পাৰাস্তম্ভ বাঢ়ি অহাৰ লগে-লগে উৎকট গৰমৰ প্ৰকোপত ৰাজ্যবাসীয়ে ত্ৰাহি মধুসুদন সোঁৱৰিছে। ৩৫ৰ পৰা ৪০ ডিগ্ৰী পৰ্যন্ত চুইছে তাপমাত্ৰাই, দহিছে সমগ্ৰ অসম। প্ৰকৃতি ধ্বংস কৰি বিকাশৰ ৰথ চলাই নিজৰে অপকাৰী কৰা মানৱে হয়তু বুলিছে গছ-গছনি, নদ-নদী, পাহাৰৰ গুৰুত্ব। সেয়ে, উৎকট গৰমৰ পৰা পৰিত্ৰাণ বিচাৰি প্ৰকৃতিৰ কাষ চাপিছে ডেকা-গাভৰু¸ বৃদ্ধ সকলো, বিয়লিভাগত ওলাই আহিছে প্ৰকৃতিৰ ৰম্যভূমি লুইতপৰীয়া শিলঘাট নদী ঘাটলৈ। শ্ৰীশ্ৰীকামাখ্যা দেৱালয়ৰ পাহাৰৰ নামনি¸ ত্ৰিশূলধাৰী মন্দিৰৰ নদী পাৰলৈ বিয়লিভাগত ঢপলিয়াই আহিছে বহুলোক। লুইত পাৰৰ দেহ-মন জুৰি পেলোৱা ৰিৱ-ৰিৱ বতাহজাক আৰু সূৰ্যাস্তৰ মনোমোহা পৰিৱেশে আকৰ্ষণ কৰিছে অজস্ৰজনৰ। প্ৰচণ্ড গৰমত ঘৰৰ ভিতৰতো সোমাই থাকিব নোৱাৰা অৱস্থা।
কৃটিম উপায়েৰে দেহা শীতল কৰাৰ উপায়বোৰো বিদ্যুত বিভাগৰ কৃপাত নাজল-নাথল অৱস্থা। সেয়ে প্ৰকৃতিয়ে ই শেষ ভৰষা বুলি লুইত পাৰৰ শীতল বতাহজাক ল’বলৈ আহি শিলঘাট নদী ঘাটত অজস্ৰজনৰ ভিৰ। শিলঘাটৰ এতিয়া পূৰ্বৰ ৰূপ নাই, লুইতৰ খহনীয়াৰ প্ৰকোপত হাজাৰ-হাজাৰ বিঘা লুইতৰ বুকুত জাহ যোৱাৰ পাছত অতীজৰ জাহাজ ঘাটৰ স্থান ঘটনাই সলনি কৰি থাকিবলগীয়া হৈছে। যি ঠাইত শতাধিক বৰ্ষ গৰকা ঐতিহাসিক শিলঘাট অশোকাষ্টমী মেলা পথাৰো সংকুচিত হৈ আহিছে। তথাপিও লুইতপৰীয়া শিলঘাট আছে এক সুকীয়া আকৰ্ষণ। বৰ্তমান নদী পথ সুগম হৈ পৰাৰ পাছৰে পৰা দলে-দলে বিদেশী পৰ্যটকৰ আগমন ঘটিছে ইতিহাস প্ৰসিদ্ধ কলিয়াবৰলৈ। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দৰ্শন কৰিবলৈ জাহাজেৰে আহি দেশী-বিদেশী পৰ্যটকসকল আহি শিলঘাটত উপস্থিত শিলঘাটৰ আৰু কলিয়াবৰৰ ঐতিহাসিক আৰু প্ৰাকৃতিক সৌন্দৰ্য্যৰে পূৰ্ণ স্থানসমূহ প্ৰায়েই ভ্ৰমণ কৰে। ১৭৯১ চনতে কলিয়াবৰৰ লুইতপৰীয়া কণ্যাকাশ্ৰমত শিলৰ মাজত বৃটিছে অসমলৈ আহি প্ৰথমে নাও বান্ধিছিলহি। সেই শিলৰ মাজত পতা ঘাট পৰৱৰ্তী কালত শিলঘাট নামে জনাজাত হ’ল। কেপ্টেইন ওৱেল্চৰ নেতৃত্বত অহা সেনাৰ দলটোৱে সেই সময়ৰ আহোম ৰাজতন্ত্ৰৰ বিয়লি বেলাত উপস্থিত হৈ সম্পদ প্ৰসৱিনী অসমৰ বিষয়ে এক প্ৰতিবেদন আগবঢ়াইছিল।
১৮২৪ চনৰ প্ৰথম ইং-বাৰ্মা যুদ্ধ কলিয়াবৰৰ হাটবৰ, ৰাঙলুগড়ত ইংৰাজৰ হাতত মান সেনাৰ পৰাজয় হৈছিল। ১৮২৫ চনত ইংৰাজে যোৰহাট দখল কৰাৰ পিছতেই ১৮২৬ চনৰ ২৪ তাৰিখে কুখ্যাৎ ইয়াণ্ডাবু সন্ধিৰ ফলত অসমৰ স্বাধীনতাৰ বেলি অস্ত গ’ল। প্ৰথম শিৱিৰ পতা স্থান শিলঘাটক বৃটিছে নৌ যাতায়তৰ সুবিধাজনক স্থান ৰূপে গঢ়ি তুলি এক বৃটিছ নগৰী ৰূপে গঢ়ি তুলি। ১৮৪০ চনত শিলঘাটত ডানল’প ক’ম্পেনীয়ে কলিয়াবৰ চাহ বাগিচা স্থাপন কৰিলে। চাহৰ লগতে অনান্য সা-সামগ্ৰী সৰবৰাহৰ বাবে ১৮৬১ চনত শিলঘাটলৈ বৃটিছে জাহাজ সেৱা প্ৰৱৰ্তন কৰিলে। লাহে-লাহে শিলঘাটত বৃটিছ চাহাব আৰু বৃকিছে কামৰ বাবে অনা অনাঅসমীয়া বিষয়া আৰু শ্ৰমিকেৰে শিলঘাট ভৰি পৰিল। সেয়ে জনসংখ্যা বাঢ়ি যোৱাৰ লগে-লগে বিভিন্ন বেমাৰ-আজাৰে দেখা দিয়াত বৃটিছ চাহাবে ১৮৮০ চনত শিলঘাটত এখন চিকিৎসালয় স্থাপন কৰিছিল। য’ত সেৱা আগবঢ়াইছিল বৃটিছ চিকিৎসকে।
১৭৯১ চনত ইউৰোপীয়ানসকল অসম আগমনৰ সময়তে ব্ৰহ্মপুত্ৰৰ বুকুৱেদি নাৱেৰে ব্ৰহ্মপুত্ৰৰ পাৰত কন্যকাশ্ৰমৰ শিলৰ মাজত বৃটিছ কেপ্টেইন ওৱেলছে ঘাট পাতিছিল।
তেতিয়াৰে পৰা ঠাইখনৰ নাম শিলঘাটৰূপে পৰিচিত হ’ল। ১৮৪০ চনত বৃটিছ ডানলোপ কোম্পানীয়ে শিলঘাটত চাহ বাগান খোলাৰ পাছত ব্ৰহ্মপুত্ৰয়েদি জাহাজ চলাচল আৰম্ভ হ’ল যদিও ১৮৬১ চনতহে শিলঘাটক জাহাজ ঘাট ৰূপে ঘোষণা কৰে। ১৯২০ চনৰ পৰা শিলঘাটৰ পৰা ৰে’ল সেৱা আৰম্ভ হৈছে। বৰ্তমান বৈদ্যুতিক ৰে’ল চলাচল হৈছে ভাৰতৰ বিভিন্ন স্থানলৈ। ১৯৩৫ চনত বৃটিছে পতা শিলঘাট টাউনত ছুইজাৰলেণ্ড, জাৰ্মানী ইউৰোপীয়ান পৰ্য্যটকে শিলঘাটত বিচাৰিলে অতীতৰ সুবাস।