বৈজ্ঞানিক গৱেষণা আৰু উদ্ভাৱন যিকোনো দেশৰ অগ্ৰগতিৰ অন্যতম চিহ্ন। যিখন দেশে এই খণ্ডত সৰ্বাধিক ধন খৰচ কৰে সেইখন দেশ প্ৰযুক্তিগতভাৱে অধিক উন্নত। কিছুমান প্ৰযুক্তি আমাৰ দৈনন্দিন জীৱনৰ লগত ইমানেই জড়িত হৈ পৰিছে যে সেইবোৰ আমাৰ বাবে নিৰ্মাণ কৰা হোৱা নাছিল। বহুতে হয়তো নাজানে যে সেইবোৰ কেনেকৈ তৈয়াৰ কৰা হৈছে।
ইণ্টাৰনেট
ইণ্টাৰনেটৰ অবিহনে আমি আজি অচল হৈ পৰিছো। দৈনন্দিন কামৰ পৰা মনোৰঞ্জনলৈকে, মোবাইলৰ পৰা আৰম্ভ কৰি চিকিৎসা ব্যৱস্থালৈকে সকলো বস্তু ইণ্টাৰনেটৰ দ্বাৰাই সামৰি লোৱা হৈছে। ইণ্টাৰনেটে প্ৰযুক্তিৰ জগতখনত এক বৈপ্লৱিক পৰিৱৰ্তন আনিছে। কিন্তু ইয়াৰ উৎপত্তি কেৱল বিভিন্ন বিভাগৰ মাজত যোগাযোগ স্থাপনৰ বাবেই হৈছিল। ১৯৬৯ চনত সৃষ্টি হৈছিল আমেৰিকাৰ প্ৰতিৰক্ষা বিভাগৰ ‘আৰ্পানেট’। ইয়াৰ সহায়ত বিভিন্ন বিশ্ববিদ্যালয়, চৰকাৰী সংস্থা আৰু প্ৰতিৰক্ষা বিভাগৰ সৈতে যোগাযোগ স্থাপন কৰা হৈছিল।
জিপিএছ
গ্ল’বেল পজিচনিং চিষ্টেম (GPS) বৰ্তমান চীনৰ বাহিৰে প্ৰতিখন বিমান, গাড়ী, জাহাজ, পথ ইত্যাদিয়ে ব্যৱহাৰ কৰা হৈছে। ১৯৭০ চনত আমেৰিকাৰ প্ৰতিৰক্ষা বিভাগে ইয়াক প্ৰস্তুত কৰিছিল। ১৯৭৮ চনত প্ৰথম নেভিগেচন উপগ্ৰহ ‘নৱষ্টাৰ’ উৎক্ষেপণ কৰা হৈছিল। ১৯৯৩ চনৰ ভিতৰত ই সম্পূৰ্ণৰূপে কাৰ্যক্ষম হৈ উঠিছিল। প্ৰথমতে ইয়াক কেৱল আমেৰিকা আৰু ইয়াৰ মিত্ৰ দেশসমূহৰ ব্যৱহাৰৰ বাবে নিৰ্মাণ কৰা হৈছিল। ১৯৮৩ চনৰ পৰাই জিপিএছ ৰাজহুৱা ব্যৱহাৰৰ বাবে উপলব্ধ।
মাইক্ৰৱেভ অভেন
শীতল যুদ্ধৰ সময়ত ইয়াৰ আৱিষ্কাৰ। দ্বিতীয় বিশ্বযুদ্ধৰ পিছৰে পৰা ৰাডাৰ প্ৰযুক্তি দ্ৰুতগতিত আগবাঢ়িছে। ছোভিয়েট ইউনিয়নৰ আক্ৰমণৰ পৰা হাত সাৰিবলৈ ‘নাটো’ ৰাডাৰ প্ৰযুক্তি ব্যৱহাৰ কৰিবলৈ বাধ্য হৈছিল। ১৯৪৬ চনত বিজ্ঞানী পাৰ্চি স্পেন্সৰে বিদ্যুৎচুম্বকীয় তৰংগৰ ওপৰত গৱেষণা কৰি মাইক্ৰৱেভ আৱিষ্কাৰ কৰে। তেওঁৰ এই আৱিষ্কাৰত আকৰ্ষিত হৈ তেওঁ এটা কণী মাইক্ৰৱেভত ৰাখি বিস্ফোৰণ হোৱাটো চাই থাকিল। তাৰ পিছত গুমধানৰ বীজ থৈ পপকৰ্ণলৈ পৰিণত হোৱাটো চায়। এই অভাৱনীয় আৱিষ্কাৰৰ ফলত প্ৰথমটো মাইক্ৰৱেভ অভেনৰ সৃষ্টি হয়। ১৯৪৭ চনৰ পৰা সাধাৰণ মানুহৰ বাবে মাইক্ৰৱেভ অভেন উপলব্ধ হৈ আহিছে।
এভিয়েটৰ ছানগ্লাছ
এই চশমাবোৰ ১৯৩০ চনত বিমানচালকৰ বাবে নিৰ্মাণ কৰা হৈছিল। প্ৰথম অৱস্থাত বিমানখনৰ মুকলি ককপিটত ঠাণ্ডা বতাহ আৰু ৰ’দৰ পৰা ৰক্ষা পাবলৈ পাইলটসকলে ডাঙৰ ডাঙৰ চশমা পিন্ধিছিল। প্ৰযুক্তিৰ পৰিৱৰ্তনে বিমানৰ ককপিটৰ পৰিৱৰ্তন আনে। ঠাণ্ডা বতাহৰ পৰা ৰক্ষা পোৱাৰ পিছতো সূৰ্যৰ পোহৰত পাইলটসকলে অসুবিধা পাইছিল। সেই সমস্যাৰ সমাধানৰ বাবে আগবাঢ়ি আহিছিল আমেৰিকাৰ বায়ুসেনাৰ কৰ্ণেল জন মেকৰেডি। ১৯৩৬ চনত তেওঁ চিকিৎসা কোম্পানী এটাৰ সৈতে মিলি অতিবেঙুনীয়া ৰশ্মি প্ৰতিৰোধ কৰা ‘এণ্টি-গ্লেয়াৰ’ চশমা তৈয়াৰ কৰে। পিছত চশমাক ‘ৰে-বেন’ বুলি অভিহিত কৰা হয়।