Breaking

আজি ইৰাণত অনুষ্ঠিত হ’ব ৰাষ্ট্ৰপতি নিৰ্বাচন, ভোটদানৰ প্ৰতি মোহভংগ ইৰাণী ভোটাৰৰ…

0 10

ইৰাণে এতিয়া আয়াতুল্লাহে বৰ্ণনা দিয়াৰ দৰে পৰিস্থিতিৰ সন্মুখীন হৈছে৷ শুকুৰবাৰে ইৰাণত অনুষ্ঠিত হ’ব ৰাষ্ট্ৰপতি নিৰ্বাচন, ১৯৭৯ ৰ ইছলামিক বিপ্লৱৰ পিচত দ্বিতীয়বাৰলৈ ইৰাণত ৰাষ্ট্ৰপতি নিৰ্বাচন অনুষ্ঠিত হ’ব৷ যোৱা সপ্তাহত ইৰাণৰ মুঠ ভোটাৰৰ মাত্ৰ
৩৯.৯ শতাংশইহে বেলটত ভোটাধিকাৰ সাব্যস্ত কৰিছিল৷ ২৪.৫ মিলিয়ন ভোটৰ ভিতৰত প্ৰায় ১ মিলিয়ন ভোট নাকচ হৈছিল ৷ ইয়ে এই কথাৰ উমান দিয়ে যে ভোটাৰসকলে ভোটদান কৰিব বিচাৰে যদিও সকলো প্ৰাৰ্থীকেই পছন্দ নকৰে৷ ইফালে, বছৰ বছৰ ধৰি ইৰাণৰ অৰ্থনীতি নিম্নস্তৰলৈ গতি কৰাৰ পিচত জনতাৰ ক্ষোভ উথলি উঠিছে, লগতে ২০২২ চনত মাছা আমিনীক মূৰত স্কাৰ্ফ পিন্ধা নাছিল বুলি অভিযোগ উত্থাপন কৰি দেশখনৰ মৰেলিটী আৰক্ষীয়ে আটক কৰাৰ পিচত তেওঁৰ মৃত্যুৰ ফলত সৃষ্টি হৈছিল গণ প্ৰতিবাদকে ধৰি বিভিন্ন বিৰোধৰ৷ ইয়াৰ ওপৰত ৰক্তাক্ত দমন চলোৱাৰ কাৰ্যই জনতাৰ মনত ক্ষোভৰ সৃষ্টি কৰি আহিছে ৷এতিয়া প্ৰাক্তন কট্টৰ পাৰমাণৱিক আলোচনাপন্থী ছাইদ জালিলিৰ সন্মুখীন হৈছে সংস্কাৰবাদী মাছুদ পেজেস্কিয়ান, যিজন হৃদৰোগ বিশেষজ্ঞ, যাক ৰাষ্ট্ৰপতি পদ লাভ কৰিবলৈ সম্ভৱতঃ ব্যাপক ভোটৰ প্ৰয়োজন। পেজেস্কিয়ানৰ সমৰ্থকসকলে জালিলিৰ অধীনত আগন্তুক অন্ধকাৰ দিনৰ সতৰ্কবাণী কৰিছে। ইফালে বহুলোক নিশ্চিত নহয় যে তেওঁলোকৰ ভোট কিমান গুৰুত্বপূৰ্ণ !গ্ৰাফিক্স ডিজাইন অধ্যয়ন কৰা ২৩ বছৰীয়া ছাত্ৰী লেইলা ছেইয়েডিয়ে কয়, ‘‘মই ভোট দিয়া নাছিলোঁ আৰু নিদিওঁ, যিহেতু মাছা আৰু পিচৰ
যুৱক-যুৱতীসকলে সন্মুখীন হোৱা দুখ-কষ্টৰ বাবে কোনেও ক্ষমা বিচৰা নাছিল, সংস্কাৰবাদী বা কঠোৰ পন্থীসকলেও ক্ষমা বিচৰা নাছিল।’’ইৰাণৰ নিৰ্বাচনী আইন অনুসৰি দ্বিতীয় নিৰ্বাচনৰ পৰা হাত সাৰিবলৈ প্ৰাৰ্থীয়ে ৫০% তকৈ অধিক ভোট লাভ কৰিব লাগিব । শনিবাৰে প্ৰকাশ পোৱা ফলাফলত পেজেস্কিয়ান ১ কোটি ৪ লাখ ভোট লাভ কৰাৰ বিপৰীতে জালিলিয়ে ৯৪ লাখ ভোট লাভ
কৰে। সংসদৰ অধ্যক্ষ মহম্মদ বাঘেৰ কালিবাফে ৩৩ লাখ ভোটেৰে তৃতীয় স্থান লাভ কৰাৰ বিপৰীতে ছিয়া ধৰ্মগুৰু মোস্তাফা পৌৰমোহম্মদীৰ হাতত ২০৬,০০০ ৰো অধিক ভোট লাভ কৰে।

