বন্ধুত্ব এটা সুন্দৰ সম্পৰ্ক, যিয়ে জীৱনটোক বিশেষ কৰি তোলে। এজন প্ৰকৃত বন্ধু সদায় আপোনাৰ কাষত থিয় দিয়ে, আপোনাক সমৰ্থন কৰে আৰু আপোনাৰ সুখ বিচাৰে। একে সময়তে বন্ধুত্বৰ আৱৰণত কেতিয়াবা নিজৰ স্বাৰ্থ পূৰণৰ চেষ্টা কৰা কিছুমান মানুহো আছে। এনে পৰিস্থিতিত কোন প্ৰকৃত বন্ধু আৰু কোন নীচ বন্ধু সেইটো চিনি পোৱাটো অতি প্ৰয়োজনীয়।
প্ৰকৃত বন্ধুৱে কেতিয়াও মিছা প্ৰশংসা নকৰে। তেওঁ আপোনাৰ দুৰ্বলতা, ভুল আৰু বাস্তৱক সদায় লুকুৱাই ৰাখিব নোৱাৰে। এজন প্ৰকৃত বন্ধু কেতিয়াও ভুল সিদ্ধান্তত আপোনাৰ কাষত থিয় নহয়। আজিলৈকে আপুনি হয়তো শুনিছে যে প্ৰকৃত বন্ধুৱেই হ’ল প্ৰতিটো সিদ্ধান্তত আপোনাৰ লগত থিয় দিয়াজন। কিন্তু আচলতে এইটো শুদ্ধ নহয়। এজন প্ৰকৃত বন্ধুৱে আপোনাক সদায় ভুল কৰাত বাধা দিয়ে, ভুল কামত সহায় কৰি ভুল সিদ্ধান্ত লৈ থাকিবলৈ প্ৰেৰণা নিদিয়ে। এজন প্ৰকৃত বন্ধুৱে আপোনাৰ প্ৰয়োজনৰ সময়ত কেতিয়াও অকলে এৰি নাযায়। প্ৰকৃত বন্ধু হ’ল সেইজন ব্যক্তি যিয়ে প্ৰতিটো ব্ৰেকআপৰ পিছত বন্ধুৰ আজে বাজে কথা শুনি তেওঁক আগবাঢ়ি যোৱাত সহায় কৰে। এজন প্ৰকৃত বন্ধুৱে আপোনাৰ অভাৱবোৰক আওকাণ নকৰে। তেওঁ আপোনাৰ দুৰ্বল কথাবোৰ ক’ব, যাতে আপুনি সেইবোৰৰ ওপৰত কাম কৰিব পাৰে। এজন প্ৰকৃত বন্ধুৱে কেতিয়াও আপোনাৰ পিঠিৰ পিছফালে বেয়া কথা নকয়।