Breaking

পাইলছৰ বাবে উঠা বহাত অসুবিধা হয় নেকি? গ্ৰহণ কৰক এই পুষ্টিকৰ খাদ্যসমূহ…

0 131

পাইলছ, পাইলছৰ সময়ত হোৱা বিষ অতি অসহ্যকৰ। ইয়াৰ বাবে দায়ী আমাৰ কিছুমান বেয়া অভ্য়াস। পাইলছ ৰোগীয়ে নিজৰ বিশেষ যত্ন ল’ব লাগে। পাইলছৰ পৰা কেনেকৈ সকাহ পাব এই বিষয়ে আজি আমি আপোনালোকক জনাবলৈ চেষ্টা কৰিম…



ইয়াৰ বাবে গ্ৰহণ কৰিব লাগে কিছুমান বিশেষ খাদ্য-

আঁহ কেৱল পাচন স্বাস্থ্যৰ বাবেই অপৰিহাৰ্য নহয়, ই মল-মূত্ৰ নিয়ন্ত্ৰণ কৰি পাইলছ ৰোগত সহায় কৰে। মসৃণ মলত্যাগেৰে বিষ, অস্বস্তি আৰু ৰক্তক্ষৰণ কমাই। ইয়াৰ বাবে দৈনন্দিন খাদ্য তালিকাত ফাইবাৰ অন্তৰ্ভুক্ত কৰিব লাগিব। আঁহযুক্ত খাদ্য,মাহজাতীয় শস্য, ফলমূল আৰু শাক-পাচলি খাব লাগে। ইয়াৰ বাহিৰেও প্ৰচুৰ পৰিমাণে পানী খাব লাগে।

যদি আপুনি পাইলছ ৰোগী, তেন্তে টেঙা খাদ্য আপোনাৰ আটাইতকৈ ডাঙৰ শত্ৰু। ই কেৱল হজম শক্তি নষ্ট কৰাই নহয়, মল-মূত্ৰৰ পথতো সমস্যাৰ সৃষ্টি কৰে। বিশেষকৈ জলকীয়া গুড়িৰ পৰা যিমান পাৰি আঁতৰি থাকক। টেঙা খাদ্য যিমান কম অন্তৰ্ভুক্ত কৰিব, সিমানেই পাইলছৰ সমস্যা কম হ’ব।

Leave A Reply

Your email address will not be published.