বিশ্লেষকসকলে কয় যে ইৰাণৰ অৰ্ধসামৰিক ৰিভল্যুচনেৰী গাৰ্ডৰ প্ৰাক্তন জেনেৰেল তথা ছাত্ৰ-ছাত্ৰীৰ বিৰুদ্ধে দমন আৰু দুৰ্নীতিৰ অভিযোগৰ বাবে পৰিচিত ৰাষ্ট্ৰীয় আৰক্ষী অধীক্ষক কালিবাফৰ অধিকাংশ সমৰ্থক ভোটাৰে জালিলি সমৰ্থন কৰাৰ পিচত তেওঁ তীব্ৰ প্ৰতিদন্দ্বিতা কৰাৰ সম্ভাৱনা আছে। যিয়ে ১৯৮০ চনৰ ইৰাক-ইৰাক যুদ্ধত এখন ভৰি হেৰুৱাই “জীৱন্ত শ্বহীদ” নামেৰে পৰিচিত
৫৮বছৰীয়া জালিলিক ৰান অফৰ বাবে আগশাৰীৰ স্থানত ৰাখিছে ।কিন্তু ইৰাণৰ পাৰমাণৱিক কাৰ্যসূচীক লৈ আলোচনাৰ সময়ত পশ্চিমীয়া কূটনীতিবিদসকলৰ মাজত তেওঁৰ সুনামৰ সৈতে ঘৰুৱাভাৱে তেওঁৰ মতামতক লৈ উদ্বেগ জড়িত হৈ পৰিছে । মধ্যপন্থীসকলৰ সৈতে নিজকে মিলাই লোৱা এজন ৰাজনীতিবিদ ইৰাণৰ প্ৰাক্তন তথ্য আৰু যোগাযোগ প্ৰযুক্তি মন্ত্ৰী মহম্মদ জাভাদ আজাৰী জাহৰমীয়ে জালিলি আৰু পেজেস্কিয়ানৰ মাজৰ পছন্দক অধিক তীব্ৰভাৱে উল্লেখ কৰিছে।ছ’চিয়েল প্লেটফৰ্ম এক্সত তেওঁ লিখিছে, ‘আমি ইৰাণক তালিবানৰ হাতত পৰিবলৈ নিদিওঁ।’কিন্তু এনে অন্ধকাৰ সতৰ্কবাণীয়েও যেন প্ৰভাৱ পেলাব পৰা নাছিল। 28 জুনত ভোটদানৰ পিচত তেহৰানৰ ৰাজপথত বহুতে দ্য এছ’চিয়েটেড প্ৰেছক কয় যে তেওঁলোকে নিৰ্বাচনৰ প্ৰতি কোনো গুৰুত্ব নিদিয়ে।মনোবিজ্ঞানৰ ২৭ বছৰীয়া ছাত্ৰ আহমদ তাহেৰীয়ে কয় যে, ‘‘মই ভোট দিয়া নাছিলো, কিয়নো প্ৰাক্তন ৰাষ্ট্ৰপতিসকলে নিজৰ প্ৰতিশ্ৰুতি বাস্তৱায়িত কৰাত ব্যৰ্থ হৈছিল।’’৪৩ বছৰীয়া ইলেক্ট্ৰনিক অভিযন্তা মহম্মদ আলী ৰবাটিয়ে কয় যে ইৰাণৰ বিষয়াসকলে মানুহৰ অৰ্থনৈতিক চাপৰ প্ৰতি আপাত উদাসীনতাৰ বাবেই তেওঁ ভোট নিদিলে। শুকুৰবাৰে ভোটদানৰ সম্ভাৱনাক দাঙি ধৰিলেও ৰোবাটিয়ে কয়, ‘‘বছৰ বছৰ ধৰি অৰ্থনৈতিক অসুবিধাৰ পিচত ৰাজনীতিৰ প্ৰতি মোৰ কোনো আগ্ৰহ নাই।’’২০১৫ চনত ইৰাণে বিশ্ব শক্তিসমূহৰ সৈতে পাৰমাণৱিক চুক্তিৰ সময়ত ইৰাণৰ মুদ্ৰাৰ বিনিময় হাৰ আছিল ৩২ হাজাৰ ৰিয়ালৰ পৰা ১ ডলাৰ । আজি ই ৬১৭,০০০ৰিয়ালৰ পৰা ১ ডলাৰলৈ গৈছে আৰু বহুতে বছৰ বছৰ ধৰি হোৱা মূল্য হ্ৰাসৰ ফলত তেওঁলোকৰ বেংক একাউণ্ট, অৱসৰৰ ধন আৰু অন্যান্য হোল্ডিঙৰ মূল্য ক্ষতিগ্ৰস্ত হোৱা দেখিছে।

