Breaking

ৰাজ্যৰ বিভিন্ন প্ৰান্তত ভয়াৱহ ৰূপ ধাৰণ কৰিছে জাপানীজ এনকেফেলাইটিছে ! জাপানীজ এনকেফেলাইটিছৰ পৰা নিজকে কেনেকৈ ৰক্ষা কৰিব জানক…

0 54

ৰাজ্যৰ বিভিন্ন প্ৰান্তত ভয়াৱহ ৰূপ ধাৰণ কৰিছে জাপানীজ এনকেফেলাইটিছে । এনকেফেলাইটিছৰ ক্ষেত্ৰত কিউলেক্স প্ৰজাতিৰ মহৰ কামোৰত প্ৰথমে জ্বৰ হয় । তাৰ পিচত লাহে লাহে স্বাস্থ্যৰ অৱনতি ঘটে । সেয়ে এই ভয়াৱহ ৰোগবিধৰ লক্ষণ তথা সাৱধানতাসমূহ জানি লওক ৷

-এই ভাইৰাছৰ প্ৰাথমিক সংক্ৰমণ চক্ৰ কেনে ধৰণৰ?

এই ভাইৰাছৰ দ্বাৰা আক্ৰান্ত ঘৰচীয়া গাহৰি আৰু চৰাইক কামোৰাৰ ফলত মহৰ গালৈ এই ভাইৰাছ সংক্ৰমিত হয়। এনে মহে যেতিয়া মানুহ বা আন প্ৰাণীক কামোৰে তেতিয়াই ইয়াৰ দ্বাৰা কামোৰা প্ৰাণী সংক্ৰমিত হয়। ঘৰচীয়া গাহৰি আৰু বনৰীয়া চৰাইৰ দেহৰ তেজৰ মাজত এই ভাইৰাছৰ বৃদ্ধি হয়।

আক্ৰান্ত ব্যক্তিৰ গাৰ পৰা এই ৰোগ ওচৰত থকা এজনলৈ বিয়পিব পাৰেনে?

নোৱাৰে, জাপানীজ এনকেফেলাইটিছ মানুহৰ স্পৰ্শৰ যোগে সোঁচৰা বেমাৰ নহয়। উদাহৰণস্বৰূপে, আক্ৰান্ত ব্যক্তিক বা ব্যক্তিয়ে স্পৰ্শ কৰিলে চুমা খালে, অথবা এনে ৰোগীক চিকিৎসা কৰি থকা স্বাস্থ্যকৰ্মীৰ জৰিয়তে এই ৰোগ বিয়পিব নোৱাৰে।

জাপানীজ এনকেফেলাইটিছৰ লক্ষণ

চিডিচিৰ মতে জাপানীজ এনকেফেলাইটিছ (JE) ভাইৰাছে প্ৰায়ে কোনো লক্ষণ দেখা নিদিয়ে । কিন্তু, এই লক্ষণসমূহৰ বেছিভাগেই প্ৰাৰম্ভিক স্তৰত দেখা যায় ।

  • জ্বৰ
  • মূৰৰ বিষ
  • বমি
  • মানসিক অৱস্থাৰ পৰিৱৰ্তন
  • স্নায়ুজনিত লক্ষণ
  • দুৰ্বলতা
  • গতিবিধি
  • এটেক (শিশুৰ ক্ষেত্ৰত)

ভাৰতত এই ৰোগৰ কিবা ঔষধ পোৱা যায়নে?

পোৱা যায়। ইনএক্টিভেটেড মাউছ ষ্টেইন- ভেৰিভেট জাপানীজ এনকেফেলাইটিছ ভেকছিন নামৰ এই ঔষধ হিমাচল প্ৰদেশৰ কৌশলীত থকা কেন্দ্ৰীয় গৱেষণা প্ৰতিস্থানত প্ৰস্তুত কৰা হয়।

জাপানীজ এনকেফেলাইটিছৰ কোনো বিশেষ চিকিৎসা উপলব্ধ নহয় । ইয়াৰ লক্ষণৰ ভিত্তিত চিকিৎসকে চিকিৎসা কৰে । জিৰণি, তৰল পদাৰ্থ, আৰু বিষনাশক ঔষধে কিছুমান লক্ষণৰ পৰা উপশম পাব পাৰে । সাধাৰণতে যত্ন আৰু পৰ্যবেক্ষণৰ বাবে চিকিৎসালয়ত ভৰ্তি হোৱাৰ প্ৰয়োজন হয় ।

জাপানীজ এনকেফেলাইটিছ ভাইৰাছৰ সংক্ৰমণ প্ৰতিৰোধৰ আটাইতকৈ উত্তম উপায় হ’ল মহৰ পৰা নিজকে ৰক্ষা কৰা । ইয়াৰ বাবে লং স্লীভ চাৰ্ট আৰু পেণ্ট পৰিধান কৰক । লগতে জাপানীজ এনকেফেলাইটিছৰ পৰা পৰিত্ৰাণ পাবলৈ তলত উল্লেখিত এই টিপছসমূহ মানি চলিব পাৰে ৷

Leave A Reply

Your email address will not be published.