Breaking

তিতাবৰত ঠেঙ্গাল কছাৰী জনগোষ্ঠীৰ মহীৰূহ ডঃ যোগেশ্বৰ বড়াক ‘জং বাহাদুৰ ঠেঙ্গাল ৰত্ন বঁটা” প্ৰদান…

0 34

তিতাবৰত ঠেঙ্গাল কছাৰী জনগোষ্ঠীৰ মহীৰূহ ডঃ যোগেশ্বৰ বড়াক ‘জং বাহাদুৰ ঠেঙ্গাল ৰত্ন বঁটা” প্ৰদান

লোককৃষ্টিৰ সাধক ভুৱন বড়াক ‘চক্ৰধ্বজ ঠেঙ্গাল সাহিত্য সংস্কৃতি বঁটা’, শিপিনী ৰেণু কছাৰী, সদ্য ঘোষিত ‘এম বি বি এছ’ পৰীক্ষাত উত্তীৰ্ণ শশাংক ৰাজ শইকীয়াক সম্বৰ্ধনা


সমগ্ৰ জীৱন ঠেঙ্গাল কছাৰী জনগোষ্ঠীৰ আত্মপৰিচয়, মৰ্যদা আৰু বিকাশৰ বাবে কাম কৰা ঠেঙ্গাল জনগোষ্ঠীৰ মহীৰূহ, তিতাবৰৰ প্ৰবীণ শিক্ষাবিদ, গৱেষক ডঃ যোগেশ্বৰ বড়াক কালি ‘জং বাহাদুৰ ঠেঙ্গাল ৰত্ন বঁটা’ৰে সন্মান প্ৰদান কৰা হয়। তিতাবৰৰ ঠেঙ্গাল কছাৰী সাংস্কৃতিক কেন্দ্ৰ আৰু সংগ্ৰহালয়ত ঠেঙ্গাল কছাৰী সাহিত্য সংস্কৃতি সভাৰ উদ্যোগত অনুষ্ঠিত অনুষ্ঠানত বঁটা প্ৰদানৰ লগতে ডঃ বড়াৰ বিভিন্ন সময়ত প্ৰকাশিত গৱেষণা ধৰ্মী প্ৰৱন্ধৰ নিৰ্বাচিত সংকলন ‘চীনৰ পৰা দৈয়াঙলৈ, ঠেঙ্গাল কছাৰীৰ উৎপত্তি আৰু তেওঁলোকৰ আৰ্থ-সামাজিক অৱস্থা’ শীৰ্ষক এখন গ্ৰন্থ উন্মোচন কৰা হয়। তদুপলক্ষে ঠেঙ্গাল কছাৰী সাহিত্য-সংস্কৃতি সভাৰ সভাপতি মহেন্দ্ৰ শইকীয়াৰ সভাপতিত্বত অনুষ্ঠিত সভাত বঁটা গ্ৰহণ কৰি আৱেগিক হৈ পৰা ডঃ বড়াই জনগোষ্ঠীৰ বিভিন্ন সমস্যা, প্ৰত্যাহ্বান আৰু সম্ভাৱনাময় স্থিতি আলোপাত কৰে। উল্লেখযোগ্য যে দেশৰ সংবিধানে স্বীকৃতি প্ৰদান কৰি অহা ৰাজ্যৰ ভৈয়াম জনজাতিসকলৰ অন্যতম ঠেঙ্গাল কছাৰীসকলে নিজৰ জাতি সত্তাৰ প্ৰকৃত পৰিচয় বিচাৰি সংগ্ৰাম অব্যাহত ৰখাৰ সময়ত জাতিৰ স্বকীয় পৰিচয় তুলি ধৰা সকলৰ অন্যতম আছিল ডঃ যোগেশ্বৰ বড়া । দেশৰ সংবিধান প্ৰদত্ত ৰাজ্যৰ ভৈয়াম জনগোষ্ঠীৰ মৰ্যদা লাভ কৰি কছাৰী স্বীকৃতি লাভ কৰি অহা ঠেঙ্গালসকল সোণোৱাল জনগোষ্ঠীৰ এটা গোট বুলি পৰিচিত হৈ আহিছিল। সোণোৱালসকলে দীৰ্ঘদিন ধৰি দাবী জনাই অহা প্ৰস্তাৱিত সোণোৱাল কছাৰী স্বয়ত্ব শাসিত পৰিষদৰ এলেকাত ঠেঙ্গাল কছাৰী জনগোষ্ঠীয় লোকৰ গাঁও অন্তৰ্ভুক্ত কৰি ৰূপৰেখা প্ৰস্তুত কৰাত জনগোষ্ঠীটোৰ

