Missile Strike on Israel: ৭ অক্টোবৰত ইজৰাইলৰ ওপৰত চলোৱা আক্ৰমণক বৈধ ঘোষণা খোমেইনীৰ

দৈনন্দিন বাৰ্তাৰ অনলাইন ফিচাৰ, ৫ অক্টোবৰঃ ইৰাণ-ইজৰাইলৰ মাজত ক্ৰমাৎ বৃদ্ধি পাইছে যুদ্ধৰ বিভীষিকা। ইতিমধ্যে ইজৰাইলত ইৰাণৰ আক্ৰমণত বহু লোকৰ মৃত্যু ঘটিছে। ইয়াৰ মাজতে ইৰাণৰ শীৰ্ষ নেতা আয়াতুল্লাহ আলী খোমেইনীয়ে তেহৰাণৰ গ্ৰেণ্ড মোছাল্লা মছজিদত শুকুৰবাৰে ইজৰাইলে চলোৱা আক্ৰমণক গৰিহণা দি কয় ইজৰাইল ‘বেছি দিন নাথাকিব’। লাখ লাখ সমৰ্থকৰ আগত খোমেইনীয়ে বহু বছৰৰ পিছত প্ৰথমবাৰৰ বাবে জুম্মাৰ নামাজৰ নেতৃত্ব দিয়ে। ইৰাণে ইজৰাইলত ১৮০টা বেলিষ্টিক মিছাইল নিক্ষেপ কৰাৰ পিছত এয়াই তেওঁৰ প্ৰথম ৰাজহুৱা উপস্থিতি আছিল(Missile Strike on Israel)।

শুকুৰবাৰে গ্ৰেণ্ড মোছালা মছজিদত উপস্থিত থকা বিপুল জনসমাগমত পেলেষ্টাইন, হিজবুল্লাহ আৰু লেবাননৰ পতাকা উৰুৱাই থকা দেখা গৈছিল। কাষত বন্দুক লৈ ইৰাণৰ শীৰ্ষ নেতাগৰাকীয়ে(Iranian Supreme Leader Ayatollah Ali Khamenei) ঘোষণা কৰে যে হামাছ বা হিজবুল্লাহৰ বিৰুদ্ধে ইজৰাইল সফল নহ’ব।

অঞ্চলটোত উত্তেজনা বৃদ্ধি পোৱাৰ লগে লগে আমেৰিকাৰ সমৰ্থিত ইজৰাইলে শেহতীয়াকৈ সংঘটিত হোৱা ক্ষেপণাস্ত্ৰ আক্ৰমণৰ প্ৰতিশোধ লোৱাৰ কথা চিন্তা কৰিছে। শুকুৰবাৰে মছদিজত দিয়া ভাষণত খোমেইনীয়ে যোৱা সপ্তাহত বেইৰুটত ইজৰাইলৰ বিমান আক্ৰমণত নিহত ইৰাণ সমৰ্থিত লেবাননৰ গোট হিজবুল্লাহৰ প্ৰাক্তন নেতা হাছান নাছৰল্লাকো প্ৰশংসা কৰে।

খোমেইনীয়ে কয়, ‘ছৈয়দ হাছান নছৰল্লাহ হয়তো আৰু আমাৰ লগত নাথাকিব, কিন্তু তেওঁৰ আত্মা আৰু উত্তৰাধিকাৰে আমাক অনিৰ্দিষ্টকাললৈ অনুপ্ৰাণিত কৰি থাকিব। তেওঁ আছিল শত্ৰুৰ বিৰুদ্ধে প্ৰতিৰোধৰ এক বিশেষ প্ৰতীক। তেওঁ শ্বহীদ হোৱাটোৱে তেওঁৰ প্ৰভাৱ বৃদ্ধিহে কৰিব। আমাৰ অদম্য বিশ্বাসক শক্তিশালী কৰাৰ সমান্তৰালভাৱে আমি শত্ৰুৰ বিৰুদ্ধে একত্ৰিত হ’ব লাগিব।’

পেলেষ্টাইনী হামাছ গোট(Palestinian militant group Hamas)ক সমৰ্থন কৰা ইৰাণৰ শীৰ্ষ নেতাগৰাকীয়ে ৭ অক্টোবৰত ইজৰাইলৰ ওপৰত কৰা আক্ৰমণক “শুদ্ধ পদক্ষেপ” (Justified action)আছিল বুলিও অভিহিত কৰে(Missile attack on Israel)। তেওঁ কয় যে কোনো আন্তঃৰাষ্ট্ৰীয় আইনে লেবানন আৰু পেলেষ্টাইনীক দখলৰ বিৰুদ্ধে নিজকে ৰক্ষা কৰাৰ বাবে বিৰোধিতা কৰিব নালাগে। ৪০ মিনিটৰ ভাষণত হাজাৰ হাজাৰ লোকক সম্বোধন কৰি খোমেইনীয়ে এই আক্ৰমণক পেলেষ্টাইন জনতাৰ বৈধ কাৰ্য্য বুলি অভিহিত কৰে।

খোমেইনীৰ ভাষণৰ পূৰ্বে লেবাননৰ প্ৰয়াত হিজবুল্লাহ নেতা হাছান নছৰল্লাহক শ্ৰদ্ধাঞ্জলি জনোৱাৰ উদ্দেশ্যে এক অনুষ্ঠান আয়োজন কৰা হয়। এই অনুষ্ঠানত ৰাষ্ট্ৰপতি মাছুদ পেজেছকিয়ান আৰু ৰিভল্যুচনেৰী গাৰ্ডৰ জ্যেষ্ঠ জেনেৰেলকে ধৰি ইৰাণৰ বহু শীৰ্ষ বিষয়াই অংশগ্ৰহণ কৰে। হিজবুল্লাহৰ মূল সমৰ্থক ইৰাণে এই গোটটোক অস্ত্ৰ-শস্ত্ৰ আৰু কোটি কোটি ডলাৰেৰে সহায় কৰি আহিছে।

ইৰাকৰ নেতাগৰাকীয়ে শেষবাৰৰ বাবে ২০২০ চনৰ জানুৱাৰী মাহত শুকুৰবাৰৰ নামাজৰ নেতৃত্ব দিছিল, ইৰাকৰ আমেৰিকান সেনাৰ ঘাটিত ক্ষেপণাস্ত্ৰ আক্ৰমণৰ পিছত যিটো ৰিভল্যুচনেৰী গাৰ্ডছৰ শীৰ্ষ অধিনায়ক কাচেম ছলেমানীক হত্যা কৰাৰ প্ৰতিক্ৰিয়া আছিল। ইৰাণে ইজৰাইলৰ সৈতে দক্ষিণ আৰু উত্তৰ ফ্ৰণ্টত সংঘাতত লিপ্ত হামাছ আৰু হিজবুল্লাহ দুয়োটা দলকে সমৰ্থন অব্যাহত ৰাখিছে।

লগতে পঢ়ক: Iran Attack on Israel: আক্ৰমণাত্মক ৰূপত আমেৰিকা, ইৰাণী মিছাইল বিধ্বস্ত কৰিবলৈ আমেৰিকান সেনাক জ’ বাইডেনৰ নিৰ্দেশ

Related Articles