আগদিনা ৰৈ যোৱা ভাতখিনি পিছদিনা কেনেকৈ খাব পাৰি সেই কথা বহুতে ভাবে। কিছুমানে ৰাতি ৰৈ যোৱা ভাতখিনি পিছদিনা গৰম কৰি খায়, কিছুমানে সেইভাত খিনিত পানীত তিয়াই ৰাখে আৰু পিছদিনা নিমখ, নেমু, আলু পিটিকা আৰু পিয়াঁজৰ টুকুৰা দি খাই ভালপায়। পুষ্টিবিদসকলৰ মতে ৰৈ যোৱা ভাত খাব লগীয়া হ’লে পানীৰ লগত মিহলি পইতা ভাত কৰি খাব লাগে। আনহাতে ৰাতি ৰৈ যোৱা ভাত পিছদিনা গৰম কৰি খালেও স্বাস্থ্যৰ বাবে বৰ উপকাৰী নহয়। ইয়াত পুষ্টিকৰ মূল্য কমি যায়, ডায়েৰিয়া আৰু বমিৰ দৰে ৰোগৰ আশংকাও থাকে। গতিকে এনে ক্ষেত্ৰত পইতা ভাত বা পান্তা ভাত স্বাস্থ্যসন্মত।
যিহেতু পইতা ভাত পানীত প্ৰায় ১০ৰ পৰা ১২ ঘণ্টা তিয়াই ৰখা হয়, সেইবাবে গৰমৰ দিনত শৰীৰটো শীতল আৰু সতেজ কৰি ৰাখে। লগতে শৰীৰৰ পানীৰ অভাৱ দূৰ কৰি উষ্ণতাৰ ভাৰসাম্য ৰক্ষা কৰে। শৰীৰত ইলেক্ট্ৰলাইটৰ ভাৰসাম্য ৰক্ষা কৰাত পন্তৱতাও অতি উপকাৰী। পেটৰ বেমাৰ, কোষ্ঠকাঠিন্যৰ পৰা উপশম পোৱাৰ লগতে ছডিয়ামৰ পৰিমাণ কম হোৱাৰ বাবে পন্তভাটেও ৰক্তচাপ নিয়ন্ত্ৰণ কৰে।
চিকিৎসকৰ মতে, চাউল বহু সময় তিয়াই থোৱাৰ বাবে ই অৰ্ধ হজমযোগ্য হৈ পৰে। সহজে হজম হয়। মছলা আৰু তেল থকা পোলাও বিৰিয়ানীতকৈ পইতা ভাত বহুত বেছি উপকাৰী। কিন্তু পইতা ভাত ভালদৰে ৰাখি এটা নিৰ্দিষ্ট সময়ৰ ভিতৰত খোৱাটো জৰুৰী। বেছি দিনৰ থৈ দিয়াটো উচিত নহয়।