Breaking

গুৱাহাটীত ‘জেভলিন ডে’ উদযাপনৰ প্ৰস্ততি, ৭আগষ্টত দিনযোৰা কাৰ্যসূচী-প্ৰতিযোগিতা…

0 16

ভাৰতীয় এথলেটিকছ ফেডাৰেচনৰ নিৰ্দেশ মর্মে আগন্তুক ৭ আগষ্ট ২০২৪ তাৰিখে টকিঅ’ অলিম্পিকত স্বর্ণ পদক প্রাপ্তিৰে ইতিহাস ৰচনা কৰা এথলিট নিৰজ চোপ্ৰাৰ বাবে উক্ত দিনটো সমগ্র দেশৰ লগতে অসমতো “জেভলিন ডে” হিচাপে উদযাপিত হ’ব। অসম এথলেটিকছ সন্থাই গুৱাহাটীৰ সৰুসজাই এথলেটিকছ ষ্টেডিয়ামত দিনজোৰা কাৰ্যসূচীৰে ১৬, ১৮, ২০ বছৰ অনুৰ্দ্ধৰ ল’ৰা-ছোৱালী আৰু পুৰুষ-মহিলা শাখাত ৰাজ্যিক ভিত্তিত এখনি জেভলিন প্রতিযোগিতাৰ আয়োজন কৰিছে।

উক্ত প্রতিযোগিতা প্ৰতিখন জিলাৰ খেলুৱৈসকলক অংশগ্রহণ কৰিবলৈ অসম এথলেটিকছ অনুৰোধ কৰা জনাইছে। খেলুৱৈ আৰু প্ৰতিনিধিসকলৰ নামৰ লগতে ভ্রাম্যভাষ নম্বৰ ৪আগষ্ট ২০২৪ তাৰিখৰ ভিতৰত অসম এথলেটিকছ সন্থাৰ মেইলত প্ৰেৰণ কৰিবলৈ অনুৰোধ জনাইছে।

Leave A Reply

Your email address will not be published.