JEE Main 2025 Exam Structure: মূল আৰ্হিলৈ ঘূৰি যাব JEE Main পৰীক্ষাৰ গাঁথনি; খ শাখাত অন্তৰ্ভুক্ত কৰা হ’ব কেৱল ৫টা প্ৰশ্ন

নিউজ ডেস্ক, ১৮ অক্টোবৰ: ক’ভিড-১৯ মহামাৰীৰ সময়ত প্ৰৱৰ্তন কৰা JEE Main পৰীক্ষাৰ ঐচ্ছিক বাছনি প্ৰক্ৰিয়া বন্ধ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থা চমুকৈ NTAয়ে । এই সিদ্ধান্ত গ্ৰহণৰ লগে লগে ২০২৫ চনত হ’ব লগা যুটীয়া প্ৰৱেশ পৰীক্ষা (JEE Main)ৰ প্ৰশ্নকাকতৰ আৰ্হিত কিছু নতুন পৰিৱৰ্তন দেখিবলৈ পোৱা যাব। অৰ্থাৎ JEE Main 2025 ৰ পৰীক্ষা মহামাৰীৰ পূৰ্বৰ আৰ্হিলৈ ঘূৰি আহিব(JEE Main 2025 Exam Structure) । ফলস্বৰূপে প্ৰাৰ্থীসকলে পৰীক্ষাৰ খ শাখাত পাঁচোটা প্ৰশ্নৰে উত্তৰ দিব লাগিব।

ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থাই (National Testing Agency) জাৰি কৰা জাননী অনুসৰি, ক’ভিড মহামাৰীৰ আৰম্ভণিৰ সময়চোৱাত সংস্থাটোৱে JEE (Main) ২০২১ চনৰ পৰীক্ষাত প্ৰতিটো বিষয়ৰ Section B ত এটা বিকল্প প্ৰশ্ন বাছনি কৰাৰ সুবিধা প্ৰদান কৰিছিল য’ত পৰীক্ষাৰ্থীয়ে ১০ টা প্ৰশ্নৰ ভিতৰত যিকোনো পাঁচটা প্ৰশ্নৰ প্ৰয়াস কৰাৰ সুবিধা লাভ কৰিছিল(NTA JEE Main notice)।

মূল আৰ্হিলৈ ঘূৰি যাব JEE Main পৰীক্ষাৰ গাঁথনি

মহামাৰীৰ সময়চোৱাত সৃষ্টি হোৱা প্ৰত্যাহ্বানৰ সৈতে মোকাবিলা কৰিবলৈকে সাময়িকভাৱে পৰীক্ষাৰ এই গাঁথনিগত পৰিৱৰ্তন প্ৰৱৰ্তন কৰা হৈছিল আৰু ২০২৪ চনলৈকে JEE (Main) পৰীক্ষাৰ বাবে এই প্ৰক্ৰিয়া কাৰ্যকৰী হৈ আহিছে। অৱশ্যে এতিয়াৰ পৰা প্ৰতিটো বিষয়ৰ প্ৰশ্নকাকত দুটা শাখাত বিভক্ত কৰা হ’ব। ক শাখাত ২০টা আৰু খ শাখাত পাঁচটা প্ৰশ্ন থাকিব। এই প্ৰশ্নবোৰ পূৰ্ণসংখ্যাৰ ধৰণ(Integer-type)ৰ হ’ব।

এন টি এৰ জাননীখনত কোৱা হৈছে যে, “পৰীক্ষাৰ গাঁথনি পুনৰ মূল গাঁথনিলৈ ঘূৰি আহিব, য’ত খ শাখাৰ প্ৰতিটো বিষয়ত কেৱল পাঁচটা প্ৰশ্ন থাকিব, আৰু প্ৰাৰ্থীসকলে পাঁচোটা প্ৰশ্নৰেই প্ৰয়াস কৰিব লাগিব । অৰ্থাৎ JEE (Main) 2025 ৰ পৰীক্ষাত Paper 1 (B.E./B. Tech), Paper 2 A (B Arch) আৰু Paper 2 B (B Planning)ৰ বাবে কোনো বিকল্প প্ৰশ্ন নাথাকিব ।”

জাননীখনত উল্লেখ কৰা অনুসৰি, পঞ্জীয়ন প্ৰক্ৰিয়াৰ বাবে আগ্ৰহেৰে অপেক্ষা কৰি থকা দেশৰ লাখ লাখ প্ৰাৰ্থীক NTAৰ অফিচিয়েল ৱেবছাইটত পৰীক্ষাৰ আৰ্হি সম্পৰ্কীয় বিতং তথ্য আপডেট কৰা হ’ব। তাৰোপৰি JEE (Main) 2025 সম্পৰ্কীয় অধিক স্পষ্টীকৰণৰ বাবে প্ৰাৰ্থীসকলক শেহতীয়া আপডেটৰ বাবে NTAৰ অফিচিয়েল ৱেবছাইট www.nta.ac.in আৰু https://jeemain.nta.nic.in/ দুটাক চাই থাকিবৰ বাবে পৰামৰ্শ দিয়া হৈছে ।

জে ই ই মেইন পৰীক্ষাত থাকে তিনিটা শাখা অন্তৰ্ভূক্ত থাকে – পদাৰ্থ বিজ্ঞান, ৰসায়ন বিজ্ঞান, আৰু গণিত। ইয়াত সৰ্বমুঠ ৯০টা প্ৰশ্ন থকাৰ বিপৰীতে প্ৰতিটো শাখাত ৩০টা প্ৰশ্ন থাকে।

Related Articles