জেকলিন ফাৰ্নাণ্ডেজৰ অনুৰাগীৰ বাবে এক ডাঙৰ খবৰ। জেকলিন ফাৰ্নাণ্ডেজৰ মাতৃ আই চি ইউত ভৰ্তি হৈ আছে। এই খবৰ ওলোৱাৰ পিছত অভিনেত্ৰীগৰাকীও সকলো কাম এৰি ঘৰলৈ উভতিল।(Jacqueline Fernandez Mother)
শেহতীয়াকৈ এই খবৰটো চেলিব্ৰিটি ফটোগ্ৰাফাৰ ভাইৰাল ভায়ানীয়ে নিজৰ ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰিছিল, য’ত কোৱা হৈছিল যে অভিনেত্ৰী জেকলিনৰ মাতৃৰ স্বাস্থ্যৰ হঠাৎ অৱনতি ঘটিছিল, তাৰ পিছত লগে লগে তেওঁক চিকিৎসালয়লৈ লৈ যোৱা হৈছিল। একে সময়তে তেওঁৰ পৰিয়ালৰ সৈতে জড়িত সূত্ৰ অনুসৰি চিকিৎসকে তেওঁৰ অৱস্থা গুৰুতৰ বুলি বিবেচনা কৰি আই চি ইউত ভৰ্তি কৰিছে। অৱশ্যে তেওঁৰ অসুস্থতাৰ কোনো আনুষ্ঠানিক তথ্য দিয়া হোৱা নাই।
একাংশ সংবাদ মাধ্যমৰ বাতৰি অনুসৰি তেওঁৰ অৱস্থা সংকটজনক হৈ আছে আৰু চিকিৎসকে তেওঁৰ স্বাস্থ্যৰ ওপৰত অহৰহ নিৰীক্ষণ কৰি আছে। জেকলিন সদায় মাক-দেউতাকৰ সৈতে অতি ঘনিষ্ঠ আৰু মাকৰ স্বাস্থ্যৰ অৱনতি ঘটাৰ খবৰ পোৱাৰ লগে লগে ঘৰলৈ উভতি য়ায়। কোৱা হৈছে যে এতিয়ালৈকে তেওঁৰ মাতৃৰ অৱস্থাৰ কোনো উন্নতি হোৱা নাই, যাৰ বাবে পৰিয়াল আৰু অনুৰাগীৰ মাজত উদ্বেগজনক পৰিৱেশ বিৰাজ কৰিছে।
অৱশ্যে চিকিৎসকে তেওঁৰ অৱস্থা অতি সোনকালে উন্নত কৰাৰ বাবে চেষ্টা চলাইছে। বৰ্তমান তেওঁৰ স্বাস্থ্য সন্দৰ্ভত চিকিৎসালয়খনে কোনো আপডেট জাৰি কৰা নাই। একে সময়তে অনুৰাগী আৰু জেকলিনৰ ঘনিষ্ঠ লোকসকলে তেওঁৰ আশু আৰোগ্যৰ বাবে প্ৰাৰ্থনা কৰিছে। আনকি ছ’চিয়েল মিডিয়াতো অভিনেত্ৰীগৰাকীৰ অনুৰাগীয়ে তেওঁৰ স্বাস্থ্যৰ বাবে প্ৰাৰ্থনা কৰি জেকলিনক উৎসাহিত কৰিছে। জেকলিনৰ পৰা এতিয়ালৈকে কোনো আনুষ্ঠানিক বিবৃতি লাভ কৰা নাই।