JNU Sweeper Arrested: JNUৰ অধ্যাপকৰ পত্নীৰ গা ধোৱা দৃশ্য মোবাইলত বন্দী কৰি গ্ৰেপ্তাৰ চাফাই কৰ্মী

নতুন দিল্লী, ২ অক্টোবৰ: জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ত (JNU) সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা । বিশ্ববিদ্যালয়খনৰ এগৰাকী অধ্যাপকৰ পত্নীয়ে বাথৰুমত গা ধুই থকাৰ অৱস্থাত এজন চাফাই কৰ্মীয়ে গোপনে তেওঁৰ ভিডিও প্ৰস্তুত কৰাৰ এক গুৰুতৰ অভিযোগ উত্থাপন হৈছে(JNU Sweeper Arrested)।

আৰক্ষীৰ তথ্য অনুসৰি, অভিযুক্ত চাফাই কৰ্মীটোৱে ছেপ্টেম্বৰ মাহৰ ৩০ তাৰিখৰ পুৱা পুৰণি ট্ৰেনজিট হাউচত থকা বাথৰুমত মহিলাগৰাকীয়ে গা ধুই থকাৰ অৱস্থাত নিজৰ মোবাইলেৰে মহিলাগৰাকীৰ গোপন ভিডিঅ’ বনাইছিল(Video of University professor wife bathing)।

সেই মুহূৰ্ততে চাফাই কৰ্মীটোৱে গোপনে ভিডিঅ’ বনাই থকা মহিলাগৰাকীয়ে লক্ষ্য কৰে আৰু লগে লগে চিঞৰিবলৈ আৰম্ভ কৰে। ইয়াৰ পিছতে চিঞৰ শুনি সেই স্থানত উপস্থিত হোৱা অন্য লোকে অভিযুক্তটোক ততালিকে আৱদ্ধ কৰি উত্তম মাধ্যম দিয়াৰ লগতে ততাতৈয়াকৈ আৰক্ষীক অৱগত কৰে । আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ চাফাই কৰ্মীটোৰ পৰা জব্দ কৰা মোবাইলটোৰ পৰা গোপন ভিডিঅ’টো ডিলিট কৰাৰ লগতে এটা গোচৰ ৰুজু কৰি চাফাই কৰ্মীটোক গ্ৰেপ্তাৰ কৰে।

দক্ষিণ-পশ্চিম দিল্লীৰ ডিচিপি ৰোহিত মীণাই কয় যে অভিযুক্ত যুৱকজন জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়(Jawaharlal Nehru University)ত ঠিকাভিত্তিত চাফাই কৰ্মী হিচাপে কাম কৰিছিল। যুৱকজনৰ দেউতাকেও জেএনইউত নন-টিচিং ষ্টাফ হিচাপে নিযুক্ত আছিল। আৰক্ষী বিষয়াগৰাকীয়ে জানিবলৈ দিয়া অনুসৰি, বিশ্ববিদ্যালয়খনৰ এগৰাকী অধ্যাপকে পত্নীৰ সৈতে জেএনইউৰ পুৰণি ট্ৰেনজিট হাউচত অৱস্থান কৰি আছিল।

আৰক্ষীৰ তদন্তত জানিব পৰা মতে, অভিযুক্ত যুৱকজনে ট্ৰেনজিট হাউচটোত থকা বাথৰুমটোৰ কাষলৈ আহি বহুদিন ধৰি এই কার্যকলাপ(Obscene activities) চলাই আছিল ।

Related Articles