Breaking

উত্তৰ পূৱ সীমান্ত ৰে’লৱেই সাধাৰণ যাত্ৰীবাহী ৰে’লবোৰত এক্সপ্ৰেছ ৰে’লৰ ভাড়া লৈ যাত্ৰীক জুৰুলা কৰাৰ অভিযোগ…

0 16

উত্তৰ পূৱ সীমান্ত ৰেলৱেই কভিড জনিত পৰিস্থিতিৰ হেতু ২০২০ চনৰ মাৰ্চ মাহৰ পৰা ৰেলৰ চলাচল বন্ধ কৰি দিছিল । পিছত অক্টোবৰ মাহৰ পৰা ৰেল চলোৱা আৰম্ভ কৰি সাধাৰণ যাত্ৰীবাহী ৰেলবোৰত ভাড়া ৩ গুণ কৰি এক্সপ্ৰেছ ৰেলৰ ভাড়া আদায় কৰিছিল আৰু বৰ্তমানো এইদৰেই অতিৰিক্ত ভাড়া লৈ সাধাৰণ জনতাক নিপীড়ণ কৰি আছে বুলি অসমৰ জাতি সংঘ অসম সন্মিলিত মহাসংঘই গুৰুতৰ অভিযোগ উত্থাপন কৰে।ভাৰতৰ ৰেল বৰ্ডৰ উপ সঞ্চালক(ক’চিং) বিবেক কুমাৰ সিনহাই ২০২০ চনৰ ২০ অক্টোবৰত জাৰি কৰা নিৰ্দেশ ২০২০/চি এইছ জি ৩০/৩ পি টিৰ আধাৰত অসমটো ৮ খন সাধাৰণ যাত্ৰীবাহী ৰেল এক্সপ্ৰেছ ৰেল লৈ উন্নীত কৰা বুলি ঘোষণা কৰি যাত্ৰীৰ পৰা ৩ গুণ ভাড়া লৈছিল আৰু বৰ্তমানো লৈ আছে।

৮খন যাত্ৰীবাহী ৰেল হ’ল -১. ৫৫৯০১/০২লামডিং-তিনিচুকীয়া পেছেঞ্জাৰ, ৫৫৮১৩/১৪ ডেকাৰগাঁও-মুৰ্কংচেলেক পেছেঞ্জাৰ, ৩. ৫৫৭১৩/১৪ নিউ জলপাইগুৰি-ৰঙিয়া পেছেঞ্জাৰ, ৪. ৫৫৭৫৩/৫৪ আলিপুৰদুৱাৰ-গুৱাহাটী পেছেঞ্জাৰ, ৫. ৫৫৮১১/১২ ধুবুৰী-কামাখ্যা পেছেঞ্জাৰ, ৬. ৫৫৮৯৫/৯৬ ৰঙিয়া-মুৰ্কংচেলেক পেছেঞ্জাৰ, ৭. ৫৫৬১৫/১৬ গুৱাহাটী-শিলচৰ পেছেঞ্জাৰ, ৮. ৫৫৬৬৩/৬৪ আগৰতলা-শিলচৰ পেছেঞ্জাৰ । ৰেল যাত্ৰীৰ পৰা তিনিগুণ ভাড়া লোৱাৰ লগতে কিছুমান সৰু সৰু ৰেল ষ্টেচনত ৰেল ৰখোৱা বন্ধ কৰি যাত্ৰীক হাৰাশাস্তি কৰিছিল। সাধাৰণ জনতাৰ বাবে ভাল খবৰ যে দক্ষিণ ৰেলৱে কৰ্তৃপক্ষই ৰেলৱে বৰ্ডৰ এই হঠকাৰী সিদ্ধান্ত প্ৰত্যাহাৰ কৰি সাধাৰণ জনতাৰ কল্যাণৰ স্বাৰ্থত ১ জুলাইৰ পৰা ১৪০ খন ৰেল পুনৰ পেছেঞ্জাৰ কেটেগৰীলৈ ওভতাই নি পুনৰ পেছেঞ্জাৰ ৰেলৰ নিম্নতম ভাড়া ১০ টকা হ’ব বুলি ঘোষণা কৰিছে। সাধাৰণ যাত্ৰীবাহী ৰেলক হঠাৎ এক্সপ্ৰেছ কেটেগৰী কৰাৰ ফলত নিম্নতম ভাড়া ৩০ টকা কৰিছিল। নৰেন্দ্ৰ মোদী নেতৃত্বাধীন বিজেপি চৰকাৰে কভিদ মহামাৰী কালত সাধাৰণ জনতাৰ ওপৰত আৰ্থিক বোজা যে বোজা জাপি দিছিল তাৰ ইও এটা জ্বলন্ত প্ৰমাণ। মোডী চৰকাৰৰ এনে অন্যায় সিদ্ধান্তৰ ফলত দেশৰ সাধাৰণ কৃষক, শ্ৰমিক, ক্ষুদ্ৰ ব্যৱসায়ী, ছাত্ৰ-ছাত্ৰী, চৰকাৰী-বেচৰকাৰী সাধাৰণ চাকৰিয়াল আদি ভয়ানক ভাবে আৰ্থিক দিশত ক্ষতিগ্ৰস্ত হৈছিল আৰু বৰ্তমানো হৈ আছে।

সৰু সৰু ৰেল ষ্টেচনত ৰেল ৰখোৱা বন্ধ কৰাৰ ফলত সাধাৰণ গাঁৱৰ ৰাইজ ভীষণ বিপদৰ সন্মুখীন হৈ আছে। শীঘ্ৰে উত্তৰ পূব সীমান্ত ৰেলৱে কৰ্তৃপক্ষক এনে অগণতান্ত্ৰিক আৰু গণ বিৰোধী সিদ্ধান্ত প্ৰত্যাহাৰ কৰি উল্লিখিত ৮ খন ৰেল পুনৰ পেছেঞ্জাৰ কেটেগৰীলৈ ওভতাই নি নিম্নতম ভাড়া ১০ টকা কৰিবলৈ অসম সন্মিলিত মহাসংঘৰ সভাপতি শান্তনু দাস বৰহাজোৱাল, কাৰ্যকৰী সভাপতি মতিউৰ ৰহমান আৰু মহা সচিব পূৰ্ণানন্দ ৰাভাই দাবী জনাইছে। লগতে এই যাত্ৰীবাহী ৰেল কেইখনত থকা ভগা ডবা, ভগা শৌচাগাৰ, ভগা দুৱাৰ-খিৰিকী, ভগা ফেন-লাইট, ভগা ছিট আদি শীঘ্ৰে মেৰামতি কৰিবলৈ অথবা নতুন ডবা সংযোগ কৰিবলৈকো দাবী জনাইছে।ভাৰতৰ ভিতৰত উত্তৰ পূব সীমান্ত ৰেলৱেৰ সাধাৰণ যাত্ৰীবাহী ৰেল তথা এক্সপ্ৰেছ ৰেলবোৰৰ অৱস্থা অতিশয় শোচনীয় হৈ আছে বুলিও মহাসংঘই স্পষ্ট ভাবে কয়।

Leave A Reply