Breaking

শ্ৰীমন্ত শঙ্কৰ মিশ্যনত আন্তৰ্জাতিক ড্ৰাগছৰ অবৈধ ব্যৱসায় বিৰোধী দিৱস উদযাপন

0 17

দৈনন্দিন বাৰ্তাৰ সেৱা, ফুলগুৰি, ২৭ জুন : উত্তৰ পূৰ্বাঞ্চল আগশাৰীৰ স্বেচ্ছাসেৱী অনুষ্ঠান শ্ৰীমন্ত শংকৰ মিশ্যন আৰু সদৌ অসম গ্ৰাম্য পুথিভঁৰাল সন্থাৰ উদ্যোগত মিশ্যনৰ লোকসেৱক হলধৰ ভূঞা সভাগৃহত কালি আন্তৰ্জাতিক ড্ৰাগছৰ অপ-ব্যৱহাৰ আৰু অবৈধ ব্যৱসায় বিৰোধী দিৱসটি উদযাপন কৰা হয় । সেই উপলক্ষে পুৱা স্বচ্ছ ভাৰত অভিযান আৰু গছপুলি ৰোপণ কাৰ্যসূচী ৰূপায়ণ কৰা হয় । ইয়াৰ পিছতে ড্ৰাগছৰ বিৰুদ্ধে এক সজাগতা ৰেলী উলিওৱা হয় । ইয়াৰ পিছতে শ্ৰীমন্ত শংকৰ মিশ্যনৰ সভাপতি প্ৰেমেশ্বৰ দাসৰ সভাপতিত্বত এখন সজাগতা সভা অনুষ্ঠিত হয় । মিশ্যনৰ সাধাৰণ সম্পাদক বল্লদেৱ শৰ্মাই আঁঁতধৰা আৰু যুটীয়া সম্পাদক মুনীন্দ্ৰ শইকীয়াই উদ্দেশ্য ব্যাখ্যা কৰা সভাখন উদ্বোধন কৰে নগাঁও জিলা স্বাস্থ্য বিভাগৰ অবসৰপ্ৰাপ্ত যুটীয়া সঞ্চালক তথা নিবন্ধকাৰ ডা: কৃষ্ণ কুমাৰ বৰাই ।উদ্বোধনী ভাষণত ডা: বৰাই ড্ৰাগছৰ বিভিন্ন অপকাৰিতাৰ বিষয়ে উল্লেখ কৰি কয় যে ড্ৰাগছৰ লগতে সুৰা সেৱনে সমাজত বিৰূপ প্ৰভাৱ পেলায়। আৰ্থিক ক্ষতিৰ লগতে পৰিয়ালত বিশৃংখল পৰিস্থিতিৰ সৃষ্টি কৰে । মহামাৰী সদৃশ ড্ৰাগছৰ প্ৰচলন বন্ধ কৰাৰ একমাত্ৰ বিকল্প হৈছে সমাজৰ সকলো স্তৰৰ লোকৰ মাজত ব্যাপক সজাগতাৰ সৃষ্টি কৰা । সভাত নগাঁও জিলা স্বাস্থ্য বিভাগৰ মূখ্য স্বাস্থ্য আৰু চিকিৎসা বিষয়া ডা:বীনাপাণি নেওগে ড্ৰাগছ সেৱনৰ ফলত নৱপ্ৰজন্ম তথা এটা পৰিয়াললৈ কেনেকুৱা ভয়াবহ পৰিস্থিতি নামি আহে, সেই বিষয়ে উল্লেখ কৰি কয় যে সমাজৰ প্ৰতিজন দ্বায়িত্বশীল লোক ড্ৰাগছৰ অপব্যৱহাৰ আৰু অবৈধ ব্যৱসায়ৰ বিৰুদ্ধে যুঁঁজত অৱতীৰ্ণ হ’ব লাগিব । তেওঁ লগতে কয় যে নৱপ্ৰজন্মৰ মাজত মানসিক চিন্তা চেতনা জাগ্ৰত কৰাটো অতীৱ প্ৰয়োজন ।

