Janata Bhavan জনতা ভৱনৰ পৰাই লুণ্ঠনৰ জাল পেলাই কোনে কোনে লুটিলে মটক কাউন্সিলৰ কোটি কোটি টকা

Janata Bhavan প্ৰৱঞ্চক অসীম দাসৰ সৈতে কি সম্পৰ্ক মন্ত্ৰী সঞ্জয় কিষাণৰ?
জনতা ভৱনৰ পৰাই লুণ্ঠনৰ জাল পেলাই কোনে কোনে লুটিলে মটক কাউন্সিলৰ কোটি কোটি টকা?

দৈনন্দিন বাৰ্তাৰ সেৱা, ২৫ ছেপ্টেম্বৰ

Janata Bhavan ৰাজ্যত অন লাইন ট্ৰেডিং কেলেংকাৰিৰ জোকাৰণি মাৰ নৌযাওতেই পোহৰলৈ আহিছে আন এক বিয়াগোম কেলেংকাৰিৰ কথা। এই কেলেংকাৰিত জড়িত আছে খোদ বিজেপিৰেই এগৰাকী নেতা। বিজেপিৰ অনুসূচিত জাতি মৰ্চাৰ ৰাজ্যিক সাধাৰণ সম্পাদক অসীম দাসক মটক কাউন্সিলৰ নামত জালিয়াতিৰে কোটি কোটি টকা সৰকোৱাৰ অভিযোগত ক্ৰাইম ব্ৰান্সে ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে। অসীম দাসৰ লগতে জালত পৰিছে বিৰিঞ্চি বৰকটকী আৰু নিৰঞ্জন দাস নামৰ দুই প্ৰৱঞ্চকো। জানিব পৰা মতে এই চক্ৰটোৰ সৈতে জড়িত আন কেইবাজনো লোক এতিয়াও লতক অৱস্থাতে আছে। আমাৰ হাতত পৰা তথ্য অনুসৰি নয়ডাৰ অমৃত জালীনী, অৰ্জুন মেহতাৰ লগতে গুৱাহাটীৰ জাকিৰ হুছেইন নামৰ লোকসকলো এই কেলেংকাৰিৰ সৈতে জড়িত যদিও তেওঁলোকক এতিয়াও আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিব পৰা নাই। মটক কাউন্সিলৰ নামত ধন সৰকোৱা চক্ৰটোৰ মূল অভিযুক্ত কেইজন আৰক্ষীৰ জালত পৰাৰ পিছতে প্ৰেক্ষাপটলৈ আহিছে মন্ত্ৰী সঞ্জয় কিষাণৰ নাম। জানিব পৰা মতে প্ৰৱঞ্চক চক্ৰটোৰ একাংশই মন্ত্ৰী কিষাণৰ নাম ব্যৱহাৰ কৰি ধন সৰকাই গৈছিল। মন্ত্ৰীৰ নাম লৈয়েই প্ৰৱঞ্চক চক্ৰটোৱে দিছপুৰত বহিয়েই চলাই গৈছিল লুণ্ঠন। সামগ্ৰী যোগানৰ নামত ভুৱা ৱৰ্ক অৰ্ডাৰ দি তেওঁলোকে কোটি কোটি টকা লুট কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হোৱাৰ সময়তে পিছে মন্ত্ৰী সঞ্জয় কিষাণে চক্ৰটোৰ সৈতে কোনো পধ্যে জড়িত নহয় বুলি স্পষ্টীকৰণ দিছে। বিশেষ সূত্ৰই প্ৰকাশ কৰা মতে ইতিমধ্যে বিজেপিৰ পৰা অব্যাহতি দিয়া অসীম দাসে ২০২৬ৰ বিধানসভা নিৰ্বাচনৰ প্ৰাৰ্থিত্ব প্ৰত্যাশী আছিল। অসীম দাসক সমগ্ৰ কেলেংকাৰিটো সংঘটিত কৰাত সহায় কৰিছিল ক্ষুদ্ৰ সঞ্চয় সঞ্চালকালয়ৰ অৱসৰপ্ৰাপ্ত প্ৰচাৰ বিষয়া বিৰিঞ্চি বৰকটকীয়ে। অভিযোগ অনুসৰি বিৰিঞ্চি বৰকটকীক ভুৱা আইএএছ বিষয়া হিচাবে মানুহৰ আগত চিনাকী কৰাই