Breaking

অসম চৰকাৰে বৰ্তমান আগবঢ়োৱা বিনামূলীয়া শিক্ষা ব্যৱস্হাৰ সময়ত শিক্ষানগৰী বজালীলৈ দুঃখবৰ-

0 1,167

✍ সৌৰভ কুমাৰ শৰ্মা

       ১৯৫৫ চনত বজালী অঞ্চলত বাস কৰা কৃষ্টি, সংস্কৃতি আৰু শিক্ষাৰ লগত জড়িত কেইগৰাকীমান বিশেষ ব্যক্তিৰ অহৰ্নিশে কৰা প্ৰচেষ্টাৰ ফলশ্ৰুতিত গঢ় লৈ উঠিছিল বজালী মহাবিদ্যালয় নামৰ এখন শিক্ষানুস্থানৰ য’ত প্ৰতিদিনে শিক্ষাৰ জ্যোতিয়ে পোহৰাইছিল গোটেই বৃহত্তৰ বজালীৰ চৌপাশ । সৌ তাহানিৰ পৰাই  গোটেই মহাবিদ্যালয়ৰ পৰিয়ালটোৱে তথা সমগ্ৰ বজালী অঞ্চলবাসীয়ে মনত পুহি ৰখা গ্ৰাম্য বিশ্ববিদ্যালয়ৰ সপোনটোৱে নিয়ৰত তিতা  দুৱৰি বনৰ দৰে সজীৱ হৈ পৰিছিল ২০১৭ চনৰ ১৬ অক্টোবৰ তাৰিখে । আৰু সেই দিনটোৰ পিছৰ পৰাই বজালী মহাবিদ্যালয়ে নতুন চিনাকী পাইছিল আজিৰ ভট্টদেৱ বিশ্ববিদ্যালয় হিচাপে । এইক্ষেত্ৰত আমি ধন্যবাদ জনাইছোঁ সকলোৰে শ্ৰদ্ধাৰ অসম চৰকাৰৰ বিত্ত, স্বাস্হ্য আৰু শিক্ষামন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ লগতে অসম চৰকাৰলৈ । গোটেই বিশ্বত কোৰোণা ভাইৰাছৰ লগত যুদ্ধকালীন সংকটময় অৱস্থাৰ সময়ত শিক্ষানগৰী হিচাপে চিন্হিত বজালীবাসীলৈ শিক্ষা ক্ষেত্ৰত নামি আহিছে যেন এক অনাকাংক্ষিত দুৰ্যোগ । ভট্টদেৱ বিশ্ববিদ্যালয় আইন,২০১৭ ৰ ৬ নং (১৮) দফাত উল্লেখিত অনুসৰি উচ্চতৰ মাধ্যমিক  শাখাটো বাহাল ৰখাৰ কথা আছিল যদিও হঠাতে  উচ্চতৰ মাধ্যমিকৰ নামভৰ্তি বন্ধ কৰাৰ ফলত বজালী তথা চুবুৰীয়া ঠাইসমূহৰ বহুসংখ্যক মেধা ছাত্ৰ-ছাত্ৰীয়ে বিপৰ্যয়ৰ সন্মূখীন  হব লগাত পৰিছে । এই কোৰোণা মহামাৰীৰ সময়ত সমগ্ৰ অসমত চৰকাৰে লোৱা বিনামূলীয়া শিক্ষাৰ প্ৰশংসামূলক পদক্ষেপৰ বাবে চৰকাৰৰ ওচৰত আমি চিৰকৃতজ্ঞ যদিও ভট্টদেৱ বিশ্ববিদ্যালয়ৰ উচ্চতৰ মাধ্যমিকৰ ক্ষেত্ৰত লোৱা সিদ্ধান্তই আমাক  অতিকৈ দুঃখিত কৰিছে । বজালী অঞ্চলত বহুকেইখন ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠান আছে যদিও তাৰ শিক্ষাব্যৱস্থা বিনামূলীয়া নহয় । যাৰ ফলত অত্যন্ত মেধা যদিও আৰ্থিক দন্যতাৰে ভাৰাক্ৰান্ত ছাত্ৰ-ছাত্ৰীসকল দিশহাৰা হব লগাত পৰিছে । ভট্টদেৱ বিশ্ববিদ্যালয়ৰ ওচৰে পাজৰে থকা চৰকাৰী খণ্ডৰ শিক্ষানুষ্ঠানসমূহৰ আন্তঃগাঁঠনি সন্তোষজনক নহয় । যোৱাবৰ্ষত ভট্টদেৱ বিশ্ববিদ্যালয়ৰ উচ্চতৰ মাধ্যমিকৰ  বিজ্ঞান শাখাত আসন আছিল ২০০-২৫০,  কলা শাখাত আসন আছিল ১৩০-১৫০ । সেই অনুসৰি ইমানখিনি ছাত্ৰ-ছাত্ৰীয়ে ভট্টদেৱ বিশ্ববিদ্যালয়ৰ বিকল্প হিচাপে বেলেগ চৰকাৰী খণ্ডৰ শিক্ষনুস্হানসমূহত শিক্ষা গ্ৰহণ কৰিবলৈ পৰ্য্যাপ্ত আসনৰ ব্যৱস্থা নাই । ভট্টদেৱ বিশ্ববিদ্যালয়ৰ নিলগতে লাগি থকা  বজালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বিজ্ঞান শাখাত আসনৰ সংখ্যা মাত্ৰ ৫০ খন, কলা শাখাত ১৫ খন আৰু বাণিজ্য শাখাত ৫০ খন । তদুপৰি অসমীয়া, প্ৰাণীবিজ্ঞান আৰু উদ্ভিদবিজ্ঞানৰ স্থায়ী শিক্ষকৰ অভাৱ আৰু বজালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ আওপুৰণি আন্তঃ গাঁঠনি ৰ ফলত বিভিন্ন অসুবিধাৰ সন্মুখীন হব লগাত পৰিছে বজালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰিয়াল তথা কতৃপক্ষই ।এই ক্ষেত্ৰত  বিদ্যালয়খনৰ আন্তঃ গাঁঠনিৰ উন্নয়ন কৰাটো অত্যন্ত প্ৰয়োজনীয় । বজালী অঞ্চলৰ আন এখন চৰকাৰী খণ্ডৰ শিক্ষানুষ্ঠান পাঠশালা মহাবিদ্যালয়ত উচ্চতৰ মাধ্যমিক কলা শাখাত আসনৰ সংখ্যা প্ৰায় ৩০০ খন যদিও বিজ্ঞান শাখাৰ সুবিধা নাই । গতিকে এই মহাবিদ্যালয়খনত বিজ্ঞান শাখাৰ ব্যৱস্থা কৰাটো অতিকৈ  জৰুৰী । 