সভাত মিশ্যনৰ আন এগৰাকী যুটীয়া সম্পাদক প্ৰদীপ শইকীয়া , সমাজ কৰ্মী পূৰ্ণ চন্দ্ৰ বাৰিক ,শিক্ষাবিদ ধৰ্মেশ্বৰ গোস্বামী , ফজলুল হক মৰল , কলংপাৰৰ সম্পাদক ভবেন বৰা ,সাংবাদিক কনক হাজৰিকা ,সদৌ অসম গ্ৰাম্য পুথিভঁৰাল সন্থাৰ সহকাৰী সম্পাদক খগেন নাথ , মিশ্যনৰ সদস্য জিতেন শৰ্মা ,প্ৰফুল্ল চন্দ্ৰ হাজৰিকাকে ধৰি ভালেসংখ্যক লোকে অংশগ্ৰহণ কৰে । সভাৰ আৰম্ভণিতে বীনাপ্ৰভা বৰাই লোকগীত পৰিবেশন কৰে। ইপিনে “প্ৰমাণ স্পষ্ট : প্ৰতিৰোধৰ বাবে হাত আগবঢ়াওক ” এই মন্ত্ৰক সৰোগত কৰি নগাঁও জিলা আইন সেৱা প্ৰাধিকাৰী উদ্যোগত এই দিৱস উপলক্ষে নগাঁও চহৰত দ্ৰোণাচাৰ্য উচ্চ মাধ্যমিক আৰু কণিষ্ঠ মহাবিদ্যালয়ৰ ছাত্ৰ -ছাত্ৰী সকলে ড্ৰাগছ বিৰোধী সজাগতা ৰেলী উলিয়াই । নগাঁও জিলা সত্ৰ ন্যায়াধীশ বিশ্বজিৎ চক্ৰৱৰ্তীয়ে এই ৰেলী শুভাৰম্ভ কৰে। ইয়াৰ পিছতে বিদ্যালয়খনত অনুষ্ঠিত সজাগতা সভাত জিলা আইন সেৱা প্ৰাধিকৰণৰ সচিব মুনমী নেওগৰ লগতে আইন সেৱা প্ৰাধিকৰণৰ বিষয়া কৰ্মচাৰী ,শিক্ষক ছাত্ৰ -ছাত্ৰী সকলে অংশগ্ৰহণ কৰে ।বক্তা সকলে শিক্ষাৰ্থী সকলক ড্ৰাগছৰ বিৰুদ্ধে সজাগ হবলৈ আহ্বান জনায়। জিলা আইন প্ৰাধিকৰণৰ উদ্যোগত আৰু গ্ৰাম বিকাশ পৰিষদৰ সহযোগত ৰাঙলুত এখন সজাগতা সভা অনুষ্ঠিত হয়। সভাত জিলা আইন সেৱা প্ৰাধিকৰণৰ সচিব মুনমী নেওগ , গ্ৰাম বিকাশ পৰিষদৰ মূখ্য উপদেষ্টা চিৰাজউদ্দিন আহমেদ ,সাংবাদিক ঘনকান্ত বৰা আদি বিশিষ্ট ব্যক্তি সকলে অংশগ্ৰহণ কৰে। নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ৰ মানসিক ৰোগ নিৰাময় বিভাগৰ উদ্যোগত নগাঁও চৰকাৰী উচ্চতৰ মাধ্যমিক বালক বিদ্যালয়ৰ সভাকক্ষত অবৈধ ড্ৰাগছ ব্যৱসায় বিৰোধী দিৱস পালন কৰা হয় । এই উপলক্ষে অনুষ্ঠিত সভাত চিকিৎসালয়খনৰ মানসিক ৰোগ নিৰাময় বিভাগৰ চিকিৎসক ডা :জিয়াউদ্দিন আহমেদ ,বিষয়া মনিমালা মহন্ত ,গীতামণি বৰুৱা ,অৱনিতা শইকীয়াৰ লগতে বিদ্যালয়খনৰ শিক্ষক,শিক্ষয়িত্ৰী সকলে অংশগ্ৰহণ কৰে ।

Leave A Reply