দিয়া হৈছিল আৰু বি এন শৰ্মা ছদ্মনামেৰে দিছপুৰত বহিয়েই তেওঁ ভুৱা ৱৰ্ক অৰ্ডাৰত চহী কৰি গৈছিল। জনতা ভৱনৰ কনফাৰেন্স হলত বৰকটকীয়ে বহি লৈছিল আৰু তাৰ পৰাই পেলাইছিল লুণ্ঠনৰ জাল। ইতিমধ্যে এই চক্ৰটোৰ বিৰুদ্ধে দিছপুৰ থানা আৰু ক্ৰাইম ব্ৰান্সত একাধিক গোচৰ ৰুজু কৰা হৈছে। ক্ৰাইম ব্ৰান্সৰ গোচৰ নম্বৰ হৈছে ১৩, ২০২৪। প্ৰাপ্ত তথ্য অনুসৰি দিছপুৰ থানাৰ গোচৰটো ৩ কোটি ৭১ লাখ টকা জালিয়াতিৰে সৰকাই নিয়াৰ বাবে ৰুজু কৰা হৈছে। একেদৰে ক্ৰাইম ব্ৰান্সৰ গোচৰটো ৪ কোটি টকাৰ জালিয়াতিৰ গোচৰ। এই চক্ৰটোৱে বাংগালুৰুৰ মানফো এক্সপোৰ্ট নামৰ কোম্পানীটোক ভুৱা ৱৰ্ক অৰ্ডাৰ দি বিশাল অংকৰ ধন সৰকাইছিল। ইপিনে এই চক্ৰটোৰ সৈতে মন্ত্ৰী সঞ্জয় কিষাণৰ নাম সাঙোৰ খাই পৰাত মন্ত্ৰীগৰাকীয়ে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে। সংবাদমাধ্যমৰ আগত মন্ত্ৰী কিষাণে কয় যে অসীম দাসৰ ঘটনাৰ লগত তেওঁ কোনো দিশৰ পৰাই জড়িত নহয় । তেওঁ লগতে কয় যে তেওঁৰ তেনে নমৰ কোনো ব্যক্তিগত সহায়কো নাই। মন্ত্ৰী কিষাণে কয়- আদিবাসী কাউঞ্চিল নতুন বিভাগ আৰু এই বিভাগটোৰ মন্ত্ৰী মই নহয়।মোৰ ঘৰলৈ এনে কোনো মানুহো অহা নাই। জধে মধে মানুহ মোৰ ঘৰলৈ মানুহ নাহে। মোৰ অফিচেল পি এৰ বাহিৰে কোনো পি এ গুৱাহাটীত নাই । অৱশ্যে তিনিটুকীয়াত ৰাহুল শৰ্মা আছে। তেওঁ তাত থাকি মোৰ কাম-কাজ আদি তদাৰক কৰি আছে। অসীম দাসক মই ভালদৰে চিনিয়েই নাপাওঁ। ব্যক্তিগতভাৱে মই তেওঁক কোনো দিনে চিনি নাপাইছিলো। বি জে পিৰ লোক হলেও কোনো সাৰি নাযায়।এজাহাৰত উল্লেখিত M9 কোৱাৰ্টাৰ নম্বৰ মোৰ নহয়।মোৰ নামো সঞ্জয় খেইতান নহয় ।যদি কোনোয়ে‌ মোৰ নাম লৈছে তেওঁলোকৰ বিৰুদ্ধে মই আইনী ব্যৱস্থা লম। মন্ত্ৰী কিষাণৰ এনে স্পষ্টীকৰণৰ পিছতে এইকথা দিনৰ পোহৰৰ দৰেই ফটফটীয়া হৈ পৰিছে যে খোদ দিছপুৰত বহিয়েই, জনতা ভৱনত বহিয়েই কেবোৰ চক্ৰই দিনৰ পিছত দিন ধৰি উন্নয়নৰ নমত অহা ধন জালিয়াতিৰে সৰকাই আছে। জনতা ভৱনৰ কনফাৰেন্স হলৰ পৰাই পৰিচালিত হোৱা এনে লুণ্ঠনৰ কথা পূৰ্বে কোনেও জনা নাছিল নে বুলিও এতিয়া বহুতে প্ৰশ্ন কৰিছে। বহুতে দিছপুৰৰ নিৰাপত্তাৰ দিশটোকলৈয়ো প্ৰশ্ন উত্থাপন কৰা দেখা গৈছে।

অধিক খৱৰ পঢ়িবলৈ

নৱম শ্ৰেণীৰ ৩ লক্ষাধিক ছাত্র-ছাত্রীলৈ চাইকেল

Related Articles