       সদৌ শেষত  ছাত্ৰ-ছাত্ৰীৰ উজ্জ্বল ভৱিষ্যতৰ স্বাৰ্থত সমগ্ৰ পৰিস্থিতিৰ প্ৰতি  লক্ষ্য ৰাখি এক সুস্থিৰ আৰু যোগাত্মক চিন্তাধাৰাৰে ভট্টদেৱ বিশ্ববিদ্যালয়ৰ উচ্চতৰ মাধ্যমিক শাখাটো বাহাল ৰাখিবলৈ অসম চৰকাৰৰ ওচৰত অনুৰোধ জনাইছোঁ আৰু লগতে বজালী অঞ্চলৰ সকলো চৰকাৰী খণ্ডৰ শিক্ষানুষ্ঠানসমূহৰ আন্তঃগাঁঠনি আৰু শৈক্ষিক  ব্যৱস্থাৰ উন্নয়নৰ বাবে আহ্বান জনাইছোঁ ।

গ্ৰন্থাগাৰ আৰু তথ্যবিজ্ঞান বিভাগ,

গুৱাহাটী বিশ্ববিদ্যালয়,

প্ৰাক্তন আলোচনী সম্পাদক,বজালী মহাবিদ্যালয় 

ভ্ৰাম্যভাষ- 8638779023, souravsarmakr21@gmail.com

Leave A Reply

Your email address will not be published.