চেলেংহাটৰ সমাজ কৰ্মী তুষাৰ পাললৈ ‘জাফা’ৰ বঁটা

ৰাজ্যৰ সাংবাদিক – সংবাদকৰ্মী সকলোৰ অগ্ৰণী সংগঠন জাৰ্ণেলিষ্ট এচোচিয়েছন ফৰ আসাম চমুকৈ জাফাই সংগঠনটোৰ Jafa Achievers Award 2021ৰ বিভিন্ন শিতানৰ বঁটা প্ৰাপকৰ নাম সমুহ  ঘোষণা কৰে ।  জাফাৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি অভিদ্বীপ চৌধুৰী , কাৰ্যকৰী সভাপতি পংকজ ডেকা আৰু সম্পাদক প্ৰধান কুঞ্জ মোহন ৰায়ে এক বিবৃতি যোগে বঁটা প্ৰাপকৰ নাম সমুহ ঘোষণা কৰে । জাফাই এইবাৰ নিৰ্বাচিত কৰা বিভিন্ন শিতানৰ বঁটা প্ৰাপক সকলৰ ভিতৰত চেলেংহাটৰ সমাজ কৰ্মী তথা শৰীৰ চৰ্চাবিদ তুষাৰ পাললৈও বিগত সাত বছৰেও অধিক সময় ড্ৰাগছ আৰু সুৰা বিৰোধী বিভিন্ন কাৰ্যসূচিৰ লগতে সমাজৰ বিভিন্ন ক্ষেত্ৰত সেৱা আগবঢ়োৱা অৱদানৰ  বাবে  এই বঁটা প্ৰাপকত নাম অন্তৰ্ভুক্ত হবলৈ পাইছে বুলি জানিব পৰা গৈছে।উল্লেখ্য যে ‘জাফাই’ এইবাৰ বিভিন্ন শিতানত ২৭ গৰাকী বিশিষ্ট ব্যক্তিক বিভিন্ন শিতানৰ বঁটা প্ৰদানৰে সন্মানিত কৰিব । এই ২৭ গৰাকী বঁটা প্ৰাপকৰ ভিতৰত ২১ গৰাকী সাংবাদিক । অহা ২৮ নবেম্বৰত গুৱাহাটীৰ লাষ্টগেটত থকা লোকনিৰ্মাণ বিভাগৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হ’বলগীয়া এক অনুষ্ঠানত এই বঁটা সমুহ প্ৰদান কৰা হ’ব বুলি জানিব পৰা গৈছে।

Related Articles