Breaking

জালুকবাৰী লেখিকা সমাৰোহ সমিতিৰ বৈঠক সম্পন্ন

0 14

জালুকবাৰী লেখিকা সমাৰোহ সমিতিৰ ঊনত্ৰিংশৎ বৰ্ষৰ ষষ্ঠখন বৈঠক সভানেত্ৰী প্ৰজ্ঞা গোস্বামীৰ সভাপতিত্বত যোৱা ২৫ আগষ্ঠত গুৱাহাটী বিশ্ববিদ্যালয় আদৰ্শ ইংৰাজী বিদ্যালয়ত অনুষ্ঠিত হয় l

আৰম্ভনিতে কলকাতাৰ আৰ জি কৰ মেডিকেল কলেজ হস্পিটেলত চিকিৎসক মৌমিতা দেৱনাথৰ লগত সংঘটিত হোৱা ঘটনাৰ বাবে মৌন প্ৰতিবাদ কৰি তেঁওৰ বিদেহ আত্মাৰ সদগতিৰ বাবে ভগৱানৰ ওচৰৰ প্ৰাৰ্থনা জনোৱা হয় ।

শাখাৰ সদস্যাসকলৰ দ্বাৰা পৰিৱেশন কৰা আৰম্ভণী সংগীতৰ পাছতে সম্পাদিকা গীতিকা দাসে সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে l বৈঠকত স্বাধীনতা দিৱস আৰু মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ তিৰোভাৱ তিথিৰ লগত সংগতি ৰাখি বিভিন্ন জনে লিখনি পাঠ কৰে।

এই স্বৰচিত লেখা পাঠ অনুষ্ঠানত প্ৰৱন্ধ পাঠ কৰে মানসী শৰ্মা, গীতিকা দাস, বৈজয়িন্তী ৰাভা, ভাৰতী দাস, দিপালী মেধি, ড. মীনা দেৱী আৰু ৰেণু ডেকাই। বৰগীত পৰিবেশন কৰে গীতিকা শৰ্মা আৰু পুৰণি অসমীয়া গীত পৰিবেশন কৰে অঞ্জু শইকীয়া দত্তই ।

স্ব ৰচিত কবিতা পাঠ কৰে মণিমা গোস্বামী, অঞ্জনা ৰাণী ভট্টাচাৰ্য, মামনি শৰ্মা আৰু মামনি ভট্টাচাৰ্যই। উক্ত দিনটোত অসমীয়া ভাষা সাহিত্যৰ উন্নতি সাধিনী সভাৰ প্ৰতিষ্ঠা হোৱা উপলক্ষত ইয়াৰ বিষয়ে বিস্তৃত বক্তব্য আগবঢ়াই অপৰ্ণা দেৱীয়ে। সভাত সদস্যাসকলে মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ নামঘোষাৰ পদ আৰু ঘোষা পাঠ কৰে। সভাপতিৰ মন্তব্যৰ পাছত শলাগৰ শৰাই আগবঢ়াই অঞ্জনা ৰাণী ভট্টাচাৰ্য্যই।

Leave A Reply

Your email address will not be published.