Breaking

ৰাজ্যত ভয়াৱহ ৰূপ লৈছে জাপানীজ এনকেফেলাইটিছ ! বৰ্তমানলৈ JEত আক্ৰান্ত ২২জন লোকৰ GMCHত মৃত্যু…

0 14

ৰাজ্যৰ বান পৰিস্থিতি উন্নত হোৱাৰ পাচতে ৰাজ্যৰ বিভিন্ন প্ৰান্তত দেখা দিছে জাপানীজ এনকেফেলাইটিছ, ডেংগু আদি ৰোগৰ ভয়াৱহ সংক্ৰমণ ৷ জিলা বিশেষে এনে ৰোগত আক্রান্ত ৰোগীৰ মৃত্যুও ঘটিছে ।ৰাজ্যৰ বিভিন্ন জিলাৰ লগতে লখিমপুৰ জিলাতো জাপানীজ এনকেফেলাইটিছ, ডেংগু আদি ৰোগৰ প্ৰাৰ্দুভাৱ ঘটিছে ।

জিলাখনৰ স্বাস্থ্য বিভাগৰ তথ্য অনুসৰি চলিত বৰ্ষৰ জানুৱাৰী মাহৰ পৰা 31 জুলাইলৈ জিলাখনৰ জ্বৰ আদি ৰোগত ভোগা 63 হাজাৰ 918 জন লোকৰ ৰক্তৰ নমুনা সংগ্রহ কৰি পৰীক্ষা কৰা হৈছে । ইয়াৰ ভিতৰত জাপানী এনকেফেলাইটিছ সদৃশ ৰোগত আক্রান্ত হোৱা বুলি সন্দেহ প্ৰকাশ কৰি 64 জন লোকৰ ৰক্ত পৰীক্ষা কৰা হয় । এই পৰীক্ষাত 17 জন লোক জাপানীজ এনকেফেলাইটিছত আক্রান্ত বুলি ধৰা পৰে ।

আনহাতে, জাপানীজ এনকেফেলাইটিছ সদৃশ ৰোগত এজন লোকৰ মৃত্যু ঘটিছে বুলি জানিব পৰা গৈছে । ৰাজ্যত ভয়াৱহ ৰূপ লৈছে জাপানীজ এনকেফেলাইটিছে ৷ বৰ্তমানলৈ JEত আক্ৰান্ত ২২জন লোকৰ GMCHত মৃত্যু ৷ এই সন্দৰ্ভত GMCHৰ অধীক্ষক ডাঃ অভিজিৎ শৰ্মাৰ প্ৰতিক্ৰিয়া প্ৰকাশ ।

Leave A Reply

Your email address will not be published.