Breaking

কঁঠাল খোৱাৰ বতৰ! ৭টা ৰোগৰ ঔষধ হৈছে কঁঠাল…

0 55

কঁঠাল এবিধ সুস্বাদু আৰু পুষ্টিকৰ ফল, কঁঠালে আপোনাৰ স্বাস্থ্যক বাবে বহু উপকাৰ প্ৰদান কৰে। কঁঠালক আঞ্জা বনাইও খোৱা হয়। কেৱল সুস্বাদু সোৱাদৰ বাবেই নহয়, কঁঠাল বহুতো স্বাস্থ্য উপকাৰীতাৰে সমৃদ্ধ। ইয়াত অধিক পৰিমাণৰ আঁহ, ভিটামিন আৰু খনিজ পদাৰ্থ থাকে, যাৰ বাবে ই স্বাস্থ্যৰ বাবে এক উৎকৃষ্ট খাদ্য।

কঁঠাল খোৱাৰ উপকাৰীতাৰ বিষয়ে জানো আহক-

কঁঠালত অধিক পৰিমাণৰ আঁহ থাকে, যিয়ে পাচনতন্ত্ৰ সুচাৰুৰূপে চলোৱাত সহায় কৰে। কঁঠালে কোষ্ঠকাঠিন্যৰ পৰা সকাহ দিয়ে।কঁঠালে ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰে, কঁঠাল ভিটামিন চি আৰু এন্টিঅক্সিডেন্টৰ উত্তম উৎস, যিয়ে ৰোগ প্ৰতিৰোধৰ ক্ষমতা শক্তিশালী কৰাত সহায় কৰে। কঁঠালে হৃদযন্ত্ৰৰ স্বাস্থ্য উন্নত কৰে, কঁঠালত পটাছিয়াম আৰু মেগনেছিয়ামৰ দৰে খনিজ পদাৰ্থ থাকে যিয়ে ৰক্তচাপ নিয়ন্ত্ৰণত সহায় কৰে আৰু হৃদযন্ত্ৰৰ স্বাস্থ্য উন্নত কৰাত সহায় কৰে। কঁঠালে কেন্সাৰ প্ৰতিৰোধ কৰে, কঁঠালত থকা এন্টিঅক্সিডেন্টে কেন্সাৰ কোষৰ বৃদ্ধি ৰোধ কৰাত সহায় কৰে। কঁঠালে ওজন হ্ৰাস কৰাত সহায় কৰে।কঁঠালত কম কেলৰি আৰু অধিক আঁহ থাকে। ওজন কমাবলৈ আৰু সুস্থ ওজন বজাই ৰখাত ই সহায়ক হ’ব পাৰে।কঁঠাল তৰকাৰী, চালাড আৰু জলপান, আচাৰ তৈয়াৰ কৰাত ব্যৱহাৰ কৰিব পাৰি। কঁঠালৰ গুটিও খাব পাৰি।

Leave A Reply