International Seminar । উজনি অসমৰ উচ্ছশিক্ষাৰ অগ্ৰণী প্ৰতিষ্ঠান নৰ্থ লখিমপুৰ কলেজে পোন প্ৰথমবাৰৰ বাবে এখন আন্তঃৰাষ্ট্ৰীয় আলোচনা-চক্ৰৰ আয়োজন কৰিছে৷ অহা 25-26 এপ্ৰিলত অনুষ্ঠিতব্য এই আলোচনা-চক্ৰৰ আয়োজনত সহযোগী হিচাপে আছে অসম চৰকাৰৰ বুৰঞ্জী আৰু পুৰাতত্ত্ব সঞ্চালকালয়৷
১৮২৬ চনত ব্ৰিটিছ আৰু আভা ৰজাৰ মাজত হোৱা ঐতিহাসিক ইয়াণ্ডাবু সন্ধিৰ দুশ বছৰ উপলক্ষে আয়োজিত এই আলোচনা-চক্ৰৰ শিৰোনাম হ’ল – ‘ইয়াণ্ডাবু সন্ধি আৰু ঊনবিংশ শতিকাৰ অসম’৷ ম্যানমাৰ, থাইলেণ্ড, বাংলাদেশ আৰু কলকাতাৰ পাঁচগৰাকী সমল ব্যক্তিয়ে অংশ ল’ব লগা এই অনুষ্ঠানত দেশ-বিদেশৰ যিকোনো আগ্ৰহী ব্যক্তি তথা গৱেষকে অংশ ল’ব পাৰিব অথবা গৱেষণা পত্ৰ পাঠ কৰিব পাৰিব৷ ঊনবিংশ শতিকাৰ অসমৰ অৰ্থনীতি, ৰাজনীতি, সমাজ, সংস্কৃতি, সাহিত্য, প্ৰকৃতি, বাণিজ্য, বিজ্ঞান, কৃষি আদি যিকোনো বিষয়ৰ গৱেষণা পত্ৰৰে অংশগ্ৰহণৰ বাবে ১০ এপ্ৰি’লৰ ভিতৰত সাৰাংশ প্ৰেৰণ কৰিব পাৰিব৷ ভাষিক মাধ্যম – ইংৰাজী, অসমীয়া আৰু হিন্দী৷ দূৰণিবটীয়া অংশ গ্ৰহণকাৰীসকলৰ বাবে কলেজৰ অতিথিশালাত থকাৰ ব্যৱস্থাও কৰা হৈছে৷ অধ্যক্ষ ড॰ বিমান চন্দ্ৰ চেতিয়াই কয় যে, আশা কৰা হৈছে এই আলোচনা-চক্ৰই অসমৰ ইতিহাসৰ আধুনিক যুগটোৰ বহুতো অনালোচিত দিশৰ উন্মোচন কৰিব৷ আগ্ৰহীসকলে তথ্যৰ বাবে মুখ্য সমন্বয়ক ড॰ অৰবিন্দ ৰাজখোৱা [৯৪৩৫১-৮৯১৭৪, ৭০০২৯-৬৮৯৩২], সমন্বয়ক ড॰ চুচেংফা গগৈ [৭০৮৬০-৭৩৫৫৭] অথবা ড॰ ৰাতুল কুমাৰ লাহন [৯৯৫৪৮-৩২০৪০] ৰ লগত যোগাযোগ কৰিব পাৰিব৷ লগতে কলেজৰ ৱেবছাইটতো সবিশেষ তথ্য লাভ কৰিব৷