শুকান কাহৰ ফলত ডিঙিৰ সমস্যা হৈছে নেকি? এই ৩টা উপায় গ্ৰহণ কৰক…

কাহ হ’লে দৈনন্দিন জীৱনৰ স্বাভাৱিক কাম-কাজ কৰাত যথেষ্ট অসুবিধা হয়। ইয়াৰ পৰা পৰিত্ৰাণ পাবলৈ আপুনি কিছুমান ঘৰুৱা ঔষধৰ সহায় ল’ব পাৰে । এইবোৰ এনে প্ৰতিকাৰ যিবোৰ অতীজৰে পৰা চলি আহিছে-

শুকান কাহৰ পৰা সকাহ পাবলৈ এই ঘৰুৱা উপায়বোৰ গ্ৰহণ কৰকঃ

১) গৰম পানী আৰু মৌ

পৰিৱৰ্তিত বতৰত ঠাণ্ডা পানী খোৱাৰ পৰা বিৰত থাকিব লাগে আৰু গৰম পানীৰ পৰিমাণ বৃদ্ধি কৰিব লাগে। এগিলাচ কুহুমীয়া পানীত ৪ চামুচ মৌ মিহলাই খালে শুকান কাহৰ পৰা সকাহ পাব।

২) আদা আৰু নিমখ

আদা ঠাণ্ডাৰ প্ৰতিৰোধী ঔষধতকৈ কম নহয়। ইচ্ছা কৰিলে কেঁচাকৈ চোবাই খাব পাৰে বা ইয়াৰ ৰস পান কৰিব পাৰে, কিন্তু আদা যিহেতু তিতা, তাৰ তিতা কমাবলৈ আদা আৰু নিমখ মিহলাই খাব পাৰে। ইয়াৰ লগে লগে শুকান কাহ গুচি যাব।

৩) জালুক আৰু মৌ

জালুক আৰু মৌৰ সংমিশ্ৰণক চৰ্দি আৰু কাহৰ শত্ৰু বুলি গণ্য কৰা হয়, ইয়াৰ বাবে আপুনি ৪-৫ টা জালুক গুড়ি কৰি পিহি লওক। এতিয়া মৌৰ লগত মিহলাই খাব। দিনটোত ২ৰ পৰা ৩ বাৰ খালে শুকান কাহৰ পৰা পৰিত্ৰাণ পাব।

Related Articles