Breaking

দেৰগাঁৱত আন্তঃৰাষ্ট্ৰীয় নাৰ্ছ দিৱস পালন…

0 71

প্ৰতিবছৰ দৰে এই বৰ্ষটো দেৰগাঁও সংগীতা নাৰ্ছিং কেন্দ্ৰত পালন কৰা হয় আন্তৰ্জাতিক নাৰ্ছ দিৱস। ১৮২০ চনত জন্ম গ্ৰহণ কৰা ফ্লোৰেন্স নাইটিংগেলৰ প্ৰতি সন্মান জনাই উদযাপন কৰা আন্তৰ্জাতিক ধাত্ৰী দিৱসৰ উপলক্ষে আজি দেৰগাঁও চুপাৰমাৰ্কেটস্থিত সংগীতা নাৰ্ছিং কেন্দ্ৰত উদযাপন কৰে আন্তঃৰাষ্ট্ৰীয় নাৰ্ছ দিৱস।

কাৰ্যসূচীত প্ৰশিক্ষণত আৰু প্ৰাক্তন ছাত্ৰ-ছাত্ৰীৰ লগতে কেইবাজনো বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে। উলহ-মালহেৰে কেক কাটি উদযাপন কৰা ধাত্ৰী দিৱসৰ দিনটোত নাৰ্ছসকলে যাতে কৰ্ম সম্পাদন কৰি সুন্দৰভাৱে সেৱা আগবঢ়াই যাব পাৰে তাৰ বাবে ভগৱানৰ পৰা সকলোৱে আশিষ বিচাৰে।

Leave A Reply

Your email address will not be published.