Breaking

পেলেষ্টাইনী শৰণাৰ্থী শিবিৰত ইজৰাইলৰ আক্ৰমণ; নিহত কমেও ২৫, আহত ৫০! বিশ্বজুৰি নিন্দা…

0 7

পেলেষ্টাইনত অব্যাহত আছে ইজৰাইলৰ আক্ৰমণ।গাজাৰ স্বাস্থ্য মন্ত্ৰালয়ে জনোৱা অনুসৰি, উপকূলীয় ছিটমহলৰ দক্ষিণে ৰাফাৰ ওচৰৰ আল-মাৱাচীত গৃহহীন পেলেষ্টাইনীৰ শৰণাৰ্থী শিবিৰত চলোৱা ইজৰাইলৰ আক্ৰমণত কমেও ২৫ গৰাকী লোক নিহত আৰু ৫০ গৰাকী আহত হয়। পেলেষ্টাইনী অসামৰিক প্ৰতিৰক্ষা সংস্থাই জনোৱা মতে, আন এক পৃথক ঘটনাত ৰাফাৰ উত্তৰ-পশ্চিমে আল-শ্বাকুশ অঞ্চলত ইজৰাইলৰ গুলীবৰ্ষণত নিহত আৰু আহত অৱস্থাত কেইবাজনো লোকক উদ্ধাৰ কৰা হয়।


আল জাজিৰাৰ বাতৰি অনুসৰি, ইজৰাইলী বাহিনীয়ে গাজা মহানগৰ পৌৰসভাৰ গেৰেজ আৰু চহৰখনৰ এটা পাঁচমহলীয়া অট্টালিকাত বোমা বিস্ফোৰণ ঘটায়। ইয়াৰ পূৰ্বে গাজাৰ স্বাস্থ্য মন্ত্ৰালয়ে কৈছিল যে ইজৰাইলৰ সামৰিক বাহিনীয়ে বিগত ২৪ ঘণ্টাত কমেও ৩৫ গৰাকী পেলেষ্টাইনীক হত্যা কৰিছে। ইয়াৰ ফলত ইজৰাইল আৰু হামাছৰ মাজত চলি থকা যুদ্ধৰ ফলত মৃত্যুৰ সংখ্যা ৩৭,৪৩১ লৈ বৃদ্ধি পাইছে। ইফালে অঞ্চলটোত ইজৰাইলী অৱৰোধ অব্যাহত থকাৰ লগে লগে মানৱীয় পৰিস্থিতিৰ অৱনতি ঘটিছে।আনহাতে, এম এছ এফ নামে পৰিচিত ফৰাচী চিকিৎসা সাহায্য দল ‘ডক্টৰছ উইদাউট বৰ্ডাৰ’-এ শুকুৰবাৰে জনাইছে যে স্বাস্থ্যসেৱাৰ যোগান হ্ৰাস হোৱাৰ বাবে তেওঁলোকে গাজাত নিজৰ কাৰ্যকলাপ স্থগিত ৰাখিবলগা হ’ব পাৰে। এক বিবৃতিত দলটোৱে কয়, “এম এছ এফে অত্যাৱশ্যকীয় ঔষধ আৰু সঁজুলিৰ গুৰুতৰ অভাৱৰ সন্মুখীন হৈছে। কিয়নো এপ্ৰিলৰ শেষৰ পৰা গাজালৈ কোনো চিকিৎসা সামগ্ৰী আনিবলৈ সক্ষম হোৱা নাই।” আল জাজিৰাৰ প্ৰতিবেদনত প্ৰকাশ। আনহাতে, এম এছ এফে এই পৰিস্থিতিৰ বাবে ইজৰাইলক দোষাৰোপ কৰে। ইয়াৰ ভিতৰত আছে মে’ মাহত ৰাফা ক্ৰছিঙত সামগ্ৰী জব্দ আৰু সৰবৰাহ বন্ধ কৰা কাৰ্য।গাজা আৰু ইজিপ্তৰ মাজৰ ৰাফা ক্ৰছিঙে মানৱীয় সহায় আৰু সহায়কৰ্মীসকলৰ প্ৰৱেশৰ বাবে এক মুখ্য প্ৰৱেশদ্বাৰ হিচাপে কাম কৰিছিল।


এম এছ এফে কয়, “মে’ মাহৰ আৰম্ভণিতে গাজাৰ দক্ষিণত ইজৰাইলৰ আক্ৰমণৰ পিচত ৰাফা ক্ৰছিং বন্ধ হোৱাৰ লগতে ইজৰাইলী কৰ্তৃপক্ষই আৰোপ কৰা অন্তহীন বাধাৰ ফলত মুকলি হৈ থকা ক্ৰছিং, কেৰেম শ্লোম (কাৰেম আবু চালেম) প্ৰৱেশ স্থানৰ মাজেৰে মানৱীয় সাহায্যৰ সৰবৰাহ নাটকীয়ভাৱে লেহেমীয়া হৈ পৰিছে।” “ইয়াৰ ফলত ট্ৰাকৰ বৃহৎ শাৰী আৰু সমগ্ৰ গাজাত মানৱীয় সহায় প্ৰদানত বিপজ্জনক বিলম্ব হৈছে।” আল জাজিৰাৰ প্ৰতিবেদন প্ৰকাশ। উল্লেখ্য যে, আন্তৰ্জাতিক সতৰ্কবাণী সত্ত্বেও ইজৰাইলে মে’ মাহত ৰাফাত হামাছৰ বিৰুদ্ধে প্ৰতি-আক্ৰমণ আৰম্ভ কৰিছিল। অৱশ্যে ইজৰাইলক দক্ষিণ দিশৰ গাজা চহৰত আক্ৰমণ আৰম্ভ কৰাৰ বিৰুদ্ধে সতৰ্ক কৰি দিয়া আমেৰিকাই এই কথা জোৰ দি কৈছে যে ইজৰাইলৰ আক্ৰমণ ‘ডাঙৰ’ আক্ৰমণ নহয়। উল্লেখ্য যে, ৰাষ্ট্ৰসংঘ সমৰ্থিত আয়োগে গাজাত ইজৰাইলৰ ‘ইচ্ছাকৃতভাৱে’ গধুৰ অস্ত্ৰ-শস্ত্ৰ ব্যৱহাৰ ‘অসামৰিক লোকৰ ওপৰত ইচ্ছাকৃত আৰু পোনপটীয়া আক্ৰমণ’ বুলি উল্লেখ কৰাৰ ঠিক দুদিন পিচতে শুকুৰবাৰে এই আক্ৰমণ সংঘটিত হয়। অৱশ্যে ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যাহুৱে সাধাৰণ লোকক লক্ষ্য কৰি লোৱাৰ অভিযোগ নাকচ কৰিছে।

Leave A Reply