লোকসকলৰ মাজত ক্ষোভৰ সৃষ্টি হয়। ডঃ যোগেশ্বৰ বড়াই ঠেঙ্গাল কছাৰীসকলৰ এই ক্ষোভৰ নেতৃত্ব বহন কৰি ফাদিল কৰিলে জনগোষ্ঠীৰ নিজস্ব পৰিচয়। তথ্যসন্মত গৱেষণা আৰু ইতিহাস উদঙাই প্ৰকাশ কৰা ‘চীনৰ পৰা দৈয়াঙলৈ ঠেঙ্গাল কছাৰীৰ উৎপত্তি আৰু তেওঁলোকৰ আৰ্থ-সামাজিক অৱস্থা’ শীৰ্ষক প্ৰৱন্ধত ঠেঙ্গালসকল মংগোলীয় গোষ্ঠীৰ বড়ো মূলৰ পূৱ গোষ্ঠীৰ কছাৰী কুলৰ এটা গোট বুলি দাবী কৰি কয় যে ১৫২৬ খৃষ্টাব্দত আহোম স্বৰ্গদেউ চুহুংমুংৰ সৈতে হোৱা যুদ্ধত কছাৰীসকলে জয় লাভ কৰি গোলাঘাটৰ কাছমাৰী পথাৰত ৰাজ্য স্থাপন কৰা জংবাহাদুৰ ৰজাৰ বংশ পৰিয়াল আজিৰ ঠেঙ্গালসকল বুলি দাবী কৰে। কছাৰী ৰজা জংবাহাদুৰ আৰু তেওঁৰ সৈন্যসকলে যুদ্ধ আৰু তাৰ পৰৱৰ্তী সময়ত পিন্ধা এক বিশেষ সাজ (Pantaloom )ক ঠেঙ্গা বোলা হৈছিল। সেই সাজ পৰিধান কৰা বাবেই ৰজা আৰু তেওঁৰ সৈন্যসকলক ঠেঙ্গাল বুলি চৰ্চিত আৰু পৰিচিত হয়। সেই ৰাজ্যৰ সতী-সন্ততি আৰু প্ৰজাসকলৰ সমষ্টিয়ে আজিৰ ঠেঙ্গাল কছাৰী বুলি ডঃ যোগেশ্বৰ বড়াই দাবী কৰি লিখা গৱেষণা ধৰ্মীয় প্ৰৱন্ধ পৰৱৰ্তী সময়ত জনগোষ্ঠীটোৰ সম্পৰ্কত গবেষণাৰ দলিল ৰূপে স্বীকৃতি লাভ কৰি আহিছে।


ঐতিহাসিক সমল, যুক্তিৰে লিখা প্ৰৱন্ধৰে ঠেঙ্গালসকলৰ সুকীয়া পৰিচয় ডঃ বড়াই পুনৰ বাৰ প্ৰতিষ্ঠা কৰে। ঠেঙ্গাল কছাৰী জনগোষ্ঠীৰ প্ৰথম গৰাকী স্নাতকোত্তৰ আৰু প্ৰথম গৰাকী ডক্টৰেট ডিগ্ৰী প্ৰাপক, বিশিষ্ট গৱেষকগৰাকীয়ে আজিও জনগোষ্ঠীটোৰ বিভিন্ন বিষয়ত সক্ৰিয়তাৰে কাম কৰি আছে। তিতাবৰৰ নন্দনাথ শইকীয়া মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ডঃ বড়াক সন্মান প্ৰদান কৰা এই অনুষ্ঠানত ঠেঙ্গাল কছাৰী সাহিত্য সংস্কৃতি সভাই প্ৰকাশ কৰি উলিওৱা ডঃ বড়াৰ লেখাৰ নিৰ্বাচিত সংকলন আৰু “folk Elements in Ramasarasvati” শীৰ্ষক গৱেষণা পত্ৰ উন্মোচন কৰে বিশিষ্ট গৱেষক, জগন্নাথ বৰুৱা মহাবিদ্যালয়ৰ ভূতত্ব বিভাগৰ মুৰব্বী অধ্যাপক ডঃ ৰক্তিম ৰঞ্জন শইকীয়াই । সভাৰ সম্পাদক ৰক্তিম শইকীয়াই উদ্দেশ্য ব্যাখ্যা কৰা সভাত ঠেঙ্গাল কছাৰী জনগোষ্ঠীৰ হেৰাই যোৱা মান বস্ত্ৰ (গায়নৰ টঙালি) পুনৰ উদ্ধাৰ কৰি উন্মোচন কৰা হয়। তিতাবৰৰ ২ নং বেবেজিয়া গাঁৱৰ মহিলাসকলে পৰিৱেশন কৰা দিহানামেৰে শুভাৰম্ভ হোৱা অনুষ্ঠানৰ মূল সভাত ঠেঙ্গাল কছাৰী স্বায়ত্বশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰতাপ কছাৰী, চাহ জনগোষ্ঠীয় জাতীয় মহাসভাৰ মুখ্য সম্পাদক অৰুণ কাঁৱাৰ, অভিনেতা ৰাজীৱ ক্ৰ, যোৰহাট জিলা সাহিত্য সভাৰ সভাপতি ভৱ গোস্বামী আদিয়ে অংশগ্ৰহণ কৰি ভাষণ প্ৰদান কৰে।। ঠেঙ্গাল কছাৰী জনগোষ্ঠীৰ কালৰ বুকুত হেৰাই যোৱা বিভিন্ন লোককৃষ্টি সম্পদ সংৰক্ষণ কৰি অহা তিতাবৰ কছাৰী গাঁৱৰ ভুৱন বড়াক অনুষ্ঠানত ‘চক্ৰধ্বজ ঠেঙ্গাল সাহিত্য সংস্কৃতি বঁটা’ প্ৰদান কৰা হয। অন্যহাতে ৰাজ্যৰ হস্ততাঁত বস্ত্ৰ শিল্পলৈ গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াই অহা জনগোষ্ঠীটোৰ উদ্যমী মহিলা তিতাবৰ বেবেজিয়া কছাৰী গাঁৱৰ ৰেণু কছাৰী আৰু সদ্যঘোষিত চিকিৎসাশাস্ত্ৰত স্নাতক (এম বি বি এছ) পৰীক্ষাত উজ্বলি উঠা তিতাবৰৰ সন্তান শশাংক ৰাজ শইকীয়াক সভাত উষ্ম সম্বৰ্ধনা জ্ঞাপন কৰা হয়। উল্লেখ্য যে, আয়োজক সমিতিয়ে সংবাদ মাধ্যমৰ স্থানীয় বহুকেইগৰাকী প্ৰতিনিধিক নিমন্ত্ৰণ নজনোৱাৰ বাবে ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে বুলি জানিব পৰা গৈছে।

Leave A Reply

Your email address will not be published.