iPhone 16 Bans: এপলৰ নতুন মডেল iPhone 16 নিষিদ্ধ; iPhoneৰ নতুন মডেলটোৰ ব্যৱহাৰক অবৈধ ঘোষণা

নিউজ ডেস্ক, ২৭ অক্টোবৰ: iPhone 16 আৰু Apple Watch Series 10ৰ বিক্ৰী আৰু ব্যৱহাৰৰ ওপৰত এতিয়া কঠোৰ নিষেধাজ্ঞা জাৰি কৰা হৈছে(iPhone 16 Bans)। কোনো ব্যক্তিয়ে যদি এই নতুন মডেলসমূহ ক্ৰয় অথবা ব্যৱহাৰ কৰে, তেন্তে সেয়া সম্পূৰ্ণৰূপে অবৈধ হিচাপে গণ্য কৰা হ’ব। লগতে বিদেশৰ পৰা এনে ডিভাইচ ক্ৰয় কৰি অনাৰ ক্ষেত্ৰতো জনসাধাৰণক সতৰ্ক কৰি দিয়া হৈছে। নতুন iPhone 16 আৰু iPhone 16 Pro মডেলৰ লগতে Apple Watch Series 10ৰ বিক্ৰী, ক্ৰয়, আৰু ব্যৱহাৰ সপূৰ্ণৰূপে নিষিদ্ধ কৰা হৈছে, যাৰ বাবে IMEI (International Mobile Equipment Identity)ৰ প্ৰমাণপত্ৰ মঞ্জুৰ কৰা হোৱা নাই। ফলস্বৰূপে, এই ডিভাইচসমূহ কোনো মেজৰ ই-কমাৰ্চ প্লেটফৰ্মতো উপলব্ধ নহ’ব। ইতিমধ্যে বলবৎ কৰা হৈছে নিষেধাজ্ঞা।

অৱশ্যে, এই নিষেধাজ্ঞা ভাৰতত নহয়, ইন্দোনেছিয়াতহে নিষিদ্ধ কৰা হৈছে iPhone 16 (Indonesia bans Apple iPhone 16)। দেশখনৰ উদ্যোগ মন্ত্ৰী অগুছ গুমিৱাং কাৰ্তসমিতাই ঘোষণা কৰে যে ইন্দোনেছিয়াৰ ভিতৰত ব্যৱহাৰ হৈ থকা এপলৰ যিকোনো শেহতীয়া মডেলক অবৈধ বুলি গণ্য কৰা হ’ব।

মন্ত্ৰীগৰাকীয়ে লগতে উল্লেখ কৰে যে তেওংলোকৰ দেশত ডিভাইচটোৰ প্ৰয়োজনীয় আন্তঃৰাষ্ট্ৰীয় ম’বাইল ইকুইপমেণ্ট আইডেন্টিটি (আইএমইআই) প্ৰমাণপত্ৰ মঞ্জুৰ কৰা হোৱা নাই।

ইন্দোনেছিয়াই iPhone 16 আৰু Appleৰ আন নতুন মডেলসমূহ নিষিদ্ধ কৰাৰ মূল কাৰণ হিচাপে কোম্পানীটোৱে দেশখনৰ লগত কৰা বিনিয়োগৰ প্ৰতিশ্ৰুতি পূৰণ নকৰাৰ কথা উল্লেখ কৰিছে। স্থানীয় সমবাদ মাধ্যমত প্ৰকাশ পোৱা তথ্য অনুসৰি, এপলে দেশখনক ১.৭১ ট্ৰিলিয়ন টকা (১০৯ মিলিয়ন ডলাৰ) বিনিয়োগৰ প্ৰতিশ্ৰুতি দিছিল যদিও বৰ্তমানলৈকে ১.৪৮ ট্ৰিলিয়ন টকা (৯৫ মিলিয়ন ডলাৰ)হে বিনিয়োগ কৰিছে, যাৰ ফলত ২৩০ বিলিয়ন টকা (১৪.৭৫ মিলিয়ন ডলাৰ) এতিয়াও বিনিয়োগ কৰিবলৈ বাকী আছে। এই কাৰণতেই উদ্যোগ মন্ত্ৰালয়ে ইণ্ডোনেছিয়াত আইফোন ১৬ বিক্ৰীৰ ক্ষেত্ৰত প্ৰয়োজনীয় অনুমতি প্ৰদান কৰা নাই বুলি মন্ত্ৰীগৰাকীৰ উদ্ধৃতিৰে দেশখনৰ সংবাদ মাধ্যমে বাতৰি প্ৰকাশ কৰিছে ।

ইয়াৰ উপৰিও, ইন্দোনেছিয়াই Appleক দেশখনত গৱেষণা আৰু উন্নয়ন কেন্দ্ৰ স্থাপনৰো দাবী কৰিছে, যাৰ অভাৱত এই নতুন মডেলসমূহৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰা হৈছে।

Related Articles