জাগুণত ‘আলি-আঃয়ে -লিগাং’ উদযাপন

আজি মিচিং জনগোষ্ঠীৰ কৃষি ভিত্তিক উৎসৱ ‘আলি-আঃয়ে-লিগাং’। আলি মানে বীজ, আঃয়ে মানে ফল আৰু লিগাং মানে ৰোপণ অৰ্থাৎ ফল উৎপাদনৰ বাবে বীজ ৰোপণ কৰাৰ আৰম্ভণি দিন।অসমৰ বিভিন্ন প্ৰান্তৰ লগতে তিনিচুকীয়া জিলাৰ জাগুণটো মিচিং বসতি প্ৰধান কেইবা ঠাইতো পৃথকে পৃথকে ‘আলি-আঃয়ে-লিগাং’ উদযাপন কৰা দেখা যায়।অতীজৰে পৰা প্ৰতি বছৰৰ ফাগুন মাহৰ প্ৰথমটো বুধবাৰে মিচিং সম্প্ৰদায়ৰ লোক সকলে পৰম্পৰাগত ভাৱে এই কৃষি ভিত্তিক উৎসৱ পালন কৰি আহিছে।

আজিৰ এই বিশেষ দিনটোত মিচিং সম্প্ৰদায়ৰ বৃদ্ধ-বৃদ্ধা, পুৰুষ-মহিলা,কিশোৰ-কিশোৰী সকলোৱে পৰম্পৰাগত সাজ-পোছাক পৰিধান কৰি মুকলি ঠাইত নিৰ্মাণ কৰি থোৱা টঙি ঘৰ, ভঁৰাল আৰু পি’ৰ(কঁহুৱা বন)ৰোপণ কৰি চাৰিও ফালে ঘূৰি ঘূৰি সমূহীয়াকৈ নৃত্য গীত পৰিৱেশন কৰি সকলোৰে মংগল কামনা কৰি আশীৰ্বাদ লোৱা দেখা যায়।মিচিং সম্প্ৰদায়ৰ পুৰুষ সকলে মিবু গা লুক(চোলা),এৰ কক দুমাৰ(গামোচা)আৰু মহিলা সকলে ৰিবি গা চেং(মেখেলা চাদৰ)পিন্ধি য়াম্ব(মেথনি) মাৰি নিজৰ পৰম্পৰা বজাই ৰখা দেখা যায়।

সকলো মাংগলীক আৰু সাংস্কৃতিক কাৰ্য সম্পন্ন হোৱাৰ পাছত মিচিং সম্প্ৰদায়ৰ পৰম্পৰাগত সুস্বাদু খাদ্য পুৰাং(টোপোলা ভাত),এ খ আদিন(গাহৰি মাংস)আৰু পৰ আপং(ছাই মদ) আদিৰে সমূহীয়াকৈ ভোজ ভাত খোৱা হয়।

Related Articles