Breaking

আন্তৰ্জাতিক টাইকোৱানডো খেলুৱৈ জ্ঞানদ্বীপ কলিতাৰ খেলুৱৈলৈ সাহাৰ্য :পূব নলবাৰী কচিং চেণ্টাৰৰ উল্লেখনীয় পদক্ষেপ

0 521

মহামাৰী ক’ৰোনা ভাইৰাচৰ পৰা ৰক্ষা পাবলৈ চৰকাৰে বান্ধি দিয়া নীতি-নিয়মকে সৰোগত কৰি খেলুৱৈ সকল ঘৰতে আবদ্ধ হৈ থাকিবলগীয়া হৈছে। ঘৰতে থাকি অনুশীলন চলাই আছে যদিও খোৱা-লোৱাৰ বিভিন্ন সমস্যা আহি পৰিছে। ২ বজাত সান্ধা আইন ঘোষণা কৰাৰ লগে লগে দিন-হাজিৰা কৰা কিছু খেলুৱৈ তথা অভিভাৱকে কতো কাম কৰিব পৰা নাই। ফলত গভীৰ অৰ্থ সংকটত ভুগিছে এই সকল খেলুৱৈৰ পৰিয়াল। এই কথা উপলদ্ধি কৰি নলবাৰী জিলাৰ অগ্ৰণী ক্ৰীড়া সংগঠন পূব নলবাৰী ক’চিং চেণ্টাৰে খেলুৱৈৰ দুৰ্দশাৰ কথা কিছু হৃদয়ৱান ব্যাক্তিক অৱগত কৰাত কেইবাজনো ব্যাক্তিয়ে ইতিমধ্যে খেলুৱৈ সকলক সহায়ৰ হাত আগবঢ়াইছে আৰু কেইবাজনো ব্যাক্তিয়ে সহায় আগবঢ়াব বুলি প্ৰতিশ্ৰুতি দিছে। আজি নলবাৰীৰ গৌৰৱ আন্তৰাষ্ট্ৰীয় টাইকোৱানডো খেলুৱৈ জ্ঞানদ্বীপ কলিতাই দুখীয়া খেলুৱৈৰ পক্ষত থিয় হৈ সাহস আৰু প্ৰেৰণা দিয়াৰ লগতে ২০ জন খেলুৱৈৰ মাজত চাউল-৩ কিলো, ডাইল-১ কিলো, মিঠাতেল-আধা লিটাৰ, আলু-২ কিলো, পিয়াজ-১ কিলো, বুট, বিস্কুট ইত্যাদি অত্যাৱশ্যকীয় সামগ্ৰী যোগান ধৰে। খাদ্য-সামগ্ৰী বিতৰণ অনুষ্ঠানত উপস্থিত থাকে জ্ঞানদ্বীপ কলিতা, ভাৰতীয় জনতা যুৱ মৰ্চা নলবাৰী জিলা সমিতিৰ সভাপতি হেমন্ত কুমাৰ বৰ্মন, পূব নলবাৰী ক’চিং চেণ্টাৰৰ সভাপতি দীপক কুমাৰ দাস। খাদ্য-সামগ্ৰী গ্ৰহন কৰি খেলুৱৈ সকল উৎসাহী হৈ পৰে লগতে জ্ঞানদ্বীপ কলিতাৰ মহানুভৱতাক সকলোৱে ধন্যবাদ সহ কৃতজ্ঞতা জ্ঞাপন কৰে।

Leave A Reply

Your email address will not be published.