Breaking

অনিয়মিত বিদ্যুৎ যোগনে কন্দুৱাইছে গ্ৰাহকক

0 2,044

ৰাজ্যৰ শক্তি মন্ত্ৰী বিমল বৰাৰ  বিদ্যুৎ বিভাগত দ্ৰুত সংস্কাৰৰ কথা আওৰাই থকাৰ সময়তে গ্ৰাহকে নিয়মিত বিদ্যুৎ সেৱা লাভ কৰাৰ পৰা বঞ্চিত হৈ  যমৰ যাতনা ভোগ কৰি বিভাগটোৰ বিৰুদ্ধে সৰৱ হৈ  পৰা পৰিলক্ষিত হৈছে। ডিমৌ বিদ্যুৎ উপসংমণ্ডলৰ কাৰ্য্যালয়ৰ অন্তৰ্গত অতিকৈ ভিতৰুৱা পানীদিহিং আৰু নিতাই মৌজা দুটা বিভাগটোৰ এচাম বিষয়া, অভিযন্তাৰ  চূড়ান্ত অমনোযোগিতাৰ বাবে এচাম ঠিকাদাৰে বাঁহৰ খুঁটাত বিদ্যুৎ পৰিবাহী তাঁৰেৰে বিদ্যুৎ যোগন ধৰি আহিছে। বিভাগটোৰ এই কাৰ্য্যৰ বাবে আগন্তুক দিনত যিকোনো সময়তে গাওঁবাসীৰ বাবে বিপদজনক হৈ পৰিব বিদ্যুৎ যোগান । আগন্তুক ১০৭ নং থাওৰা বিধানসভা সমষ্টিত  উপ নিৰ্বাচনৰ ধামখুমিয়াত প্ৰতিটো ৰাজনৈতিক দল এতিয়া গাঁৱৰ সহজ-সৰল মানুহক থগ-প্ৰৱঞ্চনা কৰি ভোট আদায় কৰাত ব্যস্ত হৈ সপোন দেখিছে নিজৰ  ক্ষমতা দখলৰ আখৰাত । এনে সময়ত থাওৰা সমষ্টিৰ পানীদিহিং মৌজাৰ নামনি মিলনকুৰ গাঁৱৰ গ্ৰাহক ৰাইজক ডিমৌ বৈদ্যুতিক উপ সংমণ্ডলে অতি নিকৃষ্ট পন্থা গ্ৰহণ কৰি বাহঁৰ খুঁটা দি অতি বিপদজনকভাৱে গ্ৰাহক ৰাইজক বিদ্যুৎ যোগান ধৰি আছে । বিভাগটোৰ বিষয়া, অভিযন্তাৰ জ্ঞাতসাৰে ঠিকাদাৰে বিপদজনকভাৱে  বাঁহৰ খুঁটাৰে বিদ্যুৎ যোগান দিয়া বিভাগটোৱে সময়মতে বিল পৰিশোধ নকৰা ব্যক্তি সকলৰ ঘৰত গৈ বিদ্যুৎ সংযোগ বিচ্ছিন্ন কৰি দিছে। ইয়াকে লৈ ক্ষুদ্ধ হৈ পৰিছে লুইতপৰীয়া নামনি মিলনকুৰবাসী ৰাইজ। গাওঁবাসীৰ  অভিযোগ  ডিমৌৰ বিদ্যুৎ বিভাগৰ বিষয়া সকলক বহুবাৰ বাহঁৰ খুঁটা সলনি কৰিবলৈ অনুৰোধ কৰাৰ পাছতো বিভাগটোৰ কোনো গুৰুত্ব প্ৰদান কৰা নাই। মাথোঁ  মাহে মাহে বিদ্যুতৰ বিল নিয়মিত দিয়াৰ উপৰি বিল পৰিশোধ নকৰিলে সংযোগ বিচ্ছিন্ন কৰি আহিছে। সমষ্টিৰ উপ নিৰ্বাচনৰ লক্ষ্যৰে আধাৰশিলাত ব্যস্ত থকা শাসকীয় পক্ষৰ কিন্তু নামনি মিলনকুৰবাসীৰ বেদনা  শুনিবলৈ সময় নাই। সামান্য এজাক বৰষুণ আৰু বতাহত বিদ্যুৎৰ সংযোগ কেইবাটাও দিনলৈ বিছিন্ন হৈ পৰা এই এলেকাবোৰত অতিশীঘ্রেই বিদ্যুৎ যোগান নিয়মীয়া কৰা আৰু বাঁহৰ খুঁটা সলনি কৰি পকি  খুঁটা লগাই মাহিলী বিল আদাক কৰক বুলিও ৰাইজে মন্তব্য কৰিছে।

Leave A Reply

Your email address will not be published.