্দ্ৰ কৰি তীব্ৰ উত্তেজনা ।

0 2,021

পাঠশালা বিদ্যুৎ সংমণ্ডলৰ পৰা এগৰাকী ATM চোৰক ৰাইজে আটক কৰি আৰক্ষীক খবৰ দিয়াত ঘটানস্থলীত পাঠশালা আৰক্ষী চকীৰ আৰক্ষী বিষয়া নয়ন জ্যোতি ডেকা উপস্থিত হয় ।আটক কৰা চোৰজন হাৰিয়ানাৰ , হিচাৰি জিলাৰ , বিজেন্দ্ৰ বুলি জানিব পৰা গৈছে । চোৰ টোৱে  নিজক নিৰ্বাচনী বিষয়া বুলি পৰিচয় দি আহিছিল আৰু বজালীত বিভিন্ন জনৰ পৰা ATM ৰ সহায়েৰে ধন সৰকাই আহিছিল ।ধৃত চোৰতোৰ পৰা এখন ATM , এটা স্মাৰ্ট Swip Machine , আৰু নগদ ১৫৮২০ টকা সহ এখন আধাৰ কাৰ্ড আৰু পৰিচয় পত্ৰ এখন আৰক্ষী জব্দ কৰে  । আনহাতে ঘটনা সদৰ্ভত আৰক্ষীয়ে চুৰ জনক সোধা পোছা অব্যাহত ৰাখিছে । আৰু পাঠশালা আৰক্ষী বিষয়া গৰাকীয়ে  জানিব দিয়া অনুসৰি এই চুৰৰ দলতোৰ লগত জড়িত  থকা সকলোকে পৰবৰ্তী সময়ত আটক কৰিব পাৰিব বুলি জানিব দিয়ে ।

Leave A Reply

Your email address will not be published.