কঁঠাল খোৱাৰ পিছত গুটিবোৰ পেলাই নিদিব।(jackfruit seeds) পুষ্টিবিদসকলে কয় যে কঁঠালৰ গুটি পুষ্টিকৰ উপাদানৰে ভৰপূৰ। যিয়ে কেৱল ছালৰ উজ্বলতা বৃদ্ধি কৰাই নহয়, পেশীবোৰো শক্তিশালী কৰাত সহায় কৰে। গতিকে কঠালৰ গুটি কেতিয়াও পেলাই নিদিব।
বজাৰত এতিয়া সহজে উপলব্ধ কঁঠালৰ গুটি। কঁঠালৰ গুটিৰ কি কি উপকাৰিতা আছে জানো আহক-
১. বলিৰেখা কমাই
কঁঠালৰ গুটি পিহি ঠাণ্ডা গাখীৰৰ সৈতে মুখত লগালে মুখৰ পৰা বলিৰেখা আঁতৰে। ইয়াৰ উপৰিও ছালখন টান কৰি ৰাখে।
২. পেশীৰ শক্তি বৃদ্ধি কৰে
কঁঠালৰ গুটিত প্ৰচুৰ পৰিমাণে প্ৰটিন থাকে। ইয়াৰ উপৰিও বহুতো ভিটামিন সম্পূৰ্ণৰূপে কলেষ্টেৰল মুক্ত। এই গুটি ওজন কমাবলৈ উপকাৰী আৰু একে সময়তে পেশীৰ শক্তি বৃদ্ধিৰ বাবেও উপকাৰী।
৩. ৰক্তহীনতা দূৰ কৰে
কঁঠালৰ গুটিত প্ৰচুৰ পৰিমাণে আইৰণ থাকে, যিয়ে তেজত হিম’গ্লবিন বৃদ্ধি কৰাত সহায় কৰে। ইয়াৰ উপৰিও হৃদযন্ত্ৰ আৰু মগজুৰ সুস্থ স্বাস্থ্য বজাই ৰাখে।
৪. চুলি ভালদৰে ৰাখে
কঁটালৰ গুটিত প্ৰচুৰ পৰিমাণে ভিটামিন এ থাকে। যিয়ে চুলিৰ সমস্যা দূৰ কৰি চকুৰ সুস্বাস্থ্য বজাই ৰখাত সহায় কৰে।
৫. পাচনত সহায় কৰে
কঁঠালৰ গুটিত থকা আঁহে পাচনত সহায় কৰে। কোষ্ঠকাঠিন্যৰো উপশম দিয়ে। আয়ুৰ্বেদত কঁঠালৰ গুটি ৰ’দত শুকুৱাই গুড়ি কৰি নিয়মিতভাৱে খোৱাৰ পৰামৰ্শও দিয়ে !