এপ্ৰিল মাহত ইৰাণে ইজৰাইলৰ ওপৰত অভূতপূৰ্ব প্ৰত্যক্ষ আক্ৰমণৰ পিচত লাভ কৰা ৭ লাখ ৰিয়েলৰ অভিলেখ সৰ্বনিম্ন স্তৰৰ কাষ
চাপিছে।ইফালে ২০২২চনৰ ছেপ্টেম্বৰ মাহত আমিনিৰ মৃত্যুক লৈ ক্ষোভ অব্যাহত আছে। তেওঁৰ মৃত্যুৰ ফলত কেইবামাহো ধৰি প্ৰতিবাদৰ সূচনা হয়, য’ত ৫০০ ৰো অধিক লোকৰ মৃত্যু হয় আৰু ২২ হাজাৰৰো অধিক লোকক আটক কৰা হয়। এই ঘটনাৰ দুবছৰ নৌহওঁতেই ইৰাণৰ কঠোৰপন্থীসকলে হিজাবকল লৈ নতুন প্ৰতিবাদ কৰিবলৈ ধৰিছে।ভোটাৰৰ অংশগ্ৰহণৰ মাত্ৰা আৰু খালী বেলটে শাসন ব্যৱস্থাৰ নীতিক অস্বীকাৰ কৰাটো চিহ্নিত কৰিছিল, বিশেষকৈ সমালোচক আৰু সম্পূৰ্ণ মূৰ ঢাকি ৰখাৰ প্ৰয়োজনীয়তা থকা আইন মানি চলিবলৈ অস্বীকাৰ কৰা মহিলাসকলৰ ওপৰত ইয়াৰ দমন চলে । নিউয়ৰ্কস্থিত ছৌফান চেণ্টাৰ থিংক টেংকে সোমবাৰে এক বিশ্লেষণত এইদৰে কয় ।পেজেস্কিয়ানে এক্সত লিখিছে যে তেওঁৰ চৰকাৰে ইণ্টাৰনেটৰ নিষেধাজ্ঞাৰ লগতে আৰক্ষীয়ে হিজাব বলবৎ কৰা ব্যৱস্থাও প্ৰতিহত কৰিব । অৱশ্যে 31 বছৰীয়া গণিত শিক্ষয়িত্ৰীস টাহেৰেহ নামাজীয়ে কয় যে তেওঁ ভোট নিদিলে কাৰণ দুয়োজন প্ৰাৰ্থীয়ে সেইবোৰ বিষয়ত স্পষ্ট প্ৰতিশ্ৰুতি দিয়া নাছিল ।এতিয়া শুকুৰবাৰে ভোটাৰে পেজেস্কিয়ানক গুৰুত্ব দিয়ে নে নিদিয়ে তাক লৈ
এতিয়া প্ৰশ্ন উত্থাপন হৈছে। যোৱা কিছুদিনত তেওঁ বাৰে বাৰে “নিস্বাৰ্থ কৃষক”ৰ কাহিনী উল্লেখ কৰিছে, যিটো কাহিনী স্কুলত প্ৰায় প্ৰতিটো ইৰাণী শিশুক কোৱা হৈছিল, ১৯৬১ চনত এজন কৃষকে নিজৰ চাৰ্ট খুলি জুই লগাই ৰে’ল এখনক শিলেৰে ট্ৰেকসমূহ বন্ধ কৰি ৰখাৰ বিষয়ে সতৰ্ক কৰি দিছিল। নিৰ্বাচনত অংশ নোলোৱাসকলৰ মতে ইতিমধ্যে ৰেলখন দুৰ্ঘটনাগ্ৰস্ত হৈছিল।

Leave A Reply