Breaking

J-K Police recovers 3 pistols: জম্মু আৰু কাশ্মীৰৰ ছাম্বাত সন্দেহযুক্ত পেকেটত উদ্ধাৰ ৩টা পিষ্টল

16

জম্মু আৰু কাশ্মীৰৰ মল্লু চক অঞ্চলত(Mallu Chack area) সন্দেহযুক্ত ড্ৰ’নৰ চলাচল সন্দৰ্ভত পোৱা এক গোপন সূত্ৰৰ ভিত্তিত অভিযান আৰম্ভ কৰা হৈছিল বুলি আৰক্ষীৰ এগৰাকী শীৰ্ষ বিষয়াই জানিবলৈ দিয়ে ।এই সংক্ৰান্তত ৰামগড় আৰক্ষী থানাত 113(3)/149 BNS আৰু 7/25 অস্ত্ৰ আইনৰ অধীনত এটা গোচৰ ৰুজু কৰাৰ কথাও উল্লেখ কৰিলে আৰক্ষী বিষয়াগৰাকীয়ে(J-K Police recovers 3 pistols) ।

জম্মু-কাশ্মীৰ, ২ ছেপ্তেম্বৰ: জম্মু-কাশ্মীৰৰ ছাম্বা জিলাৰ ৰামগড় খণ্ডত(Ramgarh Sector in Jammu and Kashmir) ড্ৰ’নেৰে নিক্ষেপ কৰা তিনিটা সন্দেহযুক্ত পিষ্টল উদ্ধাৰ হোৱা বুলি সোমবাৰে জম্মু-কাশ্মীৰ আৰক্ষীয়ে(Jammu and Kashmir police) প্ৰকাশ কৰে । জম্মু-কাশ্মীৰ আৰক্ষীয়ে উল্লেখ কৰা অনুসৰি, সীমান্ত সুৰক্ষা বাহিনী (Border security force), আৰক্ষী কম্পোনেণ্ট জম্মু আৰু চাম্বা আৰক্ষীৰ যৌথ অভিযানৰ সময়ত এই পিষ্টলকেইটা উদ্ধাৰ কৰা হৈছে(J-K Police recovers 3 pistols)।

মল্লু চক অঞ্চলত সন্দেহযুক্ত ড্ৰ’নৰ চলাচল(suspected drone movement) সন্দৰ্ভত পোৱা এক গোপন সূত্ৰৰ পম খেদি সমগ্ৰ অঞ্চলটোত তালাচী অভিযান আৰম্ভ কৰা হৈছিল বুলি আৰক্ষীৰ এগৰাকী শীৰ্ষ বিষয়াই জানিবলৈ দিয়ে । বিষয়াগৰাকীয়ে উল্লেখ কৰে যে, পাকিস্তানৰ দিশৰ পৰা অহা ড্ৰ’নৰ শব্দ শুনি নিৰাপত্তাৰক্ষীয়ে শব্দটো অহাৰ দিশে গুলীচালনা কৰি ড্ৰ’নখনক পুনৰ পাকিস্তানৰ দিশলৈ ঘূৰাই পঠিয়াবলৈ সক্ষম হয় ।

এই সংক্ৰান্তত ৰামগড় আৰক্ষী থানাত 113(3)/149 BNS আৰু 7/25 অস্ত্ৰ আইনৰ অধীনত এটা গোচৰ ৰুজু কৰি অধিক তথ্য আহৰণৰ বাবে তদন্ত চলি থকা বুলিও আৰক্ষীৰ ফালৰ পৰা উল্লেখ কৰা হৈছে ।

উল্লেখ্য যে, ১ ছেপ্টেম্বৰত সীমান্ত সুৰক্ষা বাহিনীয়ে তৰ্ণ টাৰ্ণ জিলাত সন্দেহযুক্ত নিচাজাতীয় সামগ্ৰীৰ পেকেটৰ সৈতে এখন সৰু ড্ৰ’ন উদ্ধাৰ কৰিবলৈ সক্ষম হৈছিল। এগৰাকী নিৰাপত্তা বিষয়াই জনোৱা মতে, নিচাজাতীয় সামগ্ৰীখিনি হালধীয়া আঠাযুক্ত টেপেৰে মেৰিয়াই থোৱাৰ লগতে পেকেটটোত এটা প্লাষ্টিক ৰিং আৰু এডাল এলুমিনেটিক ষ্টিক লগাই ৰখা অৱস্থাত উদ্ধাৰ হৈছিল । উদ্ধাৰ হোৱা ড্ৰ’নখন চীনত নিৰ্মিত DJI MAVIC 3 Classic বুলি চিনাক্ত কৰা হৈছে।

লগতে পঢ়ক: Sandip Ghosh Arrested by CBI: আৰ জি ক’ৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ প্ৰাক্তন অধ্যক্ষ সন্দীপ ঘোষক চি বি আইৰ গ্ৰেপ্তাৰ

Comments are closed.