আফগানিস্তানৰ ৰাজধানী কাবুলত আ*ত্মঘাতী বোমা বি*স্ফোৰণত নিহত হয় আফগানিস্তানৰ শৰণাৰ্থী পৰিক্ৰমা মন্ত্ৰী খলিল উৰ-ৰহমান হাক্কানী। বুধবাৰে (১১ ডিচেম্বৰ) কাবুলস্থিত মন্ত্ৰালয়ৰ কাৰ্যালয়ত সংঘটিত বি*স্ফোৰণত মন্ত্ৰীগৰাকীৰ মৃত্যু হয়।তিনি বছৰ পূৰ্বে তালিবান পুনৰ ক্ষমতালৈ অহাৰ পিছত আফগানিস্তানত সংঘটিত হোৱা এইটোৱেই হৈছে আটাইতকৈ মাৰাত্মক বোমা বি*স্ফোৰণ। ততাতৈয়াকৈ কোনেও বিস্ফোৰণৰ দায়িত্ব স্বীকাৰ কৰা নাই।নাম প্ৰকাশ নকৰা এগৰাকীবিষয়াই এক প্ৰতিবেদনত কয় যে দুৰ্ভাগ্যজনকভাৱে শৰণাৰ্থী মন্ত্ৰালয়ত বি*স্ফোৰণ ঘটিছে। শ্বহীদ হৈছে মন্ত্ৰী খলিল-উৰ-ৰেহমান হাক্কানী আৰু তেওঁৰ একাংশ সতীৰ্থ।খলিল উৰ-ৰেহমান হাক্কানী আছিল ‘হাক্কানী নেটৱৰ্ক’ৰ প্ৰতিষ্ঠাপক জালালুদ্দিন হাক্কানীৰ ভাতৃ। খলিল হাক্কানী ভাৰপ্ৰাপ্ত স্বৰাজ মন্ত্ৰী ছিৰাজুদ্দিন হাক্কানীৰ ককাক। জানিব পৰা মতে,তেওঁ তালিবানৰ এক শক্তিশালী নেটৱৰ্কৰো মুৰব্বী।