Iran Attack on Israel: আক্ৰমণাত্মক ৰূপত আমেৰিকা, ইৰাণী মিছাইল বিধ্বস্ত কৰিবলৈ আমেৰিকান সেনাক জ’ বাইডেনৰ নিৰ্দেশ

ৱাশ্বিংটন, ২ অক্টোবৰ: মঙলবাৰে ইজৰাইলৰ ওপৰত ইৰাণৰ প্রায় ১০০ টা মিছাইল আক্ৰমণৰ পাছত এতিয়া আমেৰিকা তৎপৰ হৈ পৰিছে । পোনপটিয়াকৈ ইজৰাইলক সহায় কৰিবলৈ আমেৰিকাৰ সেনাক হোৱাইট হাউছৰ পৰা নিৰ্দেশ দিয়া হৈছে । হোৱাইট হাউছে উল্লেখ কৰা অনুসৰি, “আমেৰিকাৰ ৰাষ্ট্ৰপতি জ’ বাইডেনে ইৰাণৰ আক্ৰমণৰ বিৰুদ্ধে ইজৰাইলক সহায় কৰিবলৈ আমেৰিকাৰ সেনাক নিৰ্দেশ প্ৰদান কৰিছে ।”

ইৰাণী চৰকাৰী নিউজ চেনেলৰ খবৰ অনুসৰি, ইৰাণৰ ৰিভল্যুচনাৰী গাৰ্ডছে দাবী কৰিছে যে তেওঁলোকে ইজৰাইলৰ দিশে বহুসংখ্যক মিছাইল নিক্ষেপ কৰিছে(Iran missile attack on Israel) । লগতে সতৰ্ক কৰি দিছে, যদিহে ইজৰাইলে ইয়াৰ প্ৰত্যুত্তৰ দিয়ে তেতিয়া হ’লে তেহৰানৰ প্ৰতিক্ৰিয়া অধিক ধ্বংসাত্মক হ’ব।

মিছাইল আক্ৰমণৰ পাছত আমেৰিকাৰ তাৎক্ষণিক পদক্ষেপ(US Response Following Missile Attack)

মঙলবাৰে ইজৰাইলৰ ওপৰত ইৰাণে কৰা ১০০ ৰো অধিক মিচাইল আক্ৰমণৰ লগে লগে আমেৰিকাই নিজৰ সেনাবাহিনীক অধিক তৎপৰতাৰে ইজৰাইলক সহায় কৰাৰ লগতে ইৰাণক লক্ষ্য কৰি ক্ষেপণাস্ত্ৰ নিক্ষেপ কৰিবৰ বাবে নিৰ্দেশ প্ৰদান কৰিছে । তাৰোপৰি মধ্যপ্ৰাচ্যত থকা আমেৰিকান সেনাবাহিনীলৈকো সতর্ক হৈ থাকিবলৈ নিৰ্দেশ প্ৰদান কৰিছে। ৰাষ্ট্ৰপতি জ’ বাইডেন(US President Joe Biden) আৰু উপ-ৰাষ্ট্ৰপতি কমলা হেৰিছে(Vice President Kamala Harris) হোৱাইট হাউছৰ সিচুৱেচন ৰূমৰ পৰা ইজৰাইলৰ ওপৰত হোৱা আক্ৰমণৰ প্ৰতিটো মুহূৰ্ত নিৰিক্ষণ কৰি থকাৰ লগতে তেওঁলোকৰ ৰাষ্ট্ৰীয় নিৰাপত্তা দলৰ পৰা আপডেট লৈ আছে।

অৱশ্যে এই খবৰ প্ৰকাশ পোৱাৰ সময়লৈকে, তেল আভিভত থকা আমেৰিকান সেনাবাহিনীৰ কোনো ধৰণৰ ক্ষতি হোৱা নাই। আক্ৰমণৰ পূৰ্বেই আমেৰিকাই আশংকা প্ৰকাশ কৰিছিল যে ইৰাণে শীঘ্ৰেই ইজৰাইলৰ ওপৰত বেলিষ্টিক মিছাইল আক্ৰমণ কৰিবলৈ সাজু হৈছে। আমেৰিকাৰ এজন শীৰ্ষস্থানীয় বিষয়াই এই কথা উল্লেখ কৰি “যদি এনেকুৱা হয়, তেন্তে তাৰ ফলাফল অতি ভয়ংকৰ হ’ব।” বুলি ইৰাণক সকিয়াই দিছিল ।

শীৰ্ষস্থানীয় বিষয়াগৰাকীয়ে লগতে কয় যে, আমেৰিকাই ইজৰাইলৰ প্ৰতিৰক্ষাৰ প্ৰস্তুতিত সক্ৰিয়ভাৱে সমৰ্থন আগবঢাই আহিছে । এই ঘটনাটো এনে সময়ত সংঘটিত হৈছিল যেতিয়া ইজৰাইলী সেনাই লেবাননৰ সীমান্তৱৰ্তী অঞ্চলত থকা বাসগৃহসমূহ খালি কৰিবলৈ নিৰ্দেশ দিছিল ।

ইৰাণ-ইজৰাইলৰ মাজত চলি থকা উত্তেজনা

ইৰাণ আৰু ইজৰাইলৰ মাজত চলি থকা উত্তেজনাৰ মাজতে এই ধৰণৰ মিছাইল আক্ৰমণ আৰু তাৰ বিৰুদ্ধে আমেৰিকাৰ প্ৰতিক্ৰিয়াই সমগ্ৰ মধ্যপ্ৰাচ্যত চলি থকা ৰাজনৈতিক পৰিস্থিতিক ক’লা মেঘেৰে সম্পূৰ্ণৰূপে চানি পেলাইছে । “ইৰাণৰ মিছাইল আক্ৰমণ” এই পৰিস্থিতিত এক গুৰুত্বপূর্ণ বিষয় হিচাবে চিহ্নিত হৈছে ।

Related Articles