Breaking

জোনাইৰ কেইবাখনো চৰ চাপৰি অঞ্চলত আৰক্ষী-অৰ্ধসামৰিক বাহিনীক লৈ বেদখলকাৰীৰ বিৰুদ্ধে জোনাই মহকুমা প্ৰশাসনৰ অভিযান

0 1,173

ধেমাজি জিলাৰ জোনাই ৰাজহ চক্ৰৰ অৰ্ন্তগত মুনমুনি- মাজিআলি চৰ অঞ্চলত চৰণীয়া ভূমিক একাংশ লোকে কৰা বেদখলক কেন্দ্ৰ কৰি গো পালক আৰু বেদখলকাৰীৰ মাজত বহু বছৰ ধৰি অব্যাহত সংঘাত৷ জোনাইৰ মুনমুনি-মাজিআলি চৰ অঞ্চলত চৰকাৰীভাৱে আৱন্তিত চৰণীয়া ভূমিৰ পৰা বেদখলকাৰীক উচ্ছেদৰ দাবীত বিভিন্ন সময়ত উক্ত ভূমিত থকা প্ৰায় শতাধিক গো পালকে ৰূপায়ণ কৰি আহিছে প্ৰতিবাদী কাৰ্যসূচী৷এনে সময়তে গো পালকসকলৰ অভিযোগৰ ভিত্তিত বৃহস্পতিবাৰে জোনাই আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনীক লগত লৈ মহকুমাধিপতিৰ নেতৃত্বত মুনমুনি-মাজিআলি চৰ চাপৰিত চলাই বেদখলকাৰী বিৰুদ্ধে অভিযান৷

ইফালে অভিযানৰ সময়ত মুনমুনি,মাজিআলি আদি অঞ্চলত গো পালক সকলৰ বাবে জোনাই ৰাজহ বিভাগে আৱণ্টিত চৰণীয়া ভূমিত একাংশ লোকে অবৈধ বাবে বেদখল কৰি ঘৰবাৰী,খেতি বাতি কৰি থকা প্ৰত্যক্ষ কৰে৷ ইফালে জোনাই ৰাজহ বিভাগে চৰকাৰীভাৱে আৱন্তিত উক্ত ভূমিত অব্যাহত থকা বিবাদক লৈ জোনাই মহকুমা প্ৰশাসনে স্থানীয় টি.এম.পি.কে’ৰ সহযোগত গো পালক আৰু বেদখলকাৰী মাজত এক সীমা ঠিক কৰা হৈ যদিও একাংশ বেদখলকাৰীয়ে চৰণীয়া পথাৰত বেদখল মুক্ত নকৰাৰ অভিযোগ লাভ কৰাত যোৱা বৃহস্পতিবাৰে জোনাই আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনীৰ সৈতে জোনাই মহকুমা প্ৰশাসনে মুনমুনি চাপৰিত উপস্থিত হয় পৰিদৰ্শন কৰে অঞ্চল সমূহ৷


প্ৰশাসনে পৰিদৰ্শনৰ সময়ত  চৰণীয়া পথাৰৰ  কেবাটাও  স্থানত একাংশ লোকে বেদখল কৰি ঘৰবাৰী সজাৰ লগতে খেতি বাতি কৰি অহা পৰিলক্ষিত হয়৷যাৰ ফলত জোনাই মহকুমাৰ মহকুমাধিপতি প্ৰদীপ কুমাৰ দ্বীবেদি আৰু জোনাই ৰাজহ চক্ৰ বিষয়া ৰিতু পল্লৱ বৰাই আইনী প্ৰক্ৰিয়াৰ সহায়ত অতি সোনকালে বেদখলকাৰী সকলক উক্ত স্থানৰ পৰা উচ্ছেদ কৰাৰ প্ৰতিশ্ৰুতি দিয়ে গো পালক সকলক৷

Leave A Reply

Your email address will not be published.