International Senior Citizens’ Day মঙ্গলবাৰে আন্তৰ্জাতিক জ্যেষ্ঠ নাগৰিক দিৱসত অংশগ্ৰহণ সাংকৃতিক মন্ত্ৰী বিমল বৰা

গুৱাহাটী ১ অক্টোবৰ : অসম চৰকাৰৰ জ্যেষ্ঠ নাগৰিক কল্যাণ পৰিষদৰ সামাজিক ন্যায় আৰু সবলীকৰণৰ সঞ্চালকালয়ৰ উদ্যোগত আৰু জ্যেষ্ঠ নাগৰিক সন্থা অসমৰ সহযোগত আন্তৰ্জাতিক জ্যেষ্ঠ নাগৰিক দিৱস (International Senior Citizens’ Day) মঙ্গলবাৰে পালন কৰা হয় ।পাঞ্জাবাৰীৰ শ্ৰীমন্ত শঙ্কৰদেব আন্তৰ্জাতিক প্ৰেক্ষাগৃহত অনুস্থিত কৰা আজিৰ এই কাৰ্যসূচীত মুখ্য অতিথি হিচাপে অংগ্ৰহণ কৰে(Minister of State for Culture Bimal Bora) অসম চৰকাৰৰ সাংকৃতিক মন্ত্ৰী বিমল বৰা ।

এই অনুষ্ঠানত উপস্থিত থাকি মন্ত্ৰী বৰাই কয় যে “জেষ্ঠ নাগৰিক(Senior Citizens) সকলৰ মাজত এনে ধৰনৰ গীত নৃত্য প্ৰতিযোগিতা অনুষ্ঠিত কৰি তেওঁ লোকৰ মাজত থকা প্ৰতিভা বিকাশৰ লগতে মানসিক দিশটো সহায়ক কৰে “।

উল্লেখযোগ্য যে এই অনুষ্ঠানত সামাজিক ন্যায় আৰু সবলীকৰণৰ বিভাগৰ সঞ্চালক ভাস্কৰ জ্যোতি মান্তা, সন্থাৰ সভাপতি সুৰেশ শইকীয়াৰ লগতে কেইবা গৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে ।অনুষ্ঠানত জ্যেষ্ঠ সাংবাদিক ধীৰেন্দ্ৰ নাথ চক্ৰৱৰ্তী, ৰমেন চৌধুৰী, অভিনেতা তথা পৰিচালক উপকূল বৰদলৈ,বিশিষ্ট সংগীত শিল্পী তথা গায়িকা সন্ধ্যা মেনন, বিশিষ্ট সংগীত শিল্পী মালবিকা বৰা,বিশিষ্ট সংগীত শিল্পী পাহাৰী দাসকে ধৰি মুঠ ছয় গৰাকী ব্যক্তিক বিশেষ ভাবে সম্বৰ্ধনা জনোৱা হয়। আনহাতে জেষ্ঠ নাগৰিক সকলৰ মাজত ৰাজ্যিক ভিত্তিত অনুষ্ঠিত কৰা ভূপেন্দ্ৰ সঙ্গীত ,ৰাভা সঙ্গীত ,বিষ্ণু ৰাভা সঙ্গীত বিজয়ী প্ৰতিযোগী সকলক পুৰস্কৃত কৰা হয়।

লগতে পঢ়ক:

সাতসৰী সামাজিক, সাংস্কৃতিক উন্নয়নৰ উদ্যোগত ৰাষ্ট্ৰীয় আৰোগ্য মেলা

Related Articles