Israel Claims To Eliminate Hezbollah Commander: ইজৰাইলৰ বেইৰুটত হিজবুল্লাৰ অধিনায়ক মহম্মদ আলী ইছমাইলক হত্যা

ইজৰাইলৰ প্ৰতিৰক্ষা বাহিনীৰ অভিযানত মৃত্যু হিজবুল্লাৰ বহুকেইজন শীৰ্ষ নেতা

বেইৰুট: ইজৰাইলৰ প্ৰতিৰক্ষা বাহিনীয়ে বেইৰুটত থকা হিজবুল্লাৰ (Hezbollah) মুখ্য কাৰ্যালয়ত কৰা বিমান আক্ৰমণত মুঠ ৬ জন উগ্ৰপন্থী নিহত হোৱাৰ লগতে আহত হৈছে ৯১ জন ।ইজৰাইলৰ প্ৰতিৰক্ষা বাহিনীয়ে দাবী কৰা অনুসৰি, এই আক্ৰমণত হিজবুল্লাৰ বহুকেইজন নেতা, বিশেষকৈ মহম্মদ আলী ইছমাইল(Hezbollah Commander Muhammad Ali Ismail) আৰু তেওঁৰ উপ-অধিনায়ক হুছেইন আহমেদ ইছমাইলৰ মৃত্যু ঘটিছে(Israel Claims To Eliminate Hezbollah Commander)। তাৰোপৰি এই আক্ৰমণৰ ফলত সমগ্ৰ অঞ্চলটোৰ বহুকেইটা অট্টালিকাৰ ক্ষতিসাধন হোৱা দেখা গৈছে।

বেইৰুটৰ দক্ষিণ প্ৰান্তৰ পৰা আৰম্ভ হোৱা এই আক্ৰমণৰ ঘটনাৰ পাছতেই ইজৰাইল আৰু হিজবুল্লাৰ মাজত যুদ্ধৰ আশংকা অধিক বৃদ্ধি হোৱা পৰিলক্ষিত হৈছে। লেবাননৰ স্বাস্থ্য মন্ত্ৰ্যালয়ে জানিবলৈ দিয়া অনুসৰি, মৃতকৰ সংখ্যা আৰু বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে । বৰ্তমানেও উদ্ধাৰকাৰী দলে ধ্বংসস্তূপৰ মাজৰ পৰা ক্ষতিগ্ৰস্তসকলক উদ্ধাৰৰ বাবে অভিযান অব্যাহত ৰাখিছে।

হিজবুল্লাৰ অধিনায়ক হাছান নাছৰাল্লা(Hezbollah leader Hassan Nasrallah)ক লক্ষ্য কৰি ইজৰাইলৰ এই আক্ৰমণ সংঘটিত হৈছিল বুলি দাবী কৰা হৈছে যদিও ইজৰাইলৰ প্ৰতিৰক্ষা বাহিনীয়ে এই সন্দৰ্ভত কোনো মন্তব্য প্ৰকাশ কৰা নাই। তাৰোপৰি আক্ৰমণৰ সময়ত নাছৰাল্লা সেই স্থানত উপস্থিত আছিল নে নাই, সেয়া এতিয়াও স্পষ্ট হোৱা নাই । ইফালে হিজবুল্লাইও এই বিষয়ত কোনো মন্তব্য প্ৰকাশ কৰা নাই ।

ইজৰাইলৰ এই আক্ৰমণৰ লক্ষ্যই হৈছিল, হিজবুল্লাৰ শীৰ্ষ নেতাসকলক ধ্বংস কৰা(Hezbollah headquarters in Beirut) । ইজৰাইলৰ বায়ুসেনাই আক্ৰমণত ব্যৱহাৰ কৰা বোমাৰ প্ৰকাৰ আৰু সংখ্যাক লৈ কোনো মন্তব্য প্ৰাকশ কৰা নাই যদিও আমেৰিকাত নিৰ্মিত ২০০০ পাউণ্ড ওজনৰ বাংকাৰ বষ্টাৰ গাইডযুক্ত বোম যি বিশেষভাৱে ভূগৰ্ভত থকা যিকোনো লক্ষ্যত সহজতে আঘাত কৰিব পাৰে, তেনেধৰণৰ বোমা ব্যৱহাৰ কৰাৰ সন্দেহ কৰিছে বিশেষজ্ঞসকলে।

ইয়াৰ মাজতে, ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেনজামিন নেতানিয়াহুৱে আমেৰিকা ভ্ৰমণৰ কাৰ্যসূচী তাৎক্ষণিকভাৱে বাতিল কৰি নিজদেশলৈ উভতি আহিছে। ইউনাইটেড নেশ্যনৰ মঞ্চত ভাষণ প্ৰদান কৰি থকাৰ সময়তে হোৱা এই আক্ৰমণৰ খবৰ পোৱাৰ পিছতে তেওঁৰ বক্তৃতা সামৰি মঞ্চৰ পৰা ওলাই আহিছিল। নেতানিয়াহুৱে জানিবলৈ দিয়া অনুসৰি হিজবুল্লাৰ ওপৰত ইজৰাইলৰ এই অভিযান অব্যাহত থাকিব ।ইফালে নেতানিয়াহুৰ এই মন্তব্যৰ পাছতে যুদ্ধবিৰতিৰ প্ৰস্তাৱৰ আশা অধিক হ্ৰাস পোৱাটো নিশ্চিত হৈ পৰিল ।

বৰ্তমানেও হিজবুল্লা আৰু ইজৰাইলৰ প্ৰতিৰক্ষা বাহিনীয়ে আক্ৰমণ প্ৰত্যাক্ৰমণ অব্যাহত ৰাখিছে, যাৰ ফলত দুখন দেশৰ সীমান্তত বসবাস কৰা লক্ষ্যাধিক লোকে নিজগৃহ পৰিত্যাগ কৰিবলৈ বাধ্য হৈছে ।

